/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/6e3d6a98-7863-43e4-ba94-4529b5d73d02.jpg)
ডিজিটেল ডেস্কঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলৰ ভিতৰত প্ৰাক্তন প্রধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াও অন্যতম। ৯৫টা লোকসভা সমষ্টি আৰু ১২খন ৰাজ্যত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত উত্তৰপ্ৰদেশৰ ৮খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই কেইখন হ'ল- নাগিনা, আম্বৰা, বুৰন্দচহৰ, আলিগড়, হৰ্থাৰ্ছ, মথুৰা, আগাহ আৰু ফাটেহপুৰ চিটি।
নাগিনাৰ পৰা বিজেপিৰ সাংসদ যশৱন্ত সিঙে প্ৰতিদ্বন্দ্বিতা কৰিছে। কৰ্ণাটকৰ তুমকুৰ আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়াই। জম্মু-কাশ্মীৰত আজি ইভিএমত বন্দী হ'ব নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুলৰ ভাগ্য। তেওঁ শ্ৰীনগৰ সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে।
উধমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপি প্ৰাৰ্থী জিতেন্দ্ৰ সিঙে। মথুৰা সমষ্টিৰ পৰা এইবাৰ বিজেপি প্ৰাৰ্থীৰূপে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে অভিনেত্ৰী হেমা মালিনীয়ে। সেই সকল নামি-দামী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us