/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D65M6__U8AAL6Uy-1.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ৬টা পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে। আৰু দেওবাৰে অব্যাহত হৈ আছে সপ্তম অৰ্থাৎ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰমাজতেই উত্থাপন হৈছে এক ভয়ংকৰ অভিযোগ। উত্তৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ এদিন পূৰ্বে অৰ্থাৎ শনিবাৰেই ভোটাৰ ৰাইজক আঙুলিত ভোটদানৰ পাছত লগাব লগা চিঞাহী লগোৱাৰ লগতে ৫০০টকাকৈ দিয়াৰো অভিযোগ উত্থাপন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D65M-0kUIAER7h6.jpg)
দৰাচলতে উত্তৰপ্ৰদেশৰ চণ্ডোলী সংসদীয় সমষ্টিৰ অন্তৰ্গত জীৱনপুৰ গাঁৱৰ ৰাইজক অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ এদিনৰ পূৰ্বে আঙুলিত চিঞাহী লগাই ৫০০ টকাকৈ বিজেপি কৰ্মীয়ে দিয়াৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, এই কাৰ্যত গাঁওখনৰে ৩জন লোকো জড়িত। গাঁওখনৰ এজন লোকে কয়- 'তেওঁলোক বিজেপিৰ আছিল। লগতে তেওঁলোকে কয় যে, আমি আৰু ভোটদান কৰিব নোৱাৰিম আৰু কাকোৱেই এই সন্দৰ্ভত নজনাব।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D65NDe5UYAELzf-.jpg)
চণ্ডোলীৰ এছ ডি এম কুমাৰ হৰ্ষে এই সন্দৰ্ভতমন্তব্য কৰি কয়- 'অভিযোগকাৰী বৰ্তমান আৰক্ষী থানাত আছে। তেওঁলোকে অভিযোগ দাখিলকৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাব। তেওঁলোকে এতিয়াও ভোটাধিকাৰ সাব্যস্ত কৰিবপাৰিম। তেওঁলোকে এজাহাৰত লিখিব লাগিব যে তেওঁলোকৰ আঙুলিত জোৰ কৰি চিঞাহী লগোৱাহৈছে।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us