মুছলমান অধ্যুষিত অঞ্চলত ভোটাৰক ভোট দিয়াত বাধা আৰক্ষীৰ !

ৰিটাৰ্ণিং বিষয়াক অভিযোগ দাখিল, সমাজবাদী পাৰ্টিৰ প্ৰতিক্ৰিয়া
মুছলমান অধ্যুষিত অঞ্চলত ভোটাৰক ভোট দিয়াত বাধা আৰক্ষীৰ !
মুছলমান অধ্যুষিত অঞ্চলত ভোটাৰক ভোট দিয়াত বাধা আৰক্ষীৰ !

ডিজিটেল ডেস্কঃ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে উত্তৰ প্ৰদেশৰ পশ্চিমপ্ৰান্তৰ সম্ভালত মুছলমান অধ্যুষিত অঞ্চলৰ বহু ভোটাৰে অভিযোগ কৰিছে যে, তেওঁলোকে ভোটদান কৰিবলৈ সক্ষম হোৱা নাই। সমাজবাদী পাৰ্টিয়ে এই সন্দৰ্ভত অভিযোগ সম্বলিত এটা ভিডিঅ’’ এক্সত শ্বেয়াৰ কৰি লিখিছে- সম্ভাল লোকসভা সমষ্টিৰ অন্তৰ্গত কুণ্ডাৰ্কি, বিলাৰী, চান্দাউচি, সম্ভাল আৰু আসমোলিকে ধৰি সকলো বিধানসভা সমষ্টিত আৰক্ষী বাহিনীয়ে ভোটাৰসকলক প্ৰহাৰ কৰাৰ লগতে ভাবুকি প্ৰদান কৰিছে। ভোটাৰৰ শ্লিপ অপ্ৰয়োজনীয়ভাৱে পৰীক্ষা কৰি হাৰাশাস্তি কৰি ভোটাৰসকলক প্ৰভাৱিত কৰিছে।

বহু লোকে অভিযোগ কৰিছে যে, আৰক্ষী বাহিনীয়ে তেওঁলোকৰ পৰিচয়পত্ৰ কাঢ়ি লৈছে আৰু তেওঁলোকক প্ৰহাৰ কৰি ভোটাৰ কেন্দ্ৰৰ পৰা আঁতৰাই পঠিয়াইছে। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ যিকেইখন লোকসভা আসনত আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে তাৰ ভিতৰত সম্ভাল অন্যতম। এই আসনখনৰ উপৰিও উত্তৰ প্ৰদেশৰ আৰু ৯ খন আসনত ভোটগ্ৰহণ চলি আছে।

সমাজবাদী পাৰ্টিৰ প্ৰয়াত সাংসদ ছফিকুৰ ৰেহমান বাৰ্কৰ নাতি জিয়াৰ ৰহমান বাৰ্ক সম্ভালৰ পৰা ভাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী। তেওঁ জিলা প্ৰশাসনৰ ওচৰত এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে। তেওঁ কয়, আৰক্ষী প্ৰশাসনে এটা দলৰ হৈ কাম কৰি আছে। ভোটাৰৰ শ্লিপবোৰ কাঢ়ি লৈছে। তেওঁলোকক ভোট দিবলৈ অনুমতি দিয়া নাই।

ইফালে সমষ্ট অভিযোগ সন্দৰ্ভত সম্ভালৰ জিলা দণ্ডাধীশ তথা ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ কয় যে, ঘটনা সন্দৰ্ভত অধিক তথ্য লাভ কৰাৰ পাছতহে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।

উত্তৰ প্ৰদেশত সৃষ্টি হোৱা এনে ঘটনাৰ সন্দৰ্ভত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেখ সিং যাদৱে কয়,বিজেপিৰ লোকসকলে ভোটকেন্দ্ৰ দখল কৰিবলৈ চেষ্টা কৰি আছে। আশা কৰোঁ নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব।

মুছলমান অধ্যুষিত অঞ্চলত ভোটাৰক ভোট দিয়াত বাধা আৰক্ষীৰ !
ভোট দিলে আদানীয়েঃ নিৰ্বাচনক গণতন্ত্ৰৰ এক মাহন উৎসৱ আখ্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in