অসমৰ ১৪ আসনৰ কিমান পাব বিজেপি অথবা ইণ্ডিয়াই? উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যত কি হ'ব ফলাফল...

২৬ খন আসনৰ অধিকাংশই যাব নেকি এন ডি এৰ হাতলৈ?
অসমৰ ১৪ আসনৰ কিমান পাব বিজেপি অথবা ইণ্ডিয়াই? উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যত কি হ'ব ফলাফল...
অসমৰ ১৪ আসনৰ কিমান পাব বিজেপি অথবা ইণ্ডিয়াই? উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যত কি হ'ব ফলাফল...

ডিজিটেল ডেস্কঃ অসমৰ ১৪ টা লোকসভা সমষ্টিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাকী কেইখন ৰাজ্য মিলাই মুঠ ২৬ টা লোকসভা সমষ্টিত কি হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল?  প্ৰথম পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৫ টা লোকসভা সমষ্টিৰ ভিতৰত উজনি অসমৰ যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টি অসমত যিদৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল ঠিক সেইদৰে ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰিছিল।

যোৰহাট সমষ্টিত কংগ্ৰেছৰ লোকসভাৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে বিজেপিৰ সাংসদ তপন গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে। লোকসভাত কংগ্ৰেছৰ অন্যতম বাকপটু নেতাগৰাকীক পৰাস্ত কৰিবলৈ বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে।

একেদৰে ডিব্ৰুড়ত বিজেপিয়ে সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক টিকট বঞ্চিত কৰি আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰিলে। সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে আছিল অজাপৰ লুৰীণজ্যোতি গগৈ আৰু আপৰ মনোজ ধানোৱাৰ।

সেইদৰে দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হোৱা নগাওঁ আৰু তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হোৱা গুৱাহাটী লোকসভা সমষ্টিক লৈয়ো ভোটাৰৰ মাজত সৃষ্টি হৈছিল উৎকণ্ঠা। মুঠ তিনিটা পৰ্যায়ত অসমৰ ১৪ টা সমষ্টিত অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণৰ পাছতে ভোটাৰে নিজা অনুমানৰ ভিত্তিত বিভিন্ন মন্তব্য কৰি আহিছিল যদিও আজি দেশৰ বিভিন্ন সংস্থাই প্ৰকাশ কৰা এক্সিট পোলে অৱশ্যে অসমত সামাজিক মাধ্যমত চৰ্চা হোৱাতকৈ কিছু পৃথক হে ইংগিত প্ৰদান কৰিছে।

ইণ্ডিয়া টিভি-চিএনএক্সৰ এক্সিট পোল অনুসৰি অসমৰ মুঠ ১৪ খন আসনৰ ভিতৰত এন ডি এয়ে লাভ কৰিব ৯ ৰ পৰা ১০ খন আসন। কংগ্ৰেছে লাভ কৰিব মাত্ৰ ১ বা ২ খন আসন। ইয়াৰ বিপৰীতে এ আই ইউ ডি এফে এখন আৰু অন্যান্যই ১ৰ পৰা ২ খন আসন লাভ কৰিব।  

সেইদৰে এ বি পি লাইভৰ এক্সিট পোল অনুসৰি অসমত ১০ ৰ পৰা ১২ খন আসন লাভ কৰিব বিজেপি তথা এন ডি এয়ে। ইণ্ডিয়াই ২ ৰ পৰা ৪ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

অসমক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৭ খন ৰাজ্যতো এন ডি এৰে জয়যাত্ৰাৰ ইংগিত দিছে এক্সিট পোলে। ইণ্ডিয়া টিভি-চিএনএক্সৰ এক্সিট পোল অনুসৰি মেঘালয়ত ২ খন আসনৰ ভিতৰত ইণ্ডিয়াই শূন্য বা এখন আসন পাব পাৰে। এন ডি এয়ে ১ খন বা দুয়োখনেই আসন লাভ কৰাৰ সম্ভাৱনা আছে।

নাগালেণ্ডত ২০১৯ ৰ ফলাফলেই পুনৰ দেখা পোৱা যাব পাৰে। ৰাজ্যখনৰ একমাত্ৰ আসনখন পুনৰ বিজেপিৰ দখললৈ যোৱাৰে সম্ভাৱনা অধিক। অৰুণাচল আৰু ত্ৰিপুৰাতো বিজেপিয়ে ২০১৯ ৰে পুনৰাবৃত্তি কৰাৰ সম্ভাৱনা অধিক। দুয়োখন ৰাজ্যৰ ২ খনকৈ মুঠ ৪ খন আসনেই যাব পাৰে এন ডি এৰ দখললৈ।

এই দুয়োখন ৰাজ্যতে ইণ্ডিয়া বা কংগ্ৰেছে এখনো আসন নোপোৱাৰ সম্ভাৱনাই অধিক। মিজোৰামৰ আসনখনত এন ডি এ পৰাস্ত হোৱাৰ সম্ভাৱনা আছে। বিৰোধীয়ে এই আসনখন লাভ কৰাৰ সম্ভাৱনা অধিক।

কেন্দ্ৰীয় চৰকাৰে গুৰুত্বহীন কৰা অশান্ত মণিপুৰৰ দুয়োখন আসনৰ ভিতৰত এখনত এন ডি এ আৰু এখনত বিৰোধীৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ সম্বাৱনা আছে। ইণ্ডিয়া টিভি-চিএনএস্কৰ এক্সিট পোল অনুসৰি আকৌ অসমক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৭ খন ৰাজ্যৰ ১১ খন আসনৰ ভিতৰত বিজেপিয়ে নিজাকৈ ৪ ৰ পৰা ৬ খন, বিজেপিৰ মিত্ৰদলে ১ ৰ পৰা ৩ খন, কংগ্ৰেছে নিজাকৈ ১ ৰ পৰা ৩ খন আৰু ইণ্ডিয়াই এখনো আসন লাভ নকৰাৰ সম্ভাৱনা আছে। অন্যান্যই এই ৰাজ্যকেইখনত পাব পাৰে ১ ৰ পৰা ৩ খন আসন।

অসমৰ ১৪ আসনৰ কিমান পাব বিজেপি অথবা ইণ্ডিয়াই? উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যত কি হ'ব ফলাফল...
'অবকি বাৰ ৪০০ পাৰ'- সফল হ'বনে বিজেপিৰ এই শ্লোগান?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in