মহিলাই দখল কৰিলে ভোটগ্ৰহণ কেন্দ্ৰঃ মণিপুৰত ব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া...

প্ৰত্যাহ্বানৰ মাজতো ৬০ শতাংশৰো অধিক লোকে ৩ বজালৈ দিলে ভোট

author-image
Asomiya Pratidin
New Update
মহিলাই দখল কৰিলে ভোটগ্ৰহণ কেন্দ্ৰঃ মণিপুৰত ব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া...

মহিলাই দখল কৰিলে ভোটগ্ৰহণ কেন্দ্ৰঃ মণিপুৰত ব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া...

ডিজিটেল ডেস্কঃ হিংসা জৰ্জৰ মণিপুৰৰ দুটা সমষ্টিত অনুষ্ঠিত হৈ থকা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতেই নিৰ্বাচন আয়োগ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সংঘৰ্ষ জৰ্জিৰত ৰাজ্যখনত প্ৰথমে এটা ভোটকেন্দ্ৰৰ সময়ত গুলীচালনা হোৱাৰ পাছত এইবাৰ একাংশ মহিলাই ভোটকেন্দ্ৰ অবৈধভাৱে দখল কৰাৰ পৰিপ্ৰক্ষেতিত ৫ টাকৈ ভোট কেন্দ্ৰ বন্ধ কৰি দিবলগীয়া হৈছে।

Advertisment

এ এন আইত প্ৰকাশিত খবৰ মতে থংজু-৫ আৰু খোংমান-৩১ জ'নৰ ৫ টাকৈ ভোট কেন্দ্ৰত একাংশ মহিলাই আহি দখল কৰি অনিয়ম সংঘটিত কৰাৰ লগতে হুলস্থুলীয়া পৰিবেশৰ সূচনা কৰাৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হৈছে। ভোটগ্ৰহণ বন্ধ কৰি দিয়া ভোটকেন্দ্ৰ সমূহৰ ভিতৰত আছে পূব ইম্ফলত ২ টা আৰু পশ্চিম ইম্ফলত ৩ টা ভোটকেন্দ্ৰ।

উল্লেখ্য যে, ৰাজ্যখনৰ দুটা সমষ্টিত অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত যথেষ্ট সংখ্যক ভোটাৰে ভোট দিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। অশান্ত জৰ্জৰ পৰিবেশৰ মাজতো বিয়লি ৩ বজালৈকে ৬৩.০৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

Also Read: মিছা নকয় মমতাই ! ২০০ খনো আসন নাপায় বিজেপিয়ে...

মণিপুৰ লোকসভা নিৰ্বাচন