উজনিৰ ৫ সমষ্টিত কি হ'ব ফলাফল? বিজেপিৰ আজি নিশা পৰ্যালোচনা বৈঠক
উজনিৰ ৫ সমষ্টিত কি হ'ব ফলাফল? বিজেপিৰ আজি নিশা পৰ্যালোচনা বৈঠক

উজনিৰ ৫ সমষ্টিত কি হ'ব ফলাফল? বিজেপিৰ আজি নিশা পৰ্যালোচনা বৈঠক

মুখ্যমন্ত্ৰীৰ উপস্থিতিত বশিষ্ঠৰ ৰাজ্যিক কাৰ্যালয়ত হ'ব বৈঠক

ডিজিটেল ডেস্কঃ কি হ'ব উজনি অসমৰ ৫ টাকৈ লোকসভা সমষ্টিত বিজেপিৰ ফলাফল? আশা কৰা ধৰণেই বিজেপিয়ে লাভ কৰিব নে ভোট? নে সামাজিক মাধ্যমৰ চৰ্চাৰ দৰেই যোৰহাট আৰু ডিব্ৰুগড়ে লগাব খেলিমেলি? ৫ টাকৈ সমষ্টিতে বিজয়ী হ'ব নে বিজেপিৰ পাঁচোগৰাকী প্ৰাৰ্থী? এই সকলো বিষয় আজি পৰ্যালোচনা কৰিব ৰাজ্যিক বিজেপিয়ে।

নিশা ১০ বজাৰ পাছত ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব উজনি অসমৰ ৫ টাকৈ লোকসভা সমষ্টিৰ পৰ্যালোচনা সভা। দিনৰ ভাগত কেৰালাৰ ৱাইনাড সমষ্টিত এক ৰোডশ্ব'ত অংশগ্ৰহণৰ উপৰিও আৰকুলামত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই নিৰ্বাচনী সভা।

এই পৰ্যালোচনা সভাত উপস্থিত থাকিব উজনি অসমৰ পাঁচোটা লোকসভা সমষ্টিৰ বিজেপি বিধায়কসকলৰ লগতে জিলাসমূহ প্ৰভাৰীসকলে। প্ৰতিজন বিধায়কে তেওঁলোকৰ সমষ্টি ভিত্তিত দাখিল কৰিব প্ৰতিবেদন।

উল্লেখ্য যে, যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰি ভোট যুদ্ধত নামিছিল যদিও সমষ্টিটোক লৈ আস্বস্ত হ'ব পৰা নাই বিজেপিৰ ৰাজ্যিক নেতৃত্ব। ইফালে ডিব্ৰুগড়তো লুৰীণজ্যোতি গগৈৰ সপক্ষে অন্তিম মুহূৰ্তত বতাহ তীব্ৰ হোৱাত এই সমষ্টি দুটাক লৈ কিছু চিন্তিত হৈছে বিজেপি। অৱশ্যে বাকী তিনিওটা সমষ্টিক লৈ বৰ বিশেষ চিন্তিত নহয় বিজেপি। শোণিতপুৰ, লখিমপুৰ আৰু কাজিৰঙাত অনায়াসে বিজয়ী হ'ব বুলিয়েই আস্বস্ত বিজেপি।

উজনিৰ ৫ সমষ্টিত কি হ'ব ফলাফল? বিজেপিৰ আজি নিশা পৰ্যালোচনা বৈঠক
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ গ্ৰাউণ্ড ৰিপ'ৰ্টে হতাশ কৰিছে মোডীক ! সাম্প্ৰদায়িক মন্তব্যক লৈ উত্তাল ৰাজনীতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in