অখিলেখ যাদৱৰ অভিযোগ- বিজেপিয়ে ধন আৰু জালিয়াতিৰে জিকিব বিচাৰিছে নিৰ্বাচন...

গুগল এডতে হেনো ব্যয় কৰিছে ১০০ কোটিৰো অধিক ধন
অখিলেখ যাদৱৰ অভিযোগ- বিজেপিয়ে ধন আৰু জালিয়াতিৰে জিকিব বিচাৰিছে নিৰ্বাচন...
অখিলেখ যাদৱৰ অভিযোগ- বিজেপিয়ে ধন আৰু জালিয়াতিৰে জিকিব বিচাৰিছে নিৰ্বাচন...

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ প্ৰচাৰ এতিয়া কেৱল সভা, সমিতি অথবা সমদলতে সীমাবদ্ধ হৈ থকা নাই। নিৰ্বাচনৰ প্ৰচাৰত ডিজিটেল প্লেটফৰ্মসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।নিৰ্বাচনী প্ৰচাৰত ডিজিটেল মাধ্যমসমূহৰ ভূমিকা অপৰিসীম।

কেৱল প্ৰচাৰেই নহয় এই ডিজিটেল মাধ্যমসমূহ ব্যৱহাৰ কৰিয়েই একাংশ ৰাজনৈতিক দল তথা নেতাই এতিয়া ভুৱা প্ৰচাৰতো লিপ্ত হৈছে। চলিত অষ্টাদশ লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতো নিৰ্বাচনী প্ৰচাৰত ডিজিটেল মাধ্যমক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সকলোতকৈ আগত আছে বিজেপি।

বিজেপিয়ে ডিজিটেল মাধ্যমত নিৰ্বাচনী প্ৰচাৰৰ বাবে যথেষ্ট ব্যয় কৰিছে। তাৰ মাজতে এতিয়া সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেখ সিং যাদৱে অভিযোগ কৰিছে বিজেপিয়ে গুগল এডতে ১০০ কোটি টকা ব্যয় কৰি ৰেকৰ্ড সৃষ্টি কৰিছে।

এক্সত এই সন্দৰ্ভত অখিলেখে মুকলিকৈয়ে লিখিছে। কিছু দিনৰ পূৰ্বে গুগুল এডত সকলোতকৈ অধিক ধন বিজেপিয়ে ব্যয় কৰা বুলি এক বাতৰিও প্ৰকাশ পাইছিল। অখিলেখ যাদৱে কয়, এইসমূহ জনতাৰ ধন। যিসমূহ ভ্ৰষ্টাচাৰী বিজেপিয়ে নিৰ্বাচনী চান্দা হিচাপে কোম্পানীবোৰৰ পৰা সংগ্ৰহ কৰিছে আৰু কোম্পানীবোৰে ৰাইজৰ পৰা সংগ্ৰহ কৰিছে। ইয়াৰোপৰি তেওঁ কয়, কোৰোনা সংক্ৰমণৰ সময়ত বিজেপিয়ে কেয়াৰ ফাণ্ড তৈয়াৰ কৰি জনতাৰ পৰা পোনপটিয়াকৈ সংগ্ৰহ কৰিছিল।

অখিলেখ সিং যাদৱে কয়, জনতাৰ এই ধনৰ সৈতে বিজেপিয়ে খেলা কৰা নাই। তেওঁলোকে জনতাৰ আৱেগৰ সৈতে খেলিছে। অষ্টাদশ লোকসভা নিৰ্বাচনৰ চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। আৰু তিনিটা পৰ্যায় বাকী আছে।

অখিলেখ যাদৱে কয়, বিজেপিয়েভাবে নিৰ্বাচন ভোটৰ জৰিয়তে নহয় নোট আৰু জালিয়াতিৰে দ্বাৰাহে জিকিব।এইবাৰ চাৰিওটা পৰ্যায়ৰ ভোটগ্ৰহণতে ৰাইজে সেই সকলো বিভ্ৰান্তি দূৰ কৰিছে। সপ্তম পৰ্যায়লৈকে বিজেপিৰ নাম ল'বলৈয়ো কোনো নাথাকিব। নিৰ্বাচনৰ নামৰ বিজেপি দেউলীয়া হৈ গৈছে।

অখিলেখ যাদৱৰ অভিযোগ- বিজেপিয়ে ধন আৰু জালিয়াতিৰে জিকিব বিচাৰিছে নিৰ্বাচন...
বিমানতো অসুৰক্ষিত যাত্ৰীঃ ২০০ বিমান ভ্ৰমণ কৰি যাত্ৰীক লুটিলে চোৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in