সংবিধান সলনি কৰিবলৈ আমাৰ হাতত ১০ বছৰে বহুমত আছিল- অমিত শ্বাহ

কংগ্ৰেছৰ হে সংবিধান সলনি কৰাৰ ইতিহাস আছে বুলিও দাবী অমিত শ্বাহৰ
সংবিধান সলনি কৰিবলৈ আমাৰ হাতত ১০ বছৰে বহুমত আছিল- অমিত শ্বাহ
সংবিধান সলনি কৰিবলৈ আমাৰ হাতত ১০ বছৰে বহুমত আছিল- অমিত শ্বাহ

 ডিজিটেল ডেস্কঃ এইবাৰৰ লোকসভা নিৰ্বাচন সংবিধান আৰু গণতন্ত্ৰৰ ৰক্ষাৰ নিৰ্বাচন বুলি বিৰোধী দলসমূহে দাবী কৰি অহাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছে সংবিধান সংশোধন কৰিবলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ওচৰত যোৱা ১০ বছৰে বহুমত আছিল। সংবাদ এজেঞ্চি এ এন আইৰ আগত বিজেপিৰ 'অবকি বাৰ ৪০০ পাৰ' শ্লোগান সন্দৰ্ভত অমিত শ্বাহে কয়, সংবিধান সলনি কৰিবলৈ আমাৰ হাতত যোৱা দহ বছৰে বহুমত আছিল। আপোনালোকে কি ভাবে 'ৰাহুল বাবা এণ্ড কোম্পানী'য়ে কিবা এটা ক'ব আৰু দেশে মানি ল'ব? দেশেই আমাক বহুমত দিছে। দেশৰ জনতাই জানে মোডীজীৰ হাতত ১০ বছৰ ধৰি সংবিধান সলনি কৰিবলৈ বহুমত আছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, আমাক ৪০০ আসন নিশ্চয়কৈ লাগে কিয়নো আমি দেশৰ ৰাজনীতিত স্থিৰতা আনিবলৈ বিচাৰিছো। দেশৰ সীমাক সুৰক্ষিত ৰাখিব বিচাৰিছো আৰু দেশক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়িব বিচাৰিছোঁ।

বহুমতৰ দুৰ্ব্যৱহাৰৰ ইতিহাস কংগ্ৰেছেৰ হে আছে। ইন্দিৰাৰ সময়ত কংগ্ৰেছে বহুমতৰ দুৰ্ব্যৱহাৰ কৰিছিল। সংবিধানৰ অনুচ্ছেদ সলনি কৰিলে আৰু জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিলে। বিনা কাৰণত দেশৰ ১.২৫ লাখ লোকক জে'ললৈ প্ৰেৰণ কৰিলে।

উল্লেখ্য যে, চলিত লোকসভা নিৰ্বাচনৰ বিজেপিৰ 'অবকি বাৰ ৪০০ পাৰ' শ্লোগানক বিৰোধীয়ে সমালোচনা কৰি অহাৰ লগতে নিজা ধৰণে ইয়াক ব্যাখ্যাও আগবঢ়াইছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰি দাবী কৰিছিল বিজেপিক ৪০০ ৰো অধিক আসন এই বাবেই লাগে যে তেওঁলোকে দেশৰ সংবিধান সলনি কৰিব বিচাৰে। তেওঁলোকে সংৰক্ষণ ব্যৱস্থা সলনি কৰিব বিচাৰে।

সংবিধান সলনি কৰিবলৈ আমাৰ হাতত ১০ বছৰে বহুমত আছিল- অমিত শ্বাহ
ৰামেই মোডীৰ ভৰসাঃ ক'লে কংগ্ৰেছ শাসনলৈ আহিলে ৰাম মন্দিৰত লাগিত তলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in