/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/bjp_flag_01_750.jpg)
প্ৰতিকী ফটো
ডিজিটেল ডেস্কঃ এইবাৰ লোকসভা নিৰ্বাচনত অভিলেখ গঢ়িলে শাসকীয় দল বিজেপিয়ে। দলটোৰ ইতিহাসত আটাইতকৈ বেছি সংখ্যক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে এই নিৰ্বাচনত। বিজেপিয়ে এইবাৰ লোকসভা ৫৪৫খন আসনৰ ভিতৰত ৪৩৭খন আসনতেই প্ৰতিদ্বন্দ্বিতা কৰিছে।
উল্লেখযোগ্য যে, এইবাৰ বিজেপিয়ে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আদি ৰাজ্যত কোনো দলৰ সৈতে মিত্ৰতা কৰা নাই। এই ৰাজ্য দুখনত দলটোৱে ৪২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ২০০৯চনত বিজেপিয়ে ৪৩৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেইবাৰ কংগ্ৰেছে ৪৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
এই নিৰ্বাচনত বিজেপিয়ে ১১৬খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২০৬খন আসনত জয় লাভ কৰিছিল। ২০১৪চনৰ নিৰ্বাচনত বিজেপিয়ে ৪২৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ২৮২খন আসনত জয় সাব্যস্ত কৰিছিল। ইয়াৰ বিপৰীতে ৪৩৪খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছে কেৱল ৪৪খন আসনতহে বিজয়ী হৈছিল। ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৪২৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ইফালে, এইবাৰ নিৰ্বাচনত ১৩৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয় স্থানত আছে বিএছপি।