১ বজালৈ মহাৰাষ্ট্ৰত সৰ্বনিম্ন ভোটদানঃ অসমৰ দৰং-ওদালগুৰিত ভোটদানৰ হাৰ সৰ্বাধিক...

অসমৰ ৫ সমষ্টিত ৪৬.৩১ শতাংশ ভোটদান

author-image
Asomiya Pratidin
New Update
১ বজালৈ মহাৰাষ্ট্ৰত সৰ্বনিম্ন ভোটদানঃ অসমৰ দৰং-ওদালগুৰিত ভোটদানৰ হাৰ সৰ্বাধিক...

১ বজালৈ মহাৰাষ্ট্ৰত সৰ্বনিম্ন ভোটদানঃ অসমৰ দৰং-ওদালগুৰিত ভোটদানৰ হাৰ সৰ্বাধিক...

ডিজিটেল ডেস্কঃ দেশৰ মুঠ ১৩ খন ৰাজ্যত আজি অনুষ্ঠিত হৈ থকা ভোটগ্ৰহণত প্ৰথম ভাগত যথেষ্ট কম হাৰত ভোটদিবলৈ জনসাধাৰণ ওলাই আহিছিল যদিও সময় বাগৰাৰ লগে লগে ভোটদানৰ হাৰ কিছু বৃদ্ধি পাইছে। ১১ বজালৈকে অসমৰ ৫ টা লোকসভা সমষ্টিত মাত্ৰ ২৭.৪৩ শতাংশ ভোটদানৰ হাৰ আছিল যদিও ১ বজাত এই হাৰ ৪৬.৩১ শতাংশলৈ বৃদ্ধি পাইছে। অসমত ভোটগ্ৰহণ চলি থকা মুঠ ৫ টা সমষ্টিৰ ভিতৰত দৰং-ওদালগুৰিত ৪৯.৭২ শতাংশ, ডিফুত ৪৬.৪০ শতাংশ, কৰিমগঞ্জত ৪৯.১৪ শতাংশ, নগাওঁ সমষ্টিত ৪৪.৪৮ শতাংশ আৰু শিলচৰ সমষ্টিত ৪০.২৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

Advertisment

সেইদৰে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজাৰ ভিতৰত বিহাৰত ৩৩.৮০ শতাংশ, চত্তিশগড়ত ৫৩.০৯ শতাংশ, জম্মু আৰু কাশ্মীৰত ৪২.৮৮ শতাংশ, কৰ্ণাটকত ৩৮.২৩ শতাংশ, কেৰালাত ৩৯.২৬ শতাংশ, মধ্যপ্ৰদেশত ৩৮.৯৬ শতাংশ, মহাৰাষ্ট্ৰত ৩১.৭৭ শতাংশ, মণিপুৰত ৫৪.২৬ শতাংশ, ৰাজস্থানত ৪০.৩৯ শতাংশ, ত্ৰিপুৰাত ৫৪.৪৭ শতাংশ, উত্তৰ প্ৰদেশত ৩৫.৭৩ শতাংশ, পশ্চিমবংগত ৪৭.২৯ শতাংশ ভোটদান হৈছে।

উল্লেখ্য, অসমকে ধৰি আজি ১৩ খন ৰাজ্যৰ ৮৯ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত মুঠ ১২০৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব জনতাই।

Also Read: নিৰ্বাচনৰ মাজতে উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো ভোটকেন্দ্ৰৰ EVM আৰু VVPAT ৰ শ্লিপ মিলাই চোৱাৰ প্ৰয়োজন নাই...

লোকসভা নিৰ্বাচন