জেপি নড্ডাৰ ঘৰত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক অব্যাহত...

ভোটগণনাৰ পূৰ্বে অনুষ্ঠিত হোৱা বৈঠকত কেইবাটাও বিষয় আলোচনা
জেপি নড্ডাৰ ঘৰত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক অব্যাহত...
জেপি নড্ডাৰ ঘৰত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক অব্যাহত...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰাকক্ষণত আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ বাসগৃহত এন ডি এৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত উপস্থিত আছে জেপি নড্ডাৰ উপৰিও দলটোৰ নীতি নিৰ্ধাৰণ কমিটীৰ সদস্যৰ লগতে জ্যেষ্ঠ নেতাসকল। সন্ধিয়াৰে পৰা আৰম্ভ হোৱা এই বৈঠক বাতৰি লিখাৰ পৰলৈকে অন্ত পৰা নাই।

ইয়াৰোপৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছে। অৱশ্য তেওঁৰ এই সাক্ষাতক সৌজন্যমূলকহে আখ্যা দিছে। কিয়নো নিৰ্বাচনৰ পূৰ্বে বাৰনাসীত মোডীয়ে মনোনয়ন দাখিল কৰাৰ সময়তে নীতিশ কুমাৰ অসুস্থতাৰ হেতু তেওঁৰ কাষত থাকিব পৰা নাছিল। অৱশ্যে সূত্ৰই সদৰি কৰা মতে এন ডি এ চৰকাৰ গঠন হ'লে জে ডি ইউ দলৰ সাংসদসকলৰ মন্ত্ৰীত্বৰ পদ সন্দৰ্ভত এই বৈঠকত আলোচনা হৈছে।

ইফালে জে পি নড্ডাৰ বাসগৃহত অনুষ্ঠিত হোৱা এই বৈঠকত জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ কেইবাজনো সাধাৰণ সম্পাদকো উপস্থিত আছে। অৱশ্যে এই বৈঠকত মূলতঃ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠক বুলিহে কোৱা হৈছে।

তাৰ মাজতে অৱশ্যে ৪ জুনত অনুষ্ঠিত হ’বলগীয়া ভোটগণনাৰ সন্দৰ্ভতো আলোচনা কৰা হৈছে বুলি বিজেপিৰ জ্যেষ্ঠ সাধাৰণ সম্পাদক বিনোড তাৱড়েয়ে জানিবলৈ দিছে।

তেওঁ জানিবলৈ দিয়া মতে এই বৈঠকত হাৰিয়ানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, জ্যেষ্ঠ মন্ত্ৰী পীযুষ গোৱেলো উপস্থিত আছে। এই বৈঠকৰ পৰাই বিভিন্ন ৰাজ্যৰ ৰাজ্যিক সভাপতিসকলৰ পৰাও নিৰ্বাচন কেন্দ্ৰিক বিষয়ৰ ওপৰত তথ্য সংগ্ৰহ কৰি আলোচনা কৰা হৈছে।

জেপি নড্ডাৰ ঘৰত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক অব্যাহত...
ভোটগণনাৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত প্ৰস্তুতি সম্পূৰ্ণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in