Loksabha Election 2024: আজি ইভিএমত বন্দী হ'ব ১৭১৭ গৰাকী প্রার্থীৰ ভাগ্য

Loksabha Election 2024: আজি ইভিএমত বন্দী হ'ব ১৭১৭ গৰাকী প্রার্থীৰ ভাগ্য

ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ১৩মে'ত দেশত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫বজালৈ ভোটগ্রহণ কৰা হ'ব।

ইয়াৰ ভিতৰত অন্ধ্র প্রদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্য প্রদেশ আৰু পশ্চিম বংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে।

উল্লেখযোগ্য যে এই পৰ্যায়ৰ বাবে মুঠ ১৭১৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুর্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্রপ্রদেশৰ ১৭৫ জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ ১৪৭ খন আসনৰ ২৮ খনৰ বাবে ভোটগ্রহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে।

চতুর্থ পৰ্যায়ৰ নিৰ্বাচনত কেইবাগৰাকী হেভীৱেট প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ'ব। এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে- উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী অখিলেশ যাদৱ। কনৌজ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে। তেওঁৰ পত্নী ডিম্পল যাদৱে ময়নপুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

একেদৰে মহুৱা মৈত্ৰই পশ্চিম বংগৰ কৃষ্ণনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে পশ্চিম বংগৰ বেৰহামপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্রাক্তন ক্রিকেটাৰ তথা তৃণমূল নেতা ইউছুফ পাঠান।

আনহাতে বিহাৰৰ বেগুচৰাই সমষ্টিত ভাগ্য নির্ণয় হ'ব কেন্দ্রীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ। আনহাতে অন্ধ্র প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন ৰেডীৰ ভগ্নী তথা কংগ্ৰেছৰ মুৰব্বী ৱাই এছ শর্মিলাই প্রতিদ্বন্দ্বিতা কৰিছে অন্ধ্রৰ কড়াপা সমষ্টিৰ পৰা।

ইভিএমত ভাগ্য বন্দী হ'ব কেন্দ্রীয় মন্ত্রী তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী অর্জুন মুণ্ডাৰ। ঝাৰখণ্ডৰ খুন্তী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে অর্জুন মুণ্ডাই। পশ্চিম বংগৰ আছানছ'ল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে তৃণমূল নেতা তথা বলিউডৰ অভিনেতা শত্রুঘ্ন সিনহাই।

তেলেংগনাৰ হায়দৰাবাদ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্বৰে প্ৰতিদ্বন্দ্বিতা কৰিছে অভিনেত্রী মাধৱী লতাই। চতুর্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মাজত তেলেংগনাৰ কৰিমনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে চৰ্চিত বিজেপি প্রার্থী বান্দি সঞ্জয় কুমাৰে।

প্ৰাণিধানযোগ্য যে ২০ মে’ত পঞ্চম পৰ্যায়ত ৮খন ৰাজ্যৰ ৪৯খন আসনত হ’ব নিৰ্বাচন। ২৫ মে’ত ষষ্ঠ পৰ্যায়ত ৭খন ৰাজ্যৰ ৫৭খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন আৰু ১জুন তাৰিখে সপ্তম পৰ্যায়ত ৮ ৰাজ্যৰ ৫৭টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোটগণনা অনুষ্ঠিত হ'ব ৪ জুনত।

Loksabha Election 2024: আজি ইভিএমত বন্দী হ'ব ১৭১৭ গৰাকী প্রার্থীৰ ভাগ্য
ছয়গাঁৱত উদ্ধাৰ যুৱকৰ মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in