৫ লাখৰ অধিক ভোটত জয়ী হ'ব সোণোৱালঃ ৰামেশ্বৰ তেলী

নামৰূপত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা
৫ লাখৰ অধিক ভোটত জয়ী হ'ব সোণোৱালঃ ৰামেশ্বৰ তেলী
৫ লাখৰ অধিক ভোটত জয়ী হ'ব সোণোৱালঃ ৰামেশ্বৰ তেলী

ডিজিটেল সংবাদ নামৰূপঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্রজোটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি নামৰূপত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে। নামৰূপৰ ভূপেন হাজৰিকা মুকলি মঞ্চত নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ নেতৃত্বত আয়োজন কৰা বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়কগৰাকীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম পেট্ৰ কেমিকেলচ লিমিটেডৰ উপাধ্যক্ষ হেমন্ত গগৈ, প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়া, নামৰূপ পৌৰ সভাৰ পৌৰপতি প্ৰশান্ত গগৈ, জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতাৰ লগতে দলীয় কৰ্মকৰ্তা উপস্থিত থাকে।

সভাৰ আৰম্ভনিতে বিধায়ক তৰংগ গগৈয়ে কয় যে, এয়া লোক সভাৰ নিৰ্বাচন নহয় এইয়া হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত বহুৱাৰ প্ৰস্তুতি। প্ৰধান মন্ত্ৰী বিশ্বৰ ভিতৰতে এনে এগৰাকী নেতা যি কেৱল দুখীয়া সৰ্বসাধাৰণৰ কথা চিন্তা কৰে। তেওঁ চব কা সাথ চব কা বিকাশ মূলমন্ত্ৰ সৰোগত কৰি জল ধন আঁচনিৰ যোগেদি ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান, সকলোৰে ৰেচন কাৰ্ডৰ সুবিধা,আয়ুস্মান কাৰ্ডৰ যোগেদি সৰ্বসাধাৰণৰ বাবে বিনামূলীয়া চিকিৎসা আদি কেৱল প্ৰধানমন্ত্ৰীৰ বাবে সম্ভৱ।

কংগ্ৰেছৰ সময়ৰ কথা উল্লেখ কৰি স্থানীয় প্ৰাক্তনমন্ত্ৰী প্ৰণতি ফুকনক কটাক্ষ কৰি কয় তিনিটা কাৰ্যকালত তেওঁ আনহে নালাগে নামৰূপৰ নলা নৰ্দমা কেইটাও বনাব নোৱাৰিলে। বিধায়ক হোৱাৰ পিছতে তৰংগ গগৈৰ প্ৰথম লক্ষ্য আছিল নামৰূপৰ নলা নিৰ্মাণ আৰু বাট পথ বহল কৰা। বৰ্তমান নামৰূপৰ বাট পথ সমূহ বহল কৰা কাম ক্ৰমাৎ সম্পূৰ্ণ কৰিছে। এইয়া কেৱল প্ৰধানমন্ত্ৰীৰ বাবেই সম্ভৱ হৈছে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে।

লুৰীণ জ্যোতি গগৈৰ সন্দৰ্ভত কয় যে, মিছা কথাৰ আশ্ৰয় লৈ কেৱল ক্ষমতাৰ লালসাত ৰাজনীতি কৰিবলৈ অহা লুৰীণ জ্যোতি গগৈ বিধান সভা নিৰ্বাচনো খেলিছিল কিন্তু বিজেপিত কৈ পঁচিশ হেজাৰ ভোটত হাৰিল। এতিয়া কংগ্ৰেছৰ লগত মিত্ৰতা কৰি পুনৰ সাংসদ হোৱাৰ সপোন দেখিছে। লুৰীণ জ্যোতি গগৈ ছাত্ৰ সন্থাৰ নেতা আছিল। ছাত্ৰ সন্থাই সদায় কংগ্ৰেছক শত্ৰু বুলি প্ৰচাৰ কৰে। কিন্তু এতিয়া ক্ষমতাৰ লালসাত সেই কংগ্ৰেছৰ লগতে মিত্ৰতা কৰি নিৰ্বাচনী বৈতৰণি পাৰ হবলৈ আহিছে। যি কংগ্ৰেছ হ'ল অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ ঘাটক।

সভাত ডিব্ৰুগড় লোকসভা সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে অত্যন্ত আবেগিকভাবে কয় যে, নামৰূপৰ ৰাইজৰ লগত তেওঁৰ সম্পৰ্ক অতি স্পৰ্শকাতৰ। ছাত্ৰ সন্থাৰ দিনৰে পৰা বিধায়ক হোৱা, সাংসদ হোৱা ,মুখ্যমন্ত্ৰী হোৱালৈকে নামৰূপৰ ৰাইজৰ অলেখ অৰিহণা আছে। তেওঁ কয় যে, প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ পৰা ভাৰত বৰ্ষত যি উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছিল ই এতিয়া সবল ৰূপ ধাৰণ কৰিছে।

তেওঁ ভাৰত বৰ্ষক বিশ্বৰ তৃতীয় সৰ্ব বৃহৎ অৰ্থনীতি হিচাপে গঢ় দিবলৈ সংকল্প লোৱা কাৰ্য্যত প্ৰতিগৰাকী নাগৰিকৰে সহযোগিতা কৰাটো মৌলিক দায়িত্ব বুলি উল্লেখ কৰে। আত্ম নিৰ্ভৰ ভাৰতৰ অন্তৰ্গত বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰিছে যাক লৈ ভাৰতীয়সকল আজি গৌৰবাম্বিত বুলি উল্লেখ কৰে সোণোৱাল।

কংগ্ৰেছ দলক কটাক্ষ কৰি কয় যে, আজি কংগ্ৰেছ দলে পোনপটীয়া কৈ ৰাইজৰ ওচৰত ভোট বিচাৰি আহিব পৰা অৱস্থাত নাই। যাৰ বাবে আঞ্চলিক দল এটাৰ সহায় ল'বলগীয়া হৈছে। আঞ্চলিক দল এটাৰ নাম লৈ জাতীয় কংগ্ৰেছৰ ছত্ৰছায়াত কোনোবাই সাংসদ হিচাপে আত্ম প্ৰকাশ কৰিবলৈ চেষ্টা কৰা বিষয়টো ৰাইজক এবাৰ ভাবি চাবলৈ আহ্বান জনাই ৰাইজক।

তেওঁ কয় যে, মুখ্যমন্ত্ৰী হৈ থকা সময়ত CAA লৈ তেওঁক মিছা অপবাদ দিলে। CAA কাৰ্যকৰী হ'লে এক কোটি নব্বৈ লাখ অবৈধ্য বিদেশী, বাংলাদেশী সৰ্বানন্দ সোনোৱালে অসমলৈ আনিব বুলি অসমৰ মানুহক উচতালে। কংগ্ৰেছৰ চত্ৰ চায়াত কোনে এই আন্দোলনৰ নেতৃত্ব লৈছিল বুলি উল্লেখ কৰি কয় এতিয়া তেনে বহু জনৰ জন প্ৰতিনিধি হোৱাৰ ইচ্ছা আন্দোলন কৰি কোনোৱে ৰাজনৈতিক দল জন্ম দিলে কোনোবা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে।

এতিয়া ৰাইজে সেইসকলক প্ৰশ্ন কৰক বুলিও বক্তব্যত উল্লেখ কৰে। লগতে কয় যে সৰ্বানন্দ সোণোৱাল অসমীয়া জাতিৰ বিৰুদ্ধে কেতিয়াও কোনো কাম নকৰে বুলি স্পষ্ট কৰি দিয়ে। CAA কেৱল অসমৰ বাবে নহয় এইখন সৰ্ব ভাৰতীয় আইন। অসমৰ বাবে আনিছিল সেইখন ভয়ানক আইন যিখন ১৯৮৩ আই এম দি টি আইন। এইখন আইন ছয় বছৰ আইনী যুদ্ধ কৰি খাৰিজ কৰা হ'ল।

ৰাইজক তেওঁ পুনৰ বা ৰাইজৰ সেৱা কৰিবলৈ সুবিধা দি বহুমূলীয়া ভোট প্ৰদান কৰি জয় কৰিবলৈ আহ্বান জনায়। তেওঁ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ কৰাৰো আশ্বাস প্ৰদান কৰে। সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলিয়েও সৰ্বানন্দ সোণোৱালকক বিপুল ভোটত জয় লাভ কৰাবলৈ আহ্বান জনায়। লগতে পাঁচ লাখতকৈ অভিক ভোটত জয় লাভ কৰিব বুলি উল্লেখ কৰে।

৫ লাখৰ অধিক ভোটত জয়ী হ'ব সোণোৱালঃ ৰামেশ্বৰ তেলী
কচুৱাত তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in