দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কিমানৰ পৰা কিমান বছৰ বয়সৰ প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা…

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কিমানৰ পৰা কিমান বছৰ বয়সৰ প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা…

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১২ খন ৰাজ্যৰ ৯৬ টা সমষ্টিত ১৬৩৪ জন লোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ত্ৰিপুৰাত যদিও দ্বিতীয় পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল কিন্তু ত্ৰিপুৰাত অহা ২৩ এপ্ৰিলতহে অনুষ্ঠিত হ'ব নিৰ্বাচন। ত্ৰিপুৰাৰ ১০ জন প্ৰাৰ্থীকে ধৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ১৬৪৪জন প্ৰাৰ্থীৰ ভিতৰত এ ডি আৰে ১৫৯০ গৰাকী প্ৰাৰ্থীৰ শপতনামা পৰীক্ষা কৰি এক প্ৰতিবেদনত প্ৰস্তুত কৰিছে। এই প্ৰতিবেদনত কিমানৰ পৰা কিমান বছৰ বয়সৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ এক হিচাপ উলিওৱা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা মতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৪৭০ জন পুৰুষ আৰু ১২০ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

  • ইয়াৰে ২৫ ৰ পৰা ৩০ বছৰ বয়সৰ প্ৰাৰ্থীৰ সংখ্যা – ১২৩ গৰাকী।
  • ৩১ ৰ পৰা ৪০ বছৰ বয়সৰ প্ৰাৰ্থী ৪০২ গৰাকী।
  • ৪১ ৰ পৰা ৫০ বছৰ বয়সৰ প্ৰাৰ্থী ৪৮৮ গৰাকী।
  • ৫১ৰ পৰা ৬০ বছৰ বয়সৰ প্ৰাৰ্থী- ৩১৭ গৰাকী।
  • ৬১ৰ পৰা ৭০ বছৰ বয়সৰ প্ৰাৰ্থী- ২০৪ গৰাকী।
  • ৭১ৰ পৰা ৮০ বছৰ বয়সৰ প্ৰাৰ্থী- ৪২ গৰাকী।
  • ৮১ৰ পৰা ১০০ বছৰ বয়সৰ প্ৰাৰ্থী- ৭ গৰাকী।

আনহাতে বাকী ৬ গৰাকী প্ৰাৰ্থীৰ সন্দৰ্ভত এ ডি আৰে কোনো তথ্য লাভ কৰা নাই বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।