কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে ৩ জন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন...

কোকৰাঝাৰত এন ডি এৰ প্ৰাৰ্থীৰ সৈতে হ'ব হেনো পৃথ্বীৰাজৰ প্ৰতিদ্বন্দীতা
কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে ৩ জন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন...
কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে ৩ জন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ১নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে আজি তিনিজন প্ৰাৰ্থীয়ে নিজ মনোনয়নপত্ৰ দাখিল কৰে। তেওঁলোক হ'ল ক্ৰমে নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ন দেৱ মেচ, ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেলৰ ললিত পেগু আৰু পাব্লিক ৰিলেচন পাৰ্টীৰ ৰঞ্জয় কুমাৰ ব্ৰহ্ম।

উল্লেখ্য যে, মুষ্টিমেয় আৰু সীমিতসংখ্যক সমৰ্থক লৈ প্ৰাৰ্থী তিনিজনে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত নিজ মনোনয়নপত্ৰ দাখিল কৰে। মনোনয়ন দাখিল কৰাৰ পিছত সংবাদমাধ্যমৰ আগত পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে কয় যে, তেওঁৰ জিকাৰ সম্ভাৱনা ৮০ - ৯০ শতাংশ আছে। বাকী ১০ শতাংশৰ বাবে কষ্ট কৰিব লাগিব। ৰাইজৰ মৰম-চেনেহ, আশীৰ্বাদ লাগিব।

গণতান্ত্ৰিক প্ৰমুল্যবোধ বৰ্তাই ৰাখি সুস্থ্য নিৰ্বাচনৰ পোষকতা কৰি সাংবাদিকৰ এক প্ৰশ্নত্তোৰত পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে এন ডি এৰ প্ৰাৰ্থীৰ সতে তেওঁৰ প্ৰতিদ্বন্দিতা হ'ব বুলি উল্লেখ কৰিছে। এন ডি এ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী প্ৰকৃততে এবছুৰ বেকগ্ৰাউণ্ড প্ৰাৰ্থী বুলি উল্লেখ কৰি সকলো জাতি জনগোষ্ঠীয়ে এবছু বেকগ্ৰাউণ্ডৰ প্ৰাৰ্থীক আদৰি নলয় বুলি তাপপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।

জয়ন্ত বসুমতাৰীয়ে ট্ৰেক্টৰ চিহ্নটো ভাড়াত লোৱা বুলি উল্লেখ কৰিছে। তেওঁ কয় যে, ইউ পি পি এলৰ প্ৰকৃত প্ৰাৰ্থী বেৰ্লাও কাৰ্জী বা ৰাজু কুমাৰ নাৰ্জাৰীহে আছিল। জয়ন্ত কুমাৰ বসুমতাৰী এবছুৰ ডেমী প্ৰাৰ্থী বুলি অভিহিত কৰি পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে কয় যে, ৰাজ্যসভাৰ সাংসদ ৰৌনগৌৰা নাৰ্জাৰী বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বেয়াকৈ হৰা সত্বেও এবছু সমৰ্থিত হোৱা বাবে ৰাজ্যসভাৰ সাংসদ হৈছিল।

বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, গোসাঁইগাঁওৰ বিধায়ক জিৰন বসুমতাৰী, ওদালগুৰীৰ বিধায়ক জলেন বসুমতাৰী এবছু বেকগ্ৰাউণ্ডৰ প্ৰাৰ্থী আছিল বুলি মন্তব্য কৰিছে পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে। ইপিনে বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য হৈ থকাৰ সময়তে সাধাৰণ এমচিএলএ নিৰ্বাচনত হাৰিছিল বুলি মন্তব্য কৰি পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে কয় যে, বিটিচি নিৰ্বাচনত মাথো ১৫ হাজাৰ ভোট আদায় কৰিব নোৱাৰা খাম্পা বৰগয়াৰীয়ে ১৪ লাখ ভোটাৰৰ পৰা কিমান ভোট আদায় কৰিব পাৰিব সেয়া ৰাইজে জানে বুলি উল্লেখ কৰে ।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে ৩ জন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন...
লোকসভা নিৰ্বাচনৰ পাছতে BJP-UPPL ৰ মাজত ফাট মেলিবঃ হাগ্ৰামা মহিলাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in