/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d18cf18a-8b0f-4b32-8eac-68f91c6d7253/congress_29.jpg)
ইণ্ডোৰত কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰঃ যোগদান কৰিলে বিজেপিত...
ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ দুটাকৈ পৰ্যায়ৰ ভোটগ্ৰহণত দেশৰ মুঠ ১৯১ খন আসনত ভোটগ্ৰহণ সফলতাৰে সমাপ্তি হ’ল যদিও এতিয়াও বিপৰ্যয়ে লগ এৰা নাই কংগ্ৰেছক। দলটোৰ একাংশ নেতা তথা প্ৰাৰ্থীয়ে শেষ মুহূৰ্তত দলটোক কৰিছে বিশ্বাসঘাটকতা।
ইণ্ডোৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অক্ষয় কান্তি বামে শেহতীয়াকৈ বিজেপিত যোগদান কৰিছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা অক্ষয় কান্তিয়ে শেষ মুহূৰ্তত নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিলে।
তেওঁ মধ্যপ্ৰদেশৰ মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়া আৰু বিজেপি বিধায়ক ৰমেশ মেণ্ডোলৰ সৈতে গৈ তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰ পিছতেই পোনপটীয়াকৈ বিজেপি কাৰ্যালয়লৈ গৈ তেওঁ দলটোত যোগদান কৰে।
মধ্যপ্ৰদেশৰ জ্যেষ্ঠ বিজেপি নেতা তথা মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়ে এই সন্দৰ্ভত এক এক্সত এখন ছেলফিৰে সৈতে এটা পোষ্ট আপলোড কৰিছে। এক্সত তেওঁ লিখিছে- মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীজী, ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী জেপি নড্ডাজী, মুখ্যমন্ত্ৰী ড০ মোহন য়াদৱজী আৰু প্ৰদেশ অধ্যক্ষ শ্ৰীভি ডি শৰ্মাজীৰ নেতৃত্বত বিজেপিলৈ কংগ্ৰেছৰ লোকসভা প্ৰাৰ্থী অক্ষয় কান্তি বামজীক আদৰণি জনালোঁ।
প্ৰকাশিত খবৰ অনুসৰি অক্ষয় কান্তিয়ে এইদৰে কংগ্ৰেছক বিশ্বাসঘাটকতা কৰি শেষ মুহূৰ্তত বিজেপিত চামিল হোৱাৰ গোটেই 'প্লেন' এখন হোটেলত তৈয়াৰ কৰা হৈছিল। ৰাজ্যখনৰ বিজেপি নেতৃত্বই এতিয়া গুজৰাটৰ নেতৃত্বই চুৰাট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী কৰোৱাৰ দৰেই ইণ্ডোৰ আসনখনত বিজেপি প্ৰাৰ্থীক বিজয়ী কৰাৰ কৌশল ৰচনা কৰিছে।
সমষ্টিটোত কংগ্ৰেছৰ উপৰিও নিৰ্দলীয়কে ধৰি আন ২১ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। এইসকল প্ৰাৰ্থীৰো মনোনয়ন প্ৰত্যাহাৰ কৰোৱাই সমষ্টিটো দখলৰ ব্লুপ্ৰিণ্ট বিজেপিৰ।
इंदौर से कांग्रेस के लोकसभा प्रत्याशी श्री अक्षय कांति बम जी का माननीय प्रधानमंत्री श्री @narendramodi जी, राष्ट्रीय अध्यक्ष श्री @JPNadda जी, मुख्यमंत्री @DrMohanYadav51 जी व प्रदेश अध्यक्ष श्री @vdsharmabjp जी के नेतृत्व में भाजपा में स्वागत है। pic.twitter.com/1isbdLXphb
— Kailash Vijayvargiya (Modi Ka Parivar) (@KailashOnline) April 29, 2024
Also Read: কোটাত আকৌ উদ্ধাৰ ছাত্ৰৰ ওলমি থকা নিথৰ দেহঃ ২০২৪ ত এয়া অষ্টমতো ঘটনা...