/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b6a62a2d-5f68-437a-abdb-c9714fc8189b/modi_26.jpg)
বংগবাসীৰ আৱেগ জয়ৰ চেষ্টাঃ মোডীয়ে ক'লে পশ্চিমবংগত ল'ব পৰৱৰ্তী জনম...
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জানে মানুহৰ আৱেগৰ সৈতে খেলিব। ক’ত,কেতিয়া, কি ক’ব লাগে অথবা ক’ত, কেতিয়া কি পৰিধান কৰিব লাগে, কিদৰে নিজকে সজাব লাগে সেয়া সকলো জানে নৰেন্দ্ৰ মোডীয়ে। সেয়ে দেশৰ যিখন ৰাজ্যলৈয়ে যায় সেই ৰাজ্যৰে আৱেগ জড়িত হৈ থকা বিষয়ক সদায়েই স্পৰ্শ কৰিবলৈ নাপাহৰে মোডীয়ে।
মোডী তেওঁৰ এই কৌশলৰ বাবেই জনপ্ৰিয়। অৱশ্যে তেওঁৰ এই জনপ্ৰিয়তাৰ পাছতো দেশৰ বহু কেইখন গুৰুত্বপূৰ্ণ ৰাজ্যত বিজেপিয়ে খোপনি পুতিবলৈ সক্ষম হোৱা নাই। মোডীৰ জনপ্ৰিয়তাক সম্বল কৰিয়েই ২০১৪ আৰু ২০১৯ ত দুবাৰকৈ শাসনলৈ অহা নৰেন্দ্ৰ মোডীৰ সেই জনপ্ৰিয়তাই কামত দিয়া নাই দক্ষিণত।
একেদৰে তেওঁৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰি দেশৰ ৰাজনীতিৰ অতি গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে পৰিচিত পশ্চিমবংগও দখল কৰিব পৰা নাই বিজেপিয়ে। এই ৰাজ্যখনৰ জনতাৰ আস্থা অৰ্জন কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই মোডীয়ে।
যোৱা বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰীগৰাকীয়ে বংগবাসীৰ আস্থা অৰ্জন কৰিবলৈ নিজকে কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দৰেই নিজকে সজাই তুলিছিল। অৱশ্যে বংগবাসীয়ে মোডীৰ সেই ৰূপত ভুল নগ’ল। পুনৰবাৰ মমতাৰ হাততে তুলি দিলে ৰাজ্যখনৰ শাসনভাৰ। নিৰ্বাচনৰ অন্ত পৰাৰ পাছতে মোডীয়ে সলনি কৰিলে সেই ৰূপ।
সেয়া অতীত হ’ল। এতিয়া লোকসভা নিৰ্বাচনৰ ভৰপক সময়। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে অন্ত পৰিছে আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আজি ১৩ খন ৰাজ্যত চলি আছে। ইয়াৰ বংগৰ ৫ টা লোকসভা সমষ্টিত চলি আছে ভোটগ্ৰহণ। এই ভোটগ্ৰহণৰ মাজতে বংগত আজি অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীয়ে ক’লে অহা জনমত হেনো তেওঁ পশ্চিমবংগত জন্মগ্ৰহণ কৰিব।
বংগৰ মালদাহত অনুষ্ঠিত হৈছে আজি বিজেপিৰ এক বিশাল নিৰ্বাচনী সভা। এই সভাত সৃষ্টি হৈছে জনসমুদ্ৰ। এই জনসমুদ্ৰৰ মাজত কেৱল মোডী মোডী ধ্বনি। এই পৰিবেশ প্ৰত্যক্ষ কৰি প্ৰধানমন্ত্ৰী মোডী আপ্লুত হৈ পৰিছে। সেয়ে সভাত নিজৰ ভাষণত তেওঁ কয়, ইমান প্ৰেম কপালত নাই। মই ভাবো পূৰ্ব জনমত মই বংগত জন্ম হৈছিলোঁ। পৰৱৰ্তী জনমতো মই বংগত জন্মগ্ৰহণ কৰিম।
মালদাহৰ এই জনসভাত নিজৰ ভাষণৰ আৰম্ভণিৰে পৰা মোডীয়ে নিজকে বংগবাসীৰ আপোন বুলি প্ৰমাণ কৰিবলৈ পাৰ্যমানে চেষ্টা কৰে। তেওঁ কয়, শিল্প, সংস্কৃতি, দৰ্শন, প্ৰগতি সকলো দিশতেই বংগ আগত। কিন্তু সেই বংগ এতিয়া ক্ৰমশঃ পিছপৰি গৈছে। তেওঁ কয়, আমাৰ বংগক এইদৰে ভাঙি পৰিবলৈ নিদিওঁ। আপোনালোকৰ ভালপোৱাক ব্যৰ্থ হ'বলৈ নিদিওঁ।এই ভালপোৱাৰ প্ৰতিদান দিম।
मैं अपने बंगाल को पिछड़ते हुए नहीं देख सकता, इसलिए राज्य के विकास के लिए पूरी शक्ति लगा रहा हूं। pic.twitter.com/HT8gHY5ZsJ
— Narendra Modi (@narendramodi) April 26, 2024
Also Read: মোডীৰ সুৰতেই সুৰঃ জেপি নড্ডায়ো ক'লে কংগ্ৰেছ SC, ST, OBC ৰ অধিকাৰ কাঢ়ি মুছলমানক দিব...