দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, কোন দলৰ কিমান জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ…

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, কোন দলৰ কিমান জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১২ খন ৰাজ্যৰ ৯৬ টা সমষ্টিত ১৬৩৪ জন লোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ত্ৰিপুৰাত যদিও দ্বিতীয় পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল কিন্তু ত্ৰিপুৰাত অহা ২৩ এপ্ৰিলতহে অনুষ্ঠিত হ'ব নিৰ্বাচন। ত্ৰিপুৰাৰ ১০ জন প্ৰাৰ্থীকে ধৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ১৬৪৪জন প্ৰাৰ্থীৰ ভিতৰত এ ডি আৰে ১৫৯০ গৰাকী প্ৰাৰ্থীৰ শপতনামা পৰীক্ষা কৰি এক প্ৰতিবেদনত উল্লেখ কৰিছে যে ২৫১ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ। ইয়াৰে ১৬৭ জনৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰ। এ ডি আৰে দাখিল কৰা এই প্ৰতিবেদনত উল্লেখ কৰিছে যে, এই প্ৰাৰ্থী সকলৰ ৫৪ জনৰ শপতনামাত কিন্তু এই তথ্য সমূহ উল্লেখ কৰা নাই।

গুৰুতৰ ফৌজদাৰী অভিযোগত অভিযুক্ত প্ৰাৰ্থীসকলৰ ভিতৰত

  • কংগ্ৰেছৰ আছে ১৭
  • বিজেপিৰ ১০
  • বি এছ পিৰ ১০
  • এ আই এ ডি এম কেৰ ৩
  • ডি এম কেৰ ৭
  • শিৱসেনাৰ ১

উল্লেখ্য যে, দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৪১ টা সমষ্টিত ৰেড এৰ্লাট সমষ্টি হিচাপে ঘোষণা কৰিছে, কিয়নো এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ৩ জনকৈ অধিক প্ৰাৰ্থীৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ।