'অভাৰব্ৰীজ, পথ পকীৰণ কৰিলেই উন্নয়ন নুবুজায়'- প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ

স্বয়ং মুখ্যমন্ত্ৰীকেই কৰিলে কটাক্ষ
'অভাৰব্ৰীজ, পথ পকীৰণ কৰিলেই উন্নয়ন নুবুজায়'- প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ
'অভাৰব্ৰীজ, পথ পকীৰণ কৰিলেই উন্নয়ন নুবুজায়'- প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ

ডিজিটেল ডেস্কঃ অসমত আজি তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে। এই তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অব্যাহত থকাৰ মাজতে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম পন্যাগাৰ নিগমৰ অধ্যক্ষ অশোক শৰ্মাই নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই ক্ষোভ উজাৰিলে।

প্ৰাক্তন বিধায়কগৰাকীয়ে ভোট দিবলৈ আহি সাংবাদিকৰ আগত ৰাজ্য তথা দেশৰ বিত্তীয় অৱস্থাক লৈ তীব্ৰ কটাক্ষ কৰে। তেওঁ কয়, অভিজ্ঞতা হৈছে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালকৈ চলাব নোৱাৰি। নৱপ্ৰজন্মই এই কথাৰ ওপৰত গুৰুত্ব দিব লাগে।

ধাৰৰ বোজা বহন কৰি কিদৰে একোটা পৰিয়াল ধ্বংস হৈ গৈছে সেই দৃশ্য তেওঁ দেখিছে বুলি উল্লেখ কৰি কয়, আজি এহেজাৰ কোটি অহা মাহত ডেৰ হাজাৰ কোটি এইদৰে ধাৰ লৈ লৈ ধাৰ বৃদ্ধি গৈ আছে। ধাৰৰ বোজাত আমাৰ ৰাজ্যখন যাতে ধ্বংস হৈ নাযায় তাৰ ওপৰত নৱপ্ৰজন্মই চকু ৰখা উচিত।

অভাৰব্ৰীজ বা পথ পকীকৰণেই উন্নতিৰ কথা নুবুজায় বুলি কৈয়ো তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনেইক তীব্ৰ কটাক্ষ কৰিছে। তেওঁ কয় বিত্ত ব্যৱস্থা ভালে থাকিলেহে ৰাজ্য অধিক শক্তিশালী হ'ব।

মন কৰিবলগীয়া যে, বিধানসভা নিৰ্বাচনত টিকট বঞ্চিত হোৱাৰে পৰা বিভিন্ন সময়ত পুৰণি বিজেপি কৰ্মী অশোক শৰ্মাই ক্ষোভ উজাৰি আহিছে। দলৰ শীৰ্ষ নেতাকো সাক্ষাৎ কৰি তেওঁ অসমত দলটোৰ ভিতৰত কি চলি আছে সেই বিষয়ে অৱগত কৰিছে। একাংশ পুৰণি বিজেপি নেতাই অশোক শৰ্মাৰ এনে স্থিতিক মাজে মধ্যে মুকলি কৈ নহলেও প্ৰকাৰন্তৰে তেওঁৰ ক্ষোভৰ কাৰণ আছে বুলি কৈ সমৰ্থনো কৰি আহিছে।

ইফালে দলৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবেই নগাওঁ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰো প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। তাৰ পাছতো আজি ভোটগ্ৰহণৰ মাজতে অশোক শৰ্মাই স্বয়ং মুখ্যমন্ত্ৰী ড০ শৰ্মাকেই লক্ষ্য কৰি যি কটাক্ষ কৰিলে ইয়াৰ পাছত মুখ্যমন্ত্ৰীৰ স্থিতি কি হয় সেয়া হ'ব লক্ষ্যণীয়।

'অভাৰব্ৰীজ, পথ পকীৰণ কৰিলেই উন্নয়ন নুবুজায়'- প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ
প্ৰতিকুল বতৰৰ মাজতো আশাব্যঞ্জক ভোটদানৰ হাৰঃ ১ বজালৈকে ভোটদানৰ হাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in