ভোটদানৰ প্ৰকৃত হাৰ প্ৰকাশ কৰিবলৈ নিৰ্বাচন আয়োগক সময় লাগিল ১১ দিন...

বিৰোধী ৰাজনৈতিক নেতাৰ সমালোচনা
ভোটদানৰ প্ৰকৃত হাৰ প্ৰকাশ কৰিবলৈ নিৰ্বাচন আয়োগক সময় লাগিল ১১ দিন...
ভোটদানৰ প্ৰকৃত হাৰ প্ৰকাশ কৰিবলৈ নিৰ্বাচন আয়োগক সময় লাগিল ১১ দিন...

ডিজিটেল ডেস্কঃ ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ আৰু ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছত মঙ্গলবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে দুয়োটা পৰ্যায়ৰ চূড়ান্ত ভোটদানৰ হাৰ। ইয়াৰ পাছতে বিৰোধী ৰাজনৈতিক নেতাসকলে ভোটদানৰ চূড়ান্ত হাৰ প্ৰকাশ কৰাত কিয় ইমান পলম হৈছে তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

ইয়াৰোপৰি বিৰোধী নেতাসকলে প্ৰতিটো সমষ্টিৰ বিপৰীতে প্ৰকৃত ভোটৰ সংখ্যা প্ৰকাশ নকৰাক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগৰ মতে প্ৰথম পৰ্যায়াত সমগ্ৰ দেশত মুঠ ৬৬.১ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত মুঠ ৬৬.৭ শতাংশ ভোটদান হৈছে। ইয়াৰ বিপৰীতে ২০১৯ ৰ নিৰ্বাচনত প্ৰথম পৰ্যায়ত ৬৯.৪ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৬৯.২ শতাংশ ভোটদান হৈছিল।

আয়োগে মঙ্গলবাৰে এই তথ্য প্ৰকাশ কৰাৰ পাছতে চিপিআই(এম)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে নিৰ্বাচনৰ ফলাফল হেৰফেৰ হোৱাৰ আশংকা কৰি নিৰ্বাচনক আয়োগলৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰিছে, প্ৰতিটো লোকসভা কেন্দ্ৰ আৰু তাৰ অন্তৰ্গত বিধানসভা কেন্দ্ৰসমূহত নথিভুক্ত ভোটাৰৰ সংখ্যা কিমান সেই তথ্যও আয়োগৰ ৱেবচাইটত পোৱা নাই। ২০১৯ চনলৈকে প্ৰতিটো সমষ্টিৰ মুঠ ভোটাৰ সদায় নিৰ্বাচন আয়োগৰ ৱেবচাইটত উপলব্ধ আছিল। তেওঁ ভোটগণনাৰ সময়ত মুঠ ভোটাৰৰ সংখ্যা সলনি কৰিব পৰাৰ বাবে ফলাফল হেৰফেৰ হোৱাৰো আশংকা আছে বুলি কৈছে।

সেইদৰে তৃণমূল কংগ্ৰেছৰ সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি দলটোৱে অভিযোগ কৰিছে নিৰ্বাচন আয়োগে কাৰোবাৰ চাপত পৰি কাম কৰিছে।

ইফালে সামাজিক কৰ্মী তথা কৃষক আন্দোলনৰ অন্যতম নেতা যোগেন্দ্ৰ যাদৱে এক্সত বহু কেইটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিছে। তেওঁ লিখিছে- মই ৩৫ বছৰ ধৰি ভাৰতৰ নিৰ্বাচন দেখিছোঁ আৰু অধ্যয়ন কৰিছোঁ। যদিও প্ৰাৰম্ভিক (ভোটদানৰ দিনৰ সন্ধিয়া) আৰু চূড়ান্ত ভোটদানৰ পৰিসংখ্যাৰ মাজত ৩ ৰ পৰা ৫ শতাংশৰ পাৰ্থক্য অস্বাভাৱিক নাছিল। আমি ২৪ ঘণ্টাৰ ভিতৰত চূড়ান্ত তথ্য লাভ কৰিছিলোঁ।

এক্সত তেওঁ ভোটদানৰ প্ৰথম পৰ্যায়ৰ চূড়ান্ত পৰিসংখ্যা প্ৰকাশ কৰাত ১১ দিন আৰু দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ ৪ দিন পলম হোৱা ঘটনাক অস্বাভাৱিক আখ্যা দিছে। প্ৰতিটো সমষ্টি আৰু ইয়াৰ খণ্ডবোৰৰ ভোটাৰ, ভোটৰ প্ৰকৃত সংখ্যা প্ৰকাশ নকাৰ কাৰ্যতো আচৰ্য প্ৰকাশ কৰিছে।  

তেওঁ এই কথাও উল্লেখ কৰিছে যে, প্ৰতিটো বুথৰ বাবে প্ৰপত্ৰ-১৭ ত সকলো তথ্য সংৰক্ষণ কৰা হৈছে আৰু এই তথ্য প্ৰাৰ্থীৰ এজেণ্টৰ কাষত উপলব্ধ আছে। কিন্তু ভোটদান আৰু ভোটগণনাৰ মাজত যদি কিবা বিসংগতি হয় তেন্তে নিৰ্বাচন আয়োগে এইয়া দূৰ কৰিবলৈ মুঠ তথ্য দিব লাগিব।

ভোটদানৰ প্ৰকৃত হাৰ প্ৰকাশ কৰিবলৈ নিৰ্বাচন আয়োগক সময় লাগিল ১১ দিন...
শতাধিক মহিলাক যৌন নিৰ্যাতন চলাই দেশ এৰি পলায়ন কৰা BJP-JD(S) প্ৰাৰ্থীক ২৪ ঘণ্টাত হাজিৰ হোৱাৰ নিৰ্দেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in