/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2824ef5e-79ff-4aab-aa1f-36af0f9330ee/VOTE_7.jpg)
তৃতীয় পৰ্যায়ত অসমত সৰ্বাধিক গুজৰাটত সৰ্বনিম্ন ভোটদান...
ডিজিটেল ডেস্কঃ অন্ত পৰিলে অসমৰ তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণ। অসমত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ৫ টাকৈ মুঠ ১০ টা সমষ্টিত ক্ৰমে ৭৮.২৫ শতাংশ আৰু ৮১.১৭ শতাংশ ভোটদান কৰিলে ভোটাৰে। আজি তৃতীয় পৰ্যায়ত ৪ টা সমষ্টিত মুঠ ৭৬.৫২ শতাংশ ভোটদান কৰিলে ভোটাৰে।
নিৰ্বাচন আয়োগৰ ভোটাৰ টাৰ্ণ আউট এপৰ তথ্য অনুসৰি আজি ভোটগ্ৰহণ হোৱা অসমৰ চাৰিওটা সমষ্টিৰ ভিতৰত ধুবুৰীত সৰ্বাধিক ৮১.৮২ শতাংশ ভোটদান হৈছে। সেইদৰে বৰপেটাত ৭৭.৭২ শতাংশ, কোকৰাঝাৰত ৭৪.২৪ শতাংশ আৰু গুৱাহাটীত ৭০.১০ শতাংশ ভোটদান হৈছে।
ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ভিতৰত সৰ্বাধিক জলেশ্বৰ সমষ্টিতে হৈছে। সমষ্টিটোত মুঠ ৮৯.১৬ শতাংশ ভোটদান হৈছে। একেদৰে সমষ্টিটোৰ অন্তৰ্গত বিলাসীপাৰাত ৮১ শতাংশ, বিৰসিং জাওৰাত ৮৩.২১ শতাংশ, চেঙাত৮৪.২৩ শতাংশ, ধুবুৰীত ৭১.৩২ শতাংশ, গৌৰীপুৰত ৮০.০৪ শতাংশ, পূৱ গোৱালপাৰাত৮৮.৫১ শতাংশ, গোলকগঞ্জত ৭৯.৫৬ শতাংশ, মান্দিয়াত ৮০.৮০ শতাংশ মানকাচৰত ৮৬.৪৮ শতাংশ আৰু সৃজনগ্ৰামত ৭৫.২১ শতাংশ ভোটদান হৈছে।
বৰপেটা সমষ্টিৰ ভিতৰত অভয়াপুৰীত ৭৪.৬২ শতাংশ, বজালীত ৭১.২০ শতাংশ, বৰক্ষেত্ৰীত ৭৮ শতাংশ, বৰপেটাত ৮০.৮৯ শতাংশ, ভৱানীপুৰ সৰভোগত ৭৩.৫০ শতাংশ, বঙাইগাওঁত ৮১.২০ শতাংশ, হাজো শুৱালকুছিত ৬৮.৪৫ শতাংশ, নলবাৰীত ৭৯ শতাংশ, পকাবেটবাৰীত ৮৭.৬৯ শতাংশ আৰু টিহুত ৭৯ শতাংশ ভোটদান হৈছে।
গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বকো ছয়গাওঁত ৬৪.৩২ শতাংশ, চমৰীয়াত ৬৭.১৩ শতাংশ, ডিমৰীয়াত ৬৯.৫০ শতাংশ, দিছপুৰত ৬২.১৬ শতাংশ, দুধনৈত ৮৫.৭৩ শতাংশ, পশ্চিম গোৱালপাৰাত ৮৬.৩১ শতাংশ, গুৱাহাটী চেণ্ট্ৰেলত ৭১.১৪ শতাংশ, জালুকবাৰীত ৬৮.২৪ শতাংশ, নিউ গুৱাহাটীত ৬৬.৮০ শতাংশ আৰু পলাশবাৰীত ৬৭.২২ শতাংশ ভোটদান হৈছে।
কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সাত ৭০.৬৭ শতাংশ, বাওখুংগ্ৰীত ৭৬.১৬ শতাংশ, বিজনীত ৭৫ শতাংশ, দটমাত ৭৭.৪০ শতাংশ, গোঁসাইগাঁৱত ৭৬ শতাংশ, কোকৰাঝাৰত ৭৪.৬৭ শতাংশ, মানসত ৬৮ শতাংশ, পৰ্বতঝৰাত ৮০ শতাংশ আৰু ছিদলী চিৰাংত ৭৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।
অসমৰ এনে ভোটদানৰ হাৰৰ বিপৰীতে ৰাষ্ট্ৰীয় পৰ্যায়ত বহু কেইখন গুৰুত্বপূৰ্ণ ৰাজ্যৰে ভোটদানৰ হাৰ যথেষ্ট কম। পশ্চিমবংগত ৭৩.৯৬ শতাংশ, গোৱাত ৭৪.৫০ শতাংশ ভোটদানৰ বিপৰীতে বিহাৰত মাত্ৰ ৫৭.৮৫ শতাংশ, দাদৰাআৰু নগৰ হাৱেলী আৰু দামন আৰু ডিউত ৬৫.২৩ শতাংশ, গুজৰাটত ৫৭.২৩ শতাংশ, কৰ্ণাটকত ৬৯.৯২ শতাংশ, মধ্যপ্ৰদেশত ৬৫.৯২ শতাংশ, মহাৰাষ্ট্ৰত ৫৯.০৭ শতাংশ, উত্তৰ প্ৰদেশত৫৭.৩৪ শতাংশহে ভোটদান হৈছে।
Also Read: বিপদত হাৰিয়ানাৰ বিজেপি চৰকাৰঃ ৪ নিৰ্দলীয় বিধায়কে প্ৰত্যাহাৰ কৰিলে সমৰ্থন