স্বাধীনতাৰ পূৰ্বে অসম ভাৰতৰ আটাইতকৈ ধনী ৰাজ্য আছিলঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

নলবাৰীৰ পোৰাকুছিত ’নৱ ভোটদাতা আৰু যুৱ সন্মিলন’ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অংশগ্ৰহণ
স্বাধীনতাৰ পূৰ্বে অসম ভাৰতৰ আটাইতকৈ ধনী ৰাজ্য আছিলঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
স্বাধীনতাৰ পূৰ্বে অসম ভাৰতৰ আটাইতকৈ ধনী ৰাজ্য আছিলঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ডিজিটেল ডেস্কঃ নলবাৰীৰ পোৰাকুছি অঞ্চলত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ’নৱ ভোটদাতা আৰু যুৱ সন্মিলন’ত অংশগ্ৰহণ কৰি এইবাৰৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলগীয়া আমাৰ নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলক সম্বোধন কৰে। বিগত এমাহ ধৰি অসমৰ বিভিন্ন ঠাইত নিৰ্বাচনী সভা-সমিতিত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সকলোবিলাক নিৰ্বাচনী সভাতকৈ আজিৰ এই সভাখন কিছু পৃথক।

তেওঁ এই সভাখন এই কাৰণে পৃথক বুলি কয় যে, নতুন ভোটদাতা আৰু নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ কাৰণে আমি পৰিকল্পনা কৰিছো আৰু সেইসকলক লৈ আজি আয়োজন কৰা হৈছে এই সন্মিলন। মন্ত্ৰীগৰাকীয়ে এই সভাত সকলোৰে উপস্থিতি দেখি আনন্দিত হৈ পৰা বুলি উল্লেখ কৰাৰ লগতে গণতন্ত্ৰৰ প্ৰতি থকা সকলোৰে মৰম, শ্ৰদ্ধা দেখি অভিভূত হৈ পৰা বুলি প্ৰকাশ কৰে।

প্ৰথমবাৰ ভোট দিয়াটো এটা ঐতিহাসিক কথা, এটা মনত ৰাখিবলগীয়া কথা বুলি মন্ত্ৰীগৰাকীয়ে কয়। ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা যুৱ মৰ্চাৰ উদ্যোগত আৰু ঘগ্ৰাপাৰ মণ্ডলৰ সহযোগত আয়োজিত এই ব্যতিক্ৰমী সভাখনত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিখনৰ বিষয়ে বক্তব্য দাঙি ধৰে।

নৱপ্ৰজন্মৰ যুৱক-যুৱতী তথা নতুন ভোটাৰসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে আজিৰ পৰা ২০-২৫ বছৰ পূৰ্বৰ অসমখনৰ পৰিৱেশ কেনে আছিল, মানুহে কিমান ভয়-শংকাত দিন পাৰ কৰিবলগীয়া হৈছিল তাৰ কিছু আভাস দাঙি ধৰে। তেওঁ কয় যে সেই সময়ত নলবাৰীত এনেকুৱা দিনো আমি দেখিবলৈ পাইছিলো যে বাইকৰ পিছৰ চীটত বহি দুৰ্বৃত্তই একে ৪৭ লৈ অপেন ফায়াৰিং কৰি গুচি যায়। কিন্তু আজি সেই পৰিৱেশ নাই। আজি নলবাৰীৰ যে এনেকুৱা পৰিৱৰ্তন আহিব, তেতিয়া আমি ভাবিব পৰা নাছিলো।

আজি আমি গৌৰৱেৰে এই পৰিৱৰ্তনবিলাক আদৰিবলৈ সক্ষম হৈছো। নতুন প্ৰজন্মৰ বাবে এইটো এটা সৌভাগ্যৰ দিন বুলি মন্ত্ৰীগৰাকীয়ে কয়। কিয়নো সেই সময়ত ভালদৰে পঢ়া-শুনা কৰিও চাকৰি পোৱাৰ পৰিৱেশ নাছিল, চাকৰি পাম বুলি বিশ্বাস হেৰাই গৈছিল। ধনৰ বলত এপিএছচি চাকৰি পাইছিল, মেধাৱী শিক্ষাৰ্থীসকলে চাকৰি নাপাই হতাশাত ভুগিছিল। এয়া আছিল অসমৰ পৰিৱেশ। কিন্তু আজি সেই পৰিৱেশ নাই।

আজি চৰকাৰী চাকৰিৰ নিযুক্তি নিকাভাৱে হোৱাৰ ফলত দুখীয়া ঘৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে তেওঁ ফৰ্থ গ্ৰেড-থাৰ্ড গ্ৰেডৰ চাকৰিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, আজি ঠেলাৱালা, চবজীৱালাৰ ল’ৰা-ছোৱালীয়েও চাকৰি পাইছে, বাগানত পাত তোলা মহিলাৰ ল’ৰাও ডিএছপি হৈছে। নতুন প্ৰজন্মক উদ্দেশ্যি তেওঁ আৰু কয় যে, তোমালোক সৌভাগ্যৱান যে পৰিৱৰ্তন অনাৰ বাবে তোমালোকে আজি এনেকুৱা দিন দেখিবলৈ সক্ষম হৈছা। এটা সময়ত ইয়াত এনেকুৱা পৰিৱেশ আছিল যে জাতি-জনগোষ্ঠীৰ মাজত আস্থা-বিশ্বাস নোহোৱা হৈ গৈছিল।

তেওঁ কয় যে, স্বাধীনতাৰ পূৰ্বে অসমখন ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ৰাজ্য আছিল। আটাইতকৈ আগশাৰীৰ ৰাজ্য আছিল। আৰু স্বাধীনতাৰ পিছত ৬০-৭০ বছৰ শাসন কৰা কংগ্ৰেছ দলে অসমখন তলফালৰ পৰা ১ নম্বৰ, ২ নম্বৰ ৰাজ্য কৰি পেলালে। এই পৰিৱেশ বিলাক আমি অধ্যয়ন কৰা দৰকাৰ। অসমীয়া মানুহৰ কি এনুকুৱা ফূৰ্তি আছিল যে আন্দোলন কৰি, হাতত বন্দুক লৈ গোটেই সমাজখন শেষ কৰিব? অসমীয়া মানুহ শান্তিপ্ৰিয় মানুহ। শান্তিত থাকিব বিচাৰে। কিন্তু যেতিয়া অসমীয়া মানুহে উপলব্ধি কৰে যে আমাৰ মাটিৰ তলৰ তেল আমাৰ ইয়াত ৰিফাইনেৰী নবনাই হালদিয়ালৈকে নি ৰিফাইন কৰিব, তেতিয়াতো অসমীয়া মানুহে প্ৰত্যুত্তৰ দিবই। তাৰ প্ৰত্যুত্তৰ দিয়াটো অসমীয়া মানুহৰ ভুল নাছিল। কিন্তু আজিৰ পৰিৱেশ চাওক, মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ পৰিৱৰ্তন চাওক।

অসমীয়া মানুহে 'তেজ দিম তেল নিদিওঁ’ বুলি আন্দোলন কৰাৰ বাবে হাজাৰ হাজাৰ ল’ৰা মৰিছিল। হাজাৰ হাজাৰ ল’ৰা ঘূণীয়া হৈছিল। কিন্তু আজি অসমৰ পৰিৱেশ এয়া যে হালদিয়ালৈ তেল পঠোৱাটোতো বাদেই, পাৰাদ্বীপৰ পৰা তেল অসমলৈ আনি অসমৰ চাৰিওটা ৰিফাইনেৰী চলোৱা হয়। এতিয়া ওলোটাই আমি তেল বাহিৰৰ পৰা আনো। অসমৰ নুমলীগড় ৰিফেইনেৰীৰ উৎপাদন আজি তিনিগুণ হ’ল।

আনহাতে, তেওঁ কয় যে নলবাৰীত আগতে কোনোৱে ১ কোটি টকা এটা উদ্যোগৰ বাবে লগাবলৈও চিন্তা কৰিছিল। কিন্তু এতিয়া এই নলবাৰীত পেপচি কোম্পানীয়ে ৮০০ কোটি টকা খৰচ কৰি এটা ডাঙৰ উদ্যোগ বনাই আছে, যিয়ে নলবাৰীৰ পৰিৱেশ পৰিৱৰ্তন কৰি দিব। য’ত ১ কোটি টকা ইনভেষ্ট কৰিবলৈ মানুহে চিন্তা কৰিবলগীয়া হৈছিল, সেই নলবাৰীত আজি পেপচিৰ দৰে বৃহৎ কোম্পানীয়ে ৮০০ কোটি টকা খৰচ কৰি উদ্যোগ স্থাপন কৰিছে। এই উদ্যোগ স্থাপন হ’লে নলবাৰী জিলাখনৰ লগতে ইয়াৰ চুবুৰীয়া জিলাসমূহৰ কৃষক ৰাইজৰ কি লাভ হ’ব, অঞ্চসমূহৰ কেনেধৰণৰ পৰিৱৰ্তন হ’ব সেই বিষয়ে বহলাই ব্যাখ্যা দাঙি ধৰে।

ইয়াৰ উপৰি তেওঁ অসমত নতুন স্থাপন কৰা কেবাখনো মেডিকেল কলেজ, বিশ্ববিদ্যালয় স্থাপনৰ কথা উল্লেখ কৰে। এইসমূহৰ পৰা নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীখিনিয়ে কিদৰে লাভান্বিত হ’ব সেই বিষয়েও তেওঁ ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে এইসমূহ কাম সম্ভৱ হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজি আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক সকলোৱে সন্মান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে আজি নিজকে ভাৰতীয় বুলি আমি গৌৰৱ অনুভৱ কৰো। প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ স্বাভিমান গামোচাখন ডিঙিত লৈ নিজকে অসমীয়া গামোচাখনৰ ব্ৰেণ্ড এম্বাছেডৰ বুলি কোৱা কথা তেওঁ ভাষণত প্ৰকাশ কৰি কয় যে ইয়াতকৈ ডাঙৰ কথা আমাৰ বাবে আৰু কি হ’ব পাৰে।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰ্যটনক আগবঢ়াই নিবৰ কাৰণে কাজিৰঙাত আহি নিশাটো থাকি যোৱাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে। তেওঁ কয় যে কোনো এজন প্ৰধানমন্ত্ৰীয়ে পূৰ্বতে এনেকুৱা নিদৰ্শন দাঙি ধৰা নাছিল। তেওঁ কাজৰঙালৈ আহি গোটেই বিশ্বক জনাই দিছিল কাজিৰঙাৰ বিষয়ে। এয়া হ’ল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু নৰেন্দ্ৰ মোদীক এইবাৰ আমি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰিব লাগিব বুলি তেওঁ কয়।

তেওঁ কয় যে আমি বস্তৱটো দেখিছো, চলাহী কথাত আৰু ভোল যাবলৈ নাই। যিজন নেতাই বেয়াৰ পৰা ভাৰতবৰ্ষ তথা অসমৰ অৱস্থা ভাললৈ আনিলে, সেইগৰাকী নেতা নৰেন্দ্ৰ মোদীক আমি তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰাৰ সংকল্প ল’ব লাগিব বুলি ভাষণত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ আৰু কয় যে ২০০ বছৰ শাসন কৰা ব্ৰিটিছক আজি পিছ পেলাই ভাৰত বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশ হৈছে। এয়া কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আজি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে ভৱিষ্যতে আমি চীনক পিছ পেলাই তৃতীয় অৰ্থনীতিৰ দেশ হ’ব লাগিব। ২০৪৭ চন আমাৰ সংকল্প যে ভাৰতবৰ্ষ বিশ্বগুৰু হ’ব লাগিব। ভাৰতবৰ্ষ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দেশ হ’ব লাগিব আৰু সেই সৰ্বশ্ৰেষ্ঠ দেশৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য অসম হ’ব লাগিব। ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনৰাতি একাকাৰ কৰি কাম কৰি আছে বুলি তেওঁ ভাষণত প্ৰকাশ কৰে।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতক ২০৪৭ চনলৈ এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব নতুন ভোটদাতাসকল। 'নৱ ভোটদাতা আৰু যুৱ সন্মিলন’ত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিজন নৱভোটদাতাক অহা ৭ তাৰিখে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিবলৈ বিজেপি, ইউপিপিএল আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়৷ প্ৰথম ভোট উন্নয়নৰ বাবে, প্ৰথম ভোট মোদীৰ বাবে!- নতুন ভোটাৰসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ নলবাৰী মণ্ডল স্থিত মহিনা (বুনবাৰী) বাথৌ মন্দিৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাখনলৈ মন্ত্ৰীগৰাকীক কাৰ্যকৰ্তাসকলে বাইক ৰেলীৰে আগবঢ়াই নিয়ে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বৰপেটা লোকসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত উত্তৰ নলবাৰী মণ্ডলৰ অন্তৰ্গত ক্ষুদ্ৰ কটলা বৰকুছি স্থিত দুৰ্গা মন্দিৰ প্ৰাঙ্গনত আন এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷

স্বাধীনতাৰ পূৰ্বে অসম ভাৰতৰ আটাইতকৈ ধনী ৰাজ্য আছিলঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
অসম ৰ'ফিং উদ্যোগে জন জীৱনলৈ মাতিছে বিপদঃ স্বাস্থ্য বিভাগৰ অভিযানতে ভয়ংকৰ তথ্য প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in