/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/loksabha-election-psd-copy.jpg)
১. আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তামিলনাডুৰ মুঠ ৩৯ টা লোকসভা সমষ্টিৰ ৩৮ টা সমষ্টিতে আজি ভোটগ্ৰহণ।
২. দ্বিতীয় পৰ্যায়ত বিহাৰৰ মুঠ ৪০খন আসনৰ ভিতৰত ৫ খন, জম্মু-কাশ্মীৰত ৬ খনৰ ভিতৰত দুখন, উত্তৰ প্ৰদেশৰ ৮০ খনৰ ভিতৰত ৮, কণাৰ্টকত ২৮ খনৰ ভিতৰত ১৪, মহাৰাষ্ট্ৰত ৪৮ খনৰ ভিতৰত ১০ খনত, পশ্চিম বংগত ৪২ খন আসনৰ ভিতৰত ৩ খনত আৰু অসম, ওড়িশাত ৫-৫ খনত অনুষ্ঠিত হ'ব নিৰ্বাচন।
৩. পুৱা সাত বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
৪. চত্তীশগড়ৰ নক্সাল সন্ত্ৰাসবাদীৰ প্ৰভাৱিত কিছু এলেকাত তিনি বজালৈকে আৰু ওড়িশাৰ কিছু ভোটকেন্দ্ৰত চাৰি বজালৈকে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
৫. তামিলনাডুৰ মাডৰে লোকসভা সমষ্টিত নিশা ৮ বজালৈকে হ'ব ভোটগ্ৰহণ।
৬. সমগ্ৰ দেশত মুঠ ১৫.৪ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। নিৰ্ণয় কৰিব ১৬৩৫জন প্ৰাৰ্থীৰ ভাগ্য।
৭. দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কলকতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ চি এছ কৰ্ণনেও আগবঢ়াইছে প্ৰাৰ্থিত্ব।
৮. সমগ্ৰ দেশৰ লগতে জম্মু-কাশ্মীৰতো কটকটীয়া নিৰাপত্তা। ৮০ টা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীক মোতায়েন।
৯. পশ্চিম বংগৰ স্পৰ্শকাতৰ তিনি সমষ্টিত ১৯৪ টা নিৰাপত্তা বাহিনী মোতায়েন।
১০.দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অনুষ্ঠিত হ'ব লগীয়া ৯৫ টা সমষ্টিৰ ভিতৰত এ আই ডি এম কেৰ দখলত আছে ৩৫ টা সমষ্টি, বিজেপিৰ দখলত ২৬ টা আৰু কংগ্ৰেছৰ দখলত আছে ১১ টা সমষ্টি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us