কোকৰাঝাৰ লোকসভা সমষ্টিত আছে ১০০বছৰ উৰ্ধৰ তিনিশৰো অধিক ভোটাৰ...

কোকৰাঝাৰ লোকসভা সমষ্টিত আছে ১০০বছৰ উৰ্ধৰ তিনিশৰো অধিক ভোটাৰ...

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । অহা ৭ মেত অনুষ্ঠিত হ'বলগীয়া লোকসভাৰ নিৰ্বাচনক লৈ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে । আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক সংবাদমেলত কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে কয় যে, নিৰ্বাচনক লৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু আছে। এইবাৰ যাতে কোনো এটা সমষ্টিতে যাতে পুণৰ ভোট গ্ৰহণ কৰিব লগা নহয় তাৰ বাবে লক্ষ্য বান্ধি লোৱা হৈছে।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে সদৰি কৰা মতে কোকৰাঝাৰ লোকসভা সমষ্টিত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হ'ল ১৪৭০২৭১০ গৰাকী । ইয়াৰে ৭৩৫২৭০গৰাকী হ'ল পুৰুষ আৰু ৭৩৪৯৯৬ গৰাকী হ'ল মহিলা ভোটাৰ । তদুপৰি তৃতীয় লিংগ ভোটাৰৰ সংখ্যা ৫ গৰাকী , ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকৰ ভোটাৰৰ সংখ্যা ৭০০৯ গৰাকী , ১০০ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকৰ ভোটাৰৰ সংখ্যা ৩২৪ গৰাকী , দিব্যাংগ ভোটাৰৰ সংখ্যা ১০৭৫৬ গৰাকী । কোকৰাঝাৰ লোকসভা সমষ্টিত ৯ টা বিধানসভা সমষ্টি আছে ।

সেইবোৰ হ'ল ক্ৰমে ১ নং গোসাঁইগাঁও , ২ নং দোতমা (জনজাতি সংৰক্ষিত) , ৩ নং কোকৰাঝাৰ(জনজাতি সংৰক্ষিত) ৪ নং বাওখুংগ্ৰী , ৫ নং পৰ্বতঝোৰা , ১৯ নং চিদলী -চিৰাং (জনজাতি সংৰক্ষিত) , ২০ নং বিজনী , ৪১ নং মানাস, ৪২ নং বাকসা(জনজাতি সংৰক্ষিত) । কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে সদৰি কৰা মতে কোকৰাঝাৰ জিলাত থকা তিনিটা বিধানসভা সমষ্টি ক্ৰমে ২ নং দোতমা (জনজাতি সংৰক্ষিত) , ৩ নং কোকৰাঝাৰ(জনজাতি সংৰক্ষিত) আৰু ৪ নং বাওখুংগ্ৰী সমষ্টিত মুঠ ভোটাৰ হ'ল ৪০৮২৬৮ গৰাকী ।

ইয়াৰে ২০২১০২ জন পুৰুষ , ২০৬১৬৩ জন মহিলা আৰু তৃতীয় লিংগ ৩ গৰাকী । কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ উক্ত তিনিটা সমষ্টিত ৫৩১ টা পলিং ষ্টেচন থকাৰ বিপৰীতে বিএলঅ'ৰ সংখ্যা ৫৩১ জন । তদুপৰি ৬১ জন চেক্টৰ বিষয়া , ১৫ জন জনেল বিষয়া , ৮৫ জন মাইক্ৰ অবজাৰ্ভাৰ থাকিব ।

ইপিনে নিৰ্বাচনক লৈ অভাৱ অভিযোগৰ বাবে টোল ফ্ৰি নম্বৰ ১৯৫০ মুকলি কৰা হৈছে বুলি মন্তব্য কৰি নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে বলৱৎ কৰা হ'ব বুলি সদৰি কৰিছে ৰিটাৰ্ণিং প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে । প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ লগত ইতিমধ্যে বৈঠক সম্পন্ন হৈছে আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তৱৰ্তী এলেকাত তীক্ষ্ণ নজৰ ৰখাৰ উপৰিও নিয়মিত টহল আৰু চেকিং অব্যাহত ৰাখিছে ।

আনহাতে পৰিবহনৰ ক্ষেত্ৰত গাড়ীৰ সংখ্যা অলপ কম আছে যদিও আন জিলা আৰু চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা গাড়ী অধিগ্ৰহণ কৰা হ'ব বুলি সদৰি কৰিছে । স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু তাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাবাহিনী সাজু কৰা হৈছে । আনহাতে কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিত এটাকৈ ভোটকেন্দ্ৰ সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত কৰা হ'ব বুলি সদৰি কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে।

উল্লেখ্য যে আজি জিলা আয়ুক্তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া কেশৱানন্দ টাইড , অতিৰিক্ত আয়ুক্ত শুভ্ৰজ্যোতি বৰা, অতিৰিক্ত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰীমা তৃষ্ণা হালৈ আদিকে ধৰি আন উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল ।

কোকৰাঝাৰ লোকসভা সমষ্টিত আছে ১০০বছৰ উৰ্ধৰ তিনিশৰো অধিক ভোটাৰ...
কংগ্ৰেছ- AIUDFৰ প্ৰতাৰণাৰ বাবে সংখ্যালঘু লোকসকল জাগিছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in