/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/loksabha-election-psd-copy.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ১৮ এপ্ৰিলত মুঠ ১২ৰাজ্যৰ ৯৬টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ পৰ্ব। দ্বিতীয় পৰ্যায়ৰ এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে মুঠ ৪৪গৰাকী বৰ্তমানৰ সাংসদ। কিন্তু লক্ষণীয় কথা যে, এই ৪৪জন সাংসদৰ ভিতৰত ৪জন এনে সাংসদ আছে, যিকেইজনে যোৱা লোকসভা অধিৱেশনবোৰৰ কাৰ্যক্ৰমণিকাত এটাও প্ৰশ্ন উত্থাপন কৰা নাছিল।
ইয়াৰ ভিতৰত অন্যতম আছিল জে ডি (এছ)ৰ মুৰব্বী এইচ ডি দেৱেগৌড়া। দেৱেগৌড়াৰ উপৰিও বিজেপিৰ যশৱন্ত সিং, কংগ্ৰেছৰ কে এই মুনিয়াপ্পা আৰু তৃণমূল কংগ্ৰেছৰ বিজয় চন্দ্ৰ বৰ্মনে ষষ্ঠদশ লোকসভা অধিৱেশনত উত্থাপন কৰা নাছিল এটাও প্ৰশ্ন।
উল্লেখ্য যে, ৪৪জন সাংসদৰ ভিতৰত শিৱসেনাৰ আনন্দ ৰাও আদচুলে সৰ্বাধিক ১০৬২টা প্ৰশ্ন উত্থাপন কৰি শীৰ্ষ স্থানত আছিল। তেওঁ ২০১৪চনৰ ১জুনৰ পৰা চলিত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীলৈকে এই প্ৰশ্ন সমূহ উত্থাপন কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us