LIVE UPDATES: ইতি নহয়, এয়া যুদ্ধৰ আৰম্ভণিহে! আজি পাকিস্তান প্ৰধানমন্ত্ৰীৰ সংবাদমেল...

২২ এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামৰ বৈছাৰণ উপত্যকাত পাকিস্তানৰ সমৰ্থনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ যথোচিত  প্ৰত্যুত্তৰ দিলে ভাৰতে। অপাৰেচন সিন্দুৰৰ জৰিয়তে চলাইছে অভিযান।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
LIVE UPDATES: পেহেলগামৰ যথোচিত প্ৰত্যুত্তৰ 'অপাৰেচন সিন্দুৰ'...

২২ এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামৰ বৈছাৰণ উপত্যকাত পাকিস্তানৰ সমৰ্থনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ যথোচিত  প্ৰত্যুত্তৰ দিলে ভাৰতে। ৭ মে' ২০২৫ ৰ নিশা প্ৰায় ১ বজাত ভাৰতীয় সেনাই 'অপাৰেচন সিন্দুৰ'ৰ জৰিয়তে সফল অভিযান চলাই ৯ টা কৈ স্থানত মিছাইল আক্ৰমণ কৰি সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাই নহয়, ৩০ টাকৈ সন্ত্ৰাসবাদীক নিধনো কৰিলে। ভাৰতৰ এই আক্ৰমণৰ পাছতে এতিয়া পাকিস্তানেও দিছে প্ৰত্যুত্তৰৰ হুংকাৰ। অৱশ্যে ইয়াৰ বাবে সম্পূৰ্ণ সাজু ভাৰত। 

  • May 11, 2025 04:08 IST

    দেওবাৰে পাক প্ৰধানমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা...

    • দেওবাৰে পাক প্ৰধানমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰাৰ সম্ভৱনা।
    • শনিবাৰে নিশাই সংবাদমেল সম্বোধন কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰীগৰাকীৰ।
    • চীনৰ সৈতে বাৰ্তালাপৰ অন্তত নিশা সংবাদমেল সম্বোধন নকৰিলে পাকিস্তানে



  • May 11, 2025 04:07 IST

    পাকিস্তানী ড্ৰোণৰ খুন্দাত শ্বহীদ ভাৰতীয় বায়ু সেনাৰ জোৱান!

    • জম্মু-কাশ্মীৰৰ বায়ু সেনাৰ ঘাটিত এজন জোৱান শ্বহীদ।
    • উধামপুৰত থকা বায়ু সেনাৰ ঘাটিত পাকিস্তানৰ এটা ড্ৰোণৰ খুন্দাত মৃত্যু হয় জোৱানজনৰ।
    • বায়ু সেনাই আকাশতে ড্ৰোণটো ধ্বংস কৰিছিল যদিও ড্ৰোণটোৰ এটা অংশই খুন্দা মাৰিছিল জোৱানজনক।
    • উল্লেখ কৰা প্ৰয়োজন যে, যুদ্ধবিৰতি ঘোষণা হোৱাৰ আগতেই সংঘটিত হৈছিল এই ঘটনা।
    • আঘাতপ্ৰাপ্ত জোৱানগৰাকীৰ মৃত্যু হয় পুৱতি নিশা।



  • Advertisment
  • May 10, 2025 14:00 IST

    ফৰিদকোটেও জাৰি কৰিলে ৰেড এলাৰ্ট

    ফৰিদকোট জিলা প্ৰশাসনেও বিমান আক্ৰমণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে আৰু অতি প্ৰয়োজনীয় নহ’লে বাহিৰলৈ ওলাই নাহিবলৈ নিৰ্দেশ দিছে। 

    ৰাজস্থানৰ পোখৰাণ, যোধপুৰ, জয়ছালমেৰ, শ্ৰীগংগানগৰকে ধৰি কেইবাখনো জিলাৰ বাবেও ৰেড এলাৰ্ট জাৰি কৰা হৈছে। পাকিস্তানী ড্ৰ’নে বাৰে বাৰে পঞ্জাৱৰ আকাশমাৰ্গেৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই আহিছে।



  • May 10, 2025 13:10 IST

    হিমাচলৰ উনাত উদ্ধাৰ অজ্ঞাত ধাতুৰ সামগ্ৰীঃ আতংকিত জনতা

    হিমাচল প্ৰদেশৰ উনাত সন্দেহজনক ধাতুৰ বস্তু উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। আযুক্ত যতীন লালে সংবাদ সংস্থা এএনআইক কয় যে, "এটা সন্দেহজনক ধাতুৰ বস্তু পোৱা গৈছে আৰু আমি উচ্চপদস্থ বিষয়া আৰু সেনাক অৱগত কৰিছো। মই সকলোকে জনাই দিব বিচাৰো যে আতংকিত হোৱাৰ প্ৰয়োজন নাই, প্ৰশাসন সজাগ হৈ আছে। যদি কাৰোবাৰ হাতত এই সন্দৰ্ভত কিবা তথ্য আছে তেন্তে তেওঁলোকে কৰ্তৃপক্ষক অৱগত কৰিব লাগিব।"



  • May 10, 2025 11:47 IST

    বাৰ্মেৰত জাৰি কৰা হৈছে হাই ৰেড এলাৰ্ট



  • May 10, 2025 11:45 IST

    যোধপুৰত হাই ৰেড এলাৰ্ট জাৰি

    যোধপুৰত জাৰি কৰা হৈছে হাই ৰেড এলাৰ্ট। জিলা দণ্ডাধীশে ততাতৈয়াকৈ সকলোকে ঘৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে। এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, সকলো বজাৰ শীঘ্ৰে বন্ধ কৰাৰ লগতে সকলো আন্দোলন বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। তাৎক্ষণিকভাৱে বলবৎ কৰাটো নিশ্চিত কৰাৰ নিৰ্দেশ প্ৰদান।



  • May 10, 2025 11:42 IST

    পাকিস্তানে ভাৰতৰ এছ-৪০০ ক্ষেপণাস্ত্ৰ ধ্বংস কৰাৰ দাবী “সম্পূৰ্ণ মিছা”

    পাকিস্তানে ভাৰতৰ এছ-৪০০ ক্ষেপণাস্ত্ৰ ধ্বংস কৰাৰ দাবী “সম্পূৰ্ণ মিছা”। এই স্পষ্টীকৰণ দিলে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে।



  • May 10, 2025 10:37 IST

    পাকিস্তানী বায়ুসেনাৰ তিনিটা ঘাটি ধ্বংস কৰিলে ভাৰতে...

    পাকিস্তানী সেনাই নিশ্চিত কৰিছে যে তেওঁলোকৰ বায়ুসেনাৰ তিনিটা ঘাটি প্ৰায় ধ্বংস হৈছে। ইয়াৰ ভিতৰত ইছলামবাগৰ পৰা ১০ কিলোমিটাৰতকৈও কম দূৰত্বত অৱস্থিত আৰু দেশৰ সামৰিক মুখ্য কাৰ্যালয়ৰ কাষতে অৱস্থিত ৰাৱালপিণ্ডিৰ অতি স্পৰ্শকাতৰ নুৰ খান বিমান ঘাটিটো অন্যতম। 



  • May 10, 2025 08:09 IST

    ভাৰতৰ সেনা চাউনী আৰু সেনা ঘাটিক লক্ষ্য কৰি আক্ৰমণ

    শুকুৰবাৰে নিশা পাকিস্তানে ভাৰতৰ সেনা চাউনী আৰু সেনা ঘাটিক লক্ষ্য কৰি আক্ৰমণৰ চেষ্টা কৰে। পাকিস্তানে ধাৰাবাহিকভাৱে ড্ৰোণৰ জৰিয়তে পাঞ্জাবৰ ফিৰোজপুৰত আক্ৰমণ চলাই আছে। কিন্তু শত্ৰু দেশখনক যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতে।

    ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সকলোকে বাধা দিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতে ৫০ খনতকৈও অধিক ড্ৰোণ ধ্বংস কৰিছে। ইফালে পাঞ্জাৱৰ জলন্ধৰত বিস্ফোৰিত ড্ৰোণৰ অৱশিষ্ট উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই।



  • May 10, 2025 01:30 IST

    সাময়িকভাৱে বন্ধ দেশৰ ৩২টা বিমান বন্দৰ

    সাময়িকভাৱে বন্ধ দেশৰ ৩২টা বিমান বন্দৰ। ভাৰত- পাকিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বন্ধ ৰখা হৈছে দেশৰ ৩২টা বিমান বন্দৰ। বিমান বন্দৰ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিত ভাৰতীয় ৰে'ল বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। জম্মু- কাশ্মীৰৰ পৰা গুৱাহাটীলৈ চলিব বিশেষ ৰে'ল। 



  • May 09, 2025 22:16 IST

    পঞ্জাৱৰ ফিৰোজপুৰত ড্ৰোণ আক্ৰমণঃ এটা পৰিয়াল আহত

    সীমান্ত অঞ্চলত অব্যাহত থকা উত্তেজনা আৰু অবিৰত ড্ৰোণ কাৰ্যকলাপৰ মাজতে ফিৰোজপুৰৰ আৱাসিক এলেকাত পাকিস্তানী ড্ৰোণ আক্ৰমণ কৰা ফলত এটা পৰিয়াল আহত হয়। এএনআইৰ মতে, আহত পৰিয়ালটোক তৎক্ষণাত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়।



  • May 09, 2025 22:14 IST

    বাৰামুল্লা, কুপৱাৰা, বান্দিপোৰা জিলাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ

    পাকিস্তানী বাহিনীৰ তীব্ৰ গুলীবৰ্ষণৰ প্ৰতি সঁহাৰি জনাই কাশ্মীৰৰ ৩খন সীমান্ত জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বাস কৰা হাজাৰ হাজাৰ বাসিন্দাক স্থানান্তৰ কৰা হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বাৰামুল্লা, কুপৱাৰা, বান্দিপোৰা জিলাৰ লোকক বাংকাৰ আৰু অন্যান্য সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে।

    সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰাৰ পিছত পাকিস্তানে এল অ’ চিৰ কাষৰীয়া অসামৰিক অঞ্চলত অপ্ৰৰোচিতভাৱে গোলাবৰ্ষণ চলোৱাৰ পিছতে খালী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।



  • May 09, 2025 21:42 IST

    জম্মুত ১০০টাতকৈ অধিক ড্ৰোণ উদ্ধাৰ

    নিয়ন্ত্ৰণ ৰেখাত চলি থকা গোলাবৰ্ষণৰ মাজতে জম্মুত ১০০টাতকৈ অধিক পাকিস্তানী ড্রোণ ধ্বংস কৰে ভাৰতীয় সেনাই। শুকুৰবাৰে সন্ধিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাঞ্জাৱৰ পাঠানকোটত ধাৰাসাৰ গুলীবৰ্ষণ কৰে। লগতে ৩০টাকৈ অধিক বোমা নিক্ষেপ কৰে পাকিস্তানে। ইফালে ৰৌজৰি জিলাত পাকিস্তানী ড্রোণ ভূপতিত কৰে ভাৰতীয় সেনাই।



  • May 09, 2025 19:39 IST

    উৰিৰ পিছত এইবাৰ পুঞ্চ এলেকাতো পাকিস্তানৰ গুলীবৰ্ষণ

    উৰিৰ পিছত এইবাৰ পুঞ্চ এলেকাতো পাকিস্তানৰ গুলীবৰ্ষণ। ক্ৰমে শংক বৃদ্ধি পাইছে ভাৰত- পাকিস্তানৰ যুদ্ধৰ। পুঞ্চ এলেকাত ধাৰাসাৰ গুলীবৰ্ষণ পাকিস্তানৰ। ভাৰতীয় সেনাও দিছে প্ৰত্যুত্তৰ। উৰি আৰু পুঞ্চত ব্লেক আউট জাৰি।



  • May 09, 2025 15:18 IST

    পাকিস্তানৰ ওপৰত এইবাৰ তালিবানৰ আক্ৰমণ...

    • আফগানিস্তান সীমান্তত পাকিস্তানী সেনাক আক্ৰমণ
    • তালিবানে আক্ৰমণ চলাই পাকিস্তানক
    • ঘটনাত ২০ জনকৈ পাকিস্তানী সেনা নিহত
    • তেহৰিক-ই-তালিবানে আক্ৰমণ চলাই পাকিস্তানক



  • May 09, 2025 02:32 IST

    চাম্বা চেক্টৰত জেইছ-ঈ-মহম্মদৰ ৭ টা সন্ত্ৰাসবাদী নিহত...

    জম্মু কাশ্মীৰৰ চাম্বা চেক্টৰত জেইছ-ঈ-মহম্মদৰ ৭ টা সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰোতে সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত ।



  • May 09, 2025 02:07 IST

    দুভাগ হ'ল পাকিস্তান!

    কোনফালে যুঁজিব পাকিস্তানে। ভাৰতৰ সৈতে যুঁজ দি থকাৰ সময়তে আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হোৱা পাকিস্তান দ্বিখণ্ডিত হোৱাৰ দিশে।  ভাৰতৰ সৈতে যুজঁ দি থকাৰ সময়তে পাকিস্তানী সেনাই বেলুচিস্তানৰ কুৱেটা চহৰ এৰি পলায়ন কৰিছে । বেলুচ লিবাৰেশ্যন আৰ্মীয়ে অভিযান চলাই দখল কৰিছে চহৰখন। আৰু স্বাধীন বেলুচিস্তান ঘোষণা কৰি পতাকা উত্তোলন কৰিছে বেলুচ আৰ্মীয়ে।   উল্লেখ কৰা প্ৰয়োজন যে, বেলুচিস্তান হৈছে পাকিস্তানৰ দক্ষিণ-পশ্চিমৰ সৰ্ববৃহত প্ৰদেশ।  এই প্ৰদেশখনৰ স্বাধীনতাৰ বাবে দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে। কিছুদিনৰ পূৰ্বে এই বেলুচ আৰ্মীয়ে হত্যা কৰিছিল ১৪গৰাকী পাকিস্তানী জোৱানক। বৰ্তমান বেলুচিস্তানৰ জনতাই পাকিস্তানৰ পতাকাৰ পৰিৱৰ্তে নিজৰ পতাকা উত্তোলন কৰিছে প্ৰদেশখনত।  বেলুচ আৰ্মীক সৰ্মথন কৰিছে ইৰানেও। 



  • May 09, 2025 00:20 IST

    ভাৰতে বন্দী কৰিলে পাকিস্তানী পাইলটক...

    • ভাৰতে বন্দী কৰিলে পাকিস্তানী পাইলটক।
    • ভাৰতে ভূপতিত কৰা পাক যুঁজাৰু বিমানৰ পৰা উদ্ধাৰ কৰা হৈছে দুই পাইলটক।
    • ৰাজস্থান সীমান্তত বন্দী কৰিছে পাকিস্তানী দুই পাইলটক।
    • ইফালে পাক আক্ৰমণকলৈ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ আনুষ্ঠানিক বিবৃতি
    • জম্মু, পাঠানকোট, উধমপুৰৰ সেনা ঘাটিত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে
    • ড্ৰোণ আৰু মিছাইলেৰে আক্ৰমণ চলাইছিল
    • আক্ৰমণত কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই



  • May 09, 2025 00:19 IST

    কোনো মতে বাচিল! পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদুলি মুখত ভাৰতৰ মিছাইল...

    পাকিস্তানত ভাৰতৰ ভয়ংকৰ আক্ৰমণ।  প্ৰায় ১০০খন যুঁজাৰু বিমানেৰে পাকিস্তানৰ মূল মূল স্থানত মিছাইল নিক্ষেপ কৰিছে ভাৰতে। শেহতীয়াকৈ খবৰ আহিছে যে, ভাৰতীয় সেনাই পাক প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ পৰা কিছু নিলগত নিক্ষেপ কৰিছে মিছাইল। পাক প্ৰধানমন্ত্ৰীৰ ঘৰৰ পৰা প্ৰায় ২০কিলোমিটাৰ নিলগত পৰিছেগৈ ভাৰতৰ এই মিছাইল।

    কেৱল প্ৰধানমন্ত্ৰীয়ে নহয়, পাকিস্তানৰ সেনা প্ৰধানৰ বাসভৱনৰ সমীপতেও মিছাইল নিক্ষেপ কৰিছে ভাৰতে। ইফালে ভাৰতে পাকিস্তানৰ আৰু এখন যুজাঁৰু বিমান ভূপতিত কৰাৰ খবৰ আহিছে। বৰ্তমানলৈ মুঠ ৪খন বিমান ভূপতিত কৰিছে ভাৰতে। পাঠানকোটত পাকিস্তানৰ এই বিমান ভূপতিত কৰিছে ভাৰতে। 



  • May 09, 2025 00:18 IST

    সকলো শিক্ষানুষ্ঠান বন্ধৰ জৰুৰী ঘোষণা!

    • সকলো শিক্ষানুষ্ঠানৰ বন্ধৰ জৰুৰী ঘোষণা।
    • শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা প্ৰশাসনৰ।
    • দিল্লী আৰু পাঞ্জাৱৰ চৰকাৰে প্ৰেৰণ কৰিছে এই নিৰ্দেশ।
    • দিল্লীত বিশেষভাৱে সৰ্তকতা জাৰি।
    • ইণ্ডিয়া গেটৰ পৰা আঁতৰাই পঠোৱা হৈছে সকলো লোকক।
    • মাজৰাতি পাঞ্জাৱ চৰকাৰেও জাৰি কৰিলে জৰুৰী নিৰ্দেশ।
    • পৰিস্থিতি উন্নত নোহোৱালৈকে বন্ধ থাকিব ৰাজ্যখনৰ সকলো শিক্ষানু্ষ্ঠান।



  • May 09, 2025 00:17 IST

    সেনা প্ৰধানক সলনি কৰাৰ চিন্তা- চৰ্চা পাকিস্তানৰ

    • বিবুধিত পাকিস্তান।
    • পাকিস্তানৰ সেনা প্ৰধানক সলনি কৰাৰ সম্ভাৱনা।
    • বৰ্তমানৰ সেনা প্ৰধান আছিম মুনিৰকলৈ সন্তুষ্ট নহয় পাক চৰকাৰ।
    • ভাৰতৰ বিৰুদ্ধে কোনো সফল ৰণনীতি প্ৰস্তুত কৰিব পৰা নাই পাকিস্তানে।
    • ৪খনকৈ পাক বায়ু সেনাৰ যুদ্ধ জাহাজ বিধ্বস্ত হৈছে ইতিমধ্যে।
    • পাক সেনাই নিক্ষেপ কৰা মিছাইল আক্ৰমণ প্ৰতিহত কৰিছে ভাৰতে।
    • ইয়াৰ বিপৰীতে পাকিস্তানত ভাৰতৰ মিছাইলৰ বৰষুণ।



  • May 07, 2025 13:59 IST

    পূৰ্ণ প্ৰস্তুতিঃ পাকিস্তানে নিবিচাৰিলেও যুদ্ধক্ষেত্ৰৰ পৰা পিছুৱাই নাহে ভাৰত!

    প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠক সমাপ্ত কৰাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে জৰুৰীভাৱে দেশৰ সীমান্তমূৰীয়া ১০খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক তলব কৰিছে। ১০খন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে জৰুৰী বৈঠকৰ আহ্বান কৰিছে অমিত শ্বাহে। শেহতীয়া পৰিস্থিতিলৈ চাই কব পাৰি যে, ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ অৱকাশ আছে। যাৰ বাবে ভাৰত চৰকাৰে শেহতীয়াকৈ ভিন্ন কাৰ্যকলাপ হাতত লৈছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰপতিক সাক্ষাত, প্ৰতিৰক্ষা মন্ত্ৰীক সীমান্তলৈ প্ৰেৰণ আৰু ১০ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে অমিত শ্বাহে জৰুৰী বৈঠক আহ্বান কৰা কাৰ্যই বিশেষ তাতপৰ্য বহন কৰিছে। ইফালে যুদ্ধৰ সম্ভাৱনাক অধিক দৃঢ় কৰি বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকৰো আহ্বান কৰিছে মোডী চৰকাৰে। 



  • May 07, 2025 13:32 IST

    পাকিস্তানৰ বিৰুদ্ধে আৰু কঠোৰ হ'ব ভাৰত

    ৭ মে’ ২০২৫, বুধবাৰে পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ লগতে পাকিস্তানৰ ভূ-খণ্ডত ভাৰতে আক্ৰমণ কৰি ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ পাছতে ভাৰতৰ জনসাধাৰণে সন্তুষ্টি প্ৰকাশ কৰি সামাজিক মাধ্যমত বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ মাজতেই ভাৰতৰ ২৮ সংখ্যক প্ৰাক্তন সেনা প্ৰধান মনোজ নৰৱণে এক্সৰ জৰিয়তে এটা পোষ্টত উল্লেখ কৰিছে- ‘অভি পিকচাৰ বাকী হ্যে...’। 

    তেওঁৰ এই এক্সৰ পোষ্ট এতিয়া চৰ্চাৰ মাজলৈ আহিছে। তেওঁ এই কথাৰ জৰিয়তে ইংগিত দিছে পাকিস্তানৰ ওপৰত ভাৰচৰ এনে ধৰণৰ কাৰ্যকলাপ আহিবলগীয়া সময়ৰ এক আভাস হে মাত্ৰ



  • May 07, 2025 12:10 IST

    হাত দাঙিলে পাকিস্তানেঃ ভাৰতৰ সৈতে যুদ্ধ নকৰাৰ কথা ঘোষণা!

    ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে ফেপেৰি পাতি লোৱা পাকিস্তানৰ এতিয়া যেন সম্বিত ঘূৰিছে। শেহতীয়াকৈ পাকিস্তানে ঘোষণা কৰিছে যে, তেওঁলোকে ভাৰতৰ বিৰুদ্ধে বা ভাৰতক ওলোটাই আক্ৰমণ নকৰে। এই কথা সদৰি কৰিছে খোদ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

    সংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাতকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী কয় যে, ভাৰতে যদি পুনৰ কোনো আক্ৰমণ পাকিস্তানৰ ওপৰত নকৰে,তেন্তে আমাৰ তৰফৰ পৰাও কোনো আক্ৰমণ কৰা নহয়। ভাৰতৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থাৰ কথা ভৱা নাই পাকিস্তানে। যোৱা দুটা সপ্তাহত আমি প্ৰমাণ দিছো যে আমি যুদ্ধৰ পক্ষপাতী নহয়। কিন্তু যদিহে ভাৰতে আক্ৰমণ কৰিয়েই থাকে,তেন্তে নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ পাব। 

    ইফালে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতে পাকিস্তানৰ পক্ষত থিয় দিছে চীনে। চীনৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তাগৰাকীয়ে ভাৰতৰ এই আক্ৰমণক দুভাগ্যজনক আখ্যা দিছে। চীনে কয় যে, তেওঁলোকে এই পৰিস্থিতিক লৈ যথেষ্ট চিন্তিত। সন্ত্ৰাসবাদৰ বিৰুদ্ধে চীনে সদায়ে থিয় দি আহিছে বুলিও প্ৰৱক্তা গৰাকীয়ে কয়। চীনে সদায়েই যুদ্ধৰ পৰিৱৰ্তে শান্তি বিচাৰে বুলি কয়। গতিকে ভাৰত আৰু পাকিস্তানকো শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় চীনে। 



  • May 07, 2025 12:08 IST

    প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত দিল্লীত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক

    নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ আছে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক। ইয়াৰ পূৰ্বে তেওঁ ছুপাৰ কেবিনেট হিচাপে পৰিচিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী (CCS)ৰ বৈঠকতো অধ্যক্ষতা কৰে। ২২ এপ্ৰিলত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এয়া আছিল তৃতীয়খন নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক।

    ৭ মে’ৰ নিশা প্ৰায় ১ বজাত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ ভূখণ্ডৰ লগতে পাকিস্তান অধিকৃত কাশ্মীৰৰ মুঠ ৯ টা স্থানত আক্ৰমণ কৰি প্ৰায় ৯০ টা সন্ত্ৰাসবাদী নিধন কৰাৰ পাছতে অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠক কেইবাটাও কাৰণত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

    প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে ভাৰতীয় সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ সমৰ্থন কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ্য যে, অপাৰেচন সিন্দুৰৰ গোটেই অভিযানৰ ওপৰত সম্পূৰ্ণ নজৰত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

     



  • May 07, 2025 10:33 IST

    কেইবাখনো ৰাজ্যত হাই এলাৰ্ট, বন্ধ শিক্ষানুষ্ঠান

    যুদ্ধ পৰিস্থিতিত কেইবাখনো জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠান। তাৰোপৰি বহু কেইটা বিমান বন্দৰত বিমানৰ উৰণ আৰু অবতৰণ বাতিল কৰা হৈছে। 

    এই দৰে প্ৰভাৱিত বিমান বন্দৰসমূহৰ ভিতৰত আছে ধৰ্মশালা, লেহ, জম্মু, শ্ৰীনগৰ, অমৃতচৰ, যোধপুৰ, ভূজ, জামনগৰ, চণ্ডিগড় আৰু ৰাজকূট। সেইদৰে যুদ্ধৰ হটস্পট হৈ পৰা জম্মু কাশ্মীৰৰ শিক্ষানুষ্ঠানকে ধৰি সকলো বন্ধ কৰি দিয়া হৈছে। 
    ইফালে পাকিস্তান সীমান্তৰ হোৱাৰ বাবেই পঞ্জাৱ, ৰাজস্থানৰ সীমান্তৰ সকলো জিলাৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। ৰাজস্থানত ঘোষণা কৰা হৈলে হাই এলাৰ্ট। বন্ধ কৰি দিয়া হৈছে বিকানেৰ আৰু যোধপুৰৰ বিমানবন্দৰ। 

    উত্তৰ প্ৰদেশতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে। পঞ্জাৱৰ ফিৰোজপুৰ, পাঠানকুট, ফজিলকা, অমৃতচৰ আৰু গুৰদাসপুৰৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। ৰাজস্থানৰ গংগানগৰ, বিকানেৰ, জইছলমেৰ আৰু বাৰমেৰৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে।

    আনহাতে ৰাজস্থানৰ সীমান্তত আজি সন্ধিয়া বায়ু সেনাই যুদ্ধ অনুশীলন কৰাৰ কথা। তাৰ বাবে ইতিমধ্যে সীমান্তৰ দিশেৰে সকলো সাধাৰণ বিমানৰ উৰণ বাতিল কৰাৰ নিৰ্দেশনা মঙলবাৰেই জাৰি কৰিছিল সংশ্লিষ্ট কৰ্তৃপক্ষই।

     



  • May 07, 2025 10:33 IST

    পাকিস্তানী সেনাৰ গুলীত নিহত ৭ ভাৰতীয়

    পাকিস্তান অধিকৃত জম্মু কাশ্মীৰ আৰু পাকিস্তানৰ ভূ-খণ্ডত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰৰ জৰিয়তে ৯০ টাকৈ সন্ত্ৰাসবাদী নিধন কৰাৰ পাছতে সীমান্তত পাকিস্তান সেনাই নিৰ্বিচাৰ গুলী চালনা কৰিছে। 

    প্ৰাৰম্ভিক ভাৱে এই গুলী চালনাত ৩ জন ভাৰতীয়ৰ মৃত্যুৰ খবৰ আহিছিল যদিও শেহতীয়াকৈ দ্য ইকনমিকছ টাইমছে লাইভ আপডেটৰ জৰিয়তে পাকিস্তানী সেনাৰ গুলীত ৭ জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে ৩৮ জন আহত হোৱা বুলি প্ৰকাশ কৰিছে। 



  • May 07, 2025 10:07 IST

    Jai Hind! 'অপাৰেচন সিন্দুৰ'ক লৈ কি ক'লে ৰাহুল গান্ধীয়ে...

    • ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইট।
    • ভাৰতীয় সেনাক লৈ গৌৰৱাম্বিত বুলি উল্লেখ কৰা কংগ্ৰেছ নেতাগৰাকীয়ে।
    • সামাজিক মাধ্যমত  ৰাহুল গান্ধীয়ে লিখিলে-  Proud of our Armed Forces. Jai Hind!
    • কংগ্ৰেছ দল চৰকাৰৰ সৈতে থিয় দিয়াৰ কথা সদৰি কৰিলে নেতাগৰাকীয়ে।
    • ইফালে কংগ্ৰেছ নেতা পৱন খেৰাইও যুদ্ধলৈ কংগ্ৰেছৰ পূৰ্ণ সমৰ্থন থকাৰ কথা উল্লেখ কৰে।
    • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই অপাৰেচনক লৈ কৰিলে টুইট।
    • পেহেলগামত হোৱা আক্ৰমণৰ এয়া প্ৰত্যুত্তৰ বুলি কলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
    • সন্ত্ৰাসবাদীৰ নিঃশেষ কৰাৰ হুংকাৰ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
    • ভাৰত আৰু ভাৰতীয়ৰ ওপৰত হোৱা যিকোনো আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ চৰকাৰ সদায় সাজু আছে বুলিও কলে তেওঁ। 



  • May 07, 2025 10:06 IST

    'অপাৰেচন সিন্দুৰ'ৰ পাছত কি? প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা...

    সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ ওপৰত যুদ্ধ আৰম্ভ কৰিলে ভাৰতে। ৯টাকৈ মিছাইলে ভাৰতে কৰা এই আক্ৰমণত ৯০ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। যুদ্ধৰ এই পৰিস্থিতিৰ মাজতে বুধবাৰে পুৱাই প্ৰধানমন্ত্ৰীক সাক্ষাত কৰিবলৈ প্ৰধানমন্ত্ৰী বাসভৱনত উপস্থিত হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল।  অপাৰেচন সিন্দুৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক পুংখানুপুংখভাৱে জনাব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে। লগতে চৰ্চা চলিছে যে, এই সাক্ষাতত আগন্তক সময়ত যুদ্ধৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰিব অজিত দোভাল আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে। শেহতীয়া পৰিস্থিতিলৈ চাই এই যুদ্ধকালীন পৰিস্থিতি যে দীৰ্ঘম্যাদী হব সেয়া নিশ্চিত হৈছে।  পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দুৰৰ পাছতে আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ অজিত দোভালে ভাৰতীয় সেনাৰ ৰণনীতি অৱগত কৰিব প্ৰধানমন্ত্ৰীক। মুঠৰ ওপৰত পেহেলগামৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ভাৰতে পাকিস্তানক দিবলৈ সকলো প্ৰকাৰে সাজু হৈছে। 



  • May 07, 2025 10:02 IST

    ভাৰতৰ বিৰুদ্ধে যুদ্ধ নকৰিবলৈ পাকিস্তানক সকিয়ালে আমেৰিকাই...

    ‘প্ৰত্যাঘাতৰ কথা ভুলতো নাভাবিব’- এইদৰেই পাকিস্তানক সতৰ্ক কৰিলে আমেৰিকাই। অপাৰেচন সিন্দুৰ জৰিয়তে ভাৰতীয় সেনাই পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ লগতে পাকিস্তানৰ ভূ-খণ্ডত প্ৰবেশ কৰি ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাই। 

    প্ৰাৰম্ভিকতে ড’নাল্ড ট্ৰাম্পে ভাৰতৰ অপাৰেচন সিন্দুৰক চৰম লজ্জাজনক আখ্যা দি দুয়োপক্ষকে যুদ্ধ নকৰিবলৈ আহ্বান জনাইছিল। তাৰ পাছতেই পাকিস্তানক টেলিফোনৰ জৰিয়তে ভুলতো ভাৰতৰ বিৰুদ্ধে প্ৰত্যাঘাতৰ কথা চিন্তা নকৰিবলৈ সকিয়াই দিছে। 

    পাকিস্তানে ভাৰতক প্ৰত্যাঘাত কৰিলেই যুদ্ধ নিশ্চিত বুলি সকিয়াই আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফলৈ ফোন কৰি যুদ্ধৰ পৰিস্থিতিলৈ নাযাবলৈ সকিয়নি প্ৰদান কৰিছে। হোৱাইট হাউচৰ পৰা প্ৰকাশিত এক চৰকাৰী সূত্ৰত জনাইছে মাৰ্কিন বিদেশ সচিবগৰাকীয়ে স্পষ্টকৈ পাকিস্তানক জনাই দিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে ভাৰতৰ। 



  • May 07, 2025 09:39 IST

    কিদৰে সম্ভৱ হ'ল অপাৰেচন সিন্দুৰ? ১০ বজাত ক'ব সশস্ত্ৰ বাহিনীয়ে...

    পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ হিচাপে সীমান্ত অতিক্ৰম কৰি সাহসীকতাৰে অপাৰেচন সিন্দুৰৰ জৰিয়তে ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰি ৩০ টাকৈ সন্ত্ৰাসবাদী নিধন কৰিছে। এই অভিযান সন্দৰ্ভত আজি পুৱা ১০ বজাত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আনুষ্ঠানিক সংবাদমেল সম্বোধন কৰিব। 

    এই সংবাদ মেলত ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণৰ পিছত হোৱা সৰ্ববৃহৎ প্ৰতিশোধমূলক আক্ৰমণ অপাৰেচন সিন্দুৰৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিব।

    আজি পুৱা ১০:০০ বজাত ভাৰতীয় সেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে অপাৰেচন সিন্দুৰৰ সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিব। এই সংবাদ মেলৰ সম্বোধন কৰিব সেনা আৰু বায়ুসেনাৰ জ্যেষ্ঠ বিষয়াই। য’ত সম্ভৱতঃ প্ৰতিৰক্ষা মুৰব্বী (চি ডি এছ) আৰু আই এ এফৰ বায়ুসেনাৰ মুৰব্বীও থাকিব।

    এই প্ৰেছ ব্রিফিঙৰ জৰিয়তে অপাৰেচন সিন্দুৰৰ কৌশলগত লক্ষ্য, সন্ত্ৰাসবাদৰ আন্তঃগাঁথনিৰ ওপৰত হোৱা ক্ষতিৰ মূল্যায়ন, অসামৰিক প্ৰভাৱৰ ওপৰত স্পষ্টীকৰণ, নিয়ন্ত্ৰণ ৰেখা (LoC) ৰ কাষেৰে ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে অৱগত কৰাৰ লগতে পাকিস্তান আৰু বিশ্ব বাসীলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। 



  • May 07, 2025 09:22 IST

    ড'নাল্ড ট্ৰাম্পে দিলে প্ৰতিক্ৰিয়া, ক'লে এয়া চৰম লাজৰ কথা

    আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে অপাৰেচন সিন্দুৰৰ পাছতে তেওঁৰ প্ৰতক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, এয়া চৰম লাজৰ কথা। আমি শুনিছো তেওঁলোকে বহুদিনৰ পৰা যুঁজি আছে। মই মাত্ৰ আশা কৰিছো ইয়াৰ অন্ত অতি সোনকালে হ’ব। উল্লেখ্য যে পেহেলগাম আক্ৰমণৰ পাছতে ভাৰতে এক সুপৰিকল্পিত ভাৱে আৰম্ভ কৰিছে অপাৰেচন সিন্দুৰ। 

    ট্ৰাম্পে ভাৰত আৰু পাকিস্তান দুয়োখন দেশকে যুদ্ধৰ পৰা পিছুৱাই যাবলৈ কৈ সংঘাতৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। অপাৰেচন সিন্দুৰৰ প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, দুয়োখন দেশৰ মাজৰ সংঘাতৰ ইতিহাস অতি দীঘলীয়া। যি দশক দশক ধৰি চলি আছে। তেওঁ এই পৰিস্থিতিৰ সোনকালে অন্ত পৰাটো বিচাৰিছে।  

    এই আক্ৰমণৰ পূৰ্বে ট্ৰাম্পে ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ সন্দৰ্ভত কৈছিল ভাৰত আমাৰ অতি ঘনিষ্ঠ। পাকিস্তানৰ প্ৰতিও তেওঁৰ মৰম আছে বুলি কৈ ট্ৰাম্পে কৈছিল পাকিস্তানো মোৰ অতি ঘনিষ্ঠ। 



  • May 07, 2025 09:19 IST

    বন্ধ কৰি দিয়া হৈছে জম্মু কাশ্মীৰ, ধ্বংস পাকিস্তানৰ বিমান

    মাজ নিশা পাক-অধিকৃত জম্মু আৰু কাশ্মীৰৰ লগতে পাকিস্তানৰ মুঠ ৯ টা স্থানত চলোৱা মিছাইল আক্ৰমণ পেহেলগামৰ প্ৰতিশোধ। ইয়াৰ পিছতে পাকিস্তানে ভাৰতৰ সীমান্তত গুলীচালনা আৰম্ভ কৰিছে। ইয়াৰো প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই। পাকিস্তানী সেনাৰ গুলী চালনাত ৩ ভাৰতীয় নাগৰিক মৃত্যু হোৱাৰো খবৰ।

    আনহাতে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা এখন যুদ্ধ বিমানো ভাৰতীয় বায়ু সেনাই ধ্বংস কৰাৰ খবৰ আহিছে। তাৰোপৰি আজি জম্মু আৰু কাশ্মীৰৰ সকলো শিক্ষানুষ্ঠানকে ধৰি সকলো কাৰ্যালয় আদি বন্ধ কৰি দিয়া হৈছে। জম্মু কাশ্মীৰৰ নাগৰিকেও এই আক্ৰমণৰ প্ৰতি সমৰ্থন জনাই সন্তুষ্টি প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰ আছে স্থল সেনাৰ লগতে বায়ু সেনাৰ সুৰক্ষাত। 



  • May 07, 2025 09:18 IST

    পাকিস্তানে দিলে ক্ষয়-ক্ষতিৰো তালিকা

    বুধবাৰে পুৱা পাকিস্তানৰ আই এছ পি আৰৰ ডি জিয়ে সংবাদমেলত কয় যে, "বহাৱালপুৰৰ পূব আহমেদপুৰৰ শ্বুৱান মছজিদত আক্ৰমণ সংঘটিত হৈছে। ইয়াত চাৰিটাকৈ আক্ৰমণত তিনি বছৰীয়া শিশুসহ পাঁচজন নিৰীহ লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ইয়াত ২৫জন পুৰুষ আৰু ৬গৰাকী মহিলাকে ধৰি ৩১জন লোক আহত হৈছে।"

    তেওঁ লগতে কয়, "মুজাফ্ফৰাবাদৰ বিলাল মছজিদকো লক্ষ্য কৰি লোৱা হৈছিল। ইয়াত ৭টা আক্ৰমণত এজন লোক আহত হোৱাৰ লগতে মছজিদটো ধ্বংস কৰা হৈছে।"

    পাকিস্তানৰ আন এক বিবৃতি অনুসৰি কোটলি অঞ্চলৰ আব্বাট মছজিদত ৫টাকৈ আক্ৰমণ সংঘটিত হয়। ইয়াত দুজন লোকৰ মৃত্যু হৈছে। ইয়াৰে এজন ১৮ বছৰীয়া যুৱক আৰু আনজন ১৬ বছৰীয়া ছোৱালী। আহত এগৰাকী মহিলা আৰু তেওঁৰ কন্যা।

    মুৰিদকেৰ উমালকুৰা মছজিদত চাৰিটাকৈ আক্ৰমণ সংঘটিত হৈছে। ইয়াত এজন লোকৰ মৃত্যু, এজন আহত হৈছে। ইয়াত দুজন লোক সন্ধানহীন হৈছে। মছজিদটোও ধ্বংস কৰা হৈছে।

    ছিয়ালকোটৰ কোটকী লোহাৰা গাঁৱত সংঘটিত হৈছে দুটাকৈ আক্ৰমণ। ইয়াত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। ইয়াৰ উপৰিও শকৰগড়ৰ সমীপতো দুটা আক্ৰমণ সংঘটিত হৈছে। এতিয়ালৈকে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। 

    পাকিস্তানৰ আই এছ পি আৰৰ ডি জিয়ে ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ক ‘অপ্ৰৰোচিত, কাপুৰুষীয়া আক্ৰমণ’ বুলি অভিহিত কৰিছে। এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া হৈছে আৰু দিয়া হ’ব বুলিও তেওঁ দাবী কৰিছে।



  • May 07, 2025 09:17 IST

    ভাৰতৰ আক্ৰমণত মাজ নিশা কপি উঠিল পাকিস্তান

    ভাৰতীয় সেনাৰ আক্ৰমণত মাজনিশা কপি উঠিল পাকিস্তান।পেহেলগামৰ আক্ৰমণ পৰিণাম ভয়াৱহ হ’ল পাকিস্তানৰ। ভাৰতীয় সেনাৰ আক্ৰমণত টোপনি হেলাৰ ইছলামাবাদৰ। ইছলামাবাদে লালন-পালন কৰি অহা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ভাৰতে দিলে পেহেলগামৰ প্ৰত্যুত্তৰ। 

    ভাৰতীয় সেনাই ‘অপাৰেচছন সিন্দুৰ’ৰ অধীনত চলোৱা মিছাইল আক্ৰমণত নিহত হৈছে ৩০ টাকৈ সন্ত্ৰাসবাদী। অৱশ্যে ইছলামবাদে দাবী কৰিছে তেওঁলোকৰ ৮ জন লোকৰ মৃত্যু হৈছে। পাকিস্তানৰ আন্তঃসেৱা জনসংযোগৰ সঞ্চালক প্ৰধানে সংবাদমেল অনুষ্ঠিত কৰি এই তথ্য প্ৰকাশ কৰিছে। 

    তেওঁ কৈছে, পুৱা ১ বজালৈকে ভাৰতীয় সেনা বাহিনীয়ে পাকিস্তানৰ মুঠ ছটা স্থানত ২৪টাকৈ আক্ৰমণ সংঘটিত কৰিছে। তেওঁ লগতে ভাৰতীয় সেনাই সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ চলোৱা বুলিও দাবী কৰা হৈছে। তেওঁ পাকিস্তানৰ কেইবাগৰাকী মহিলা আৰু শিশুৰ মৃত্যুৰ খবৰ দিয়ে।

    অৱশ্যে ভাৰতে নিশ্চিত কৰিছে কেৱল সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি লৈহে এই আক্ৰমণ চলোৱা হৈছে আৰু ৯টাকৈ স্থানত চলোৱা এই আক্ৰণত ধ্বংস কৰি দিয়া হৈছে লস্কৰ-ই-তৈবা আৰু জৈইছ-ই-মহম্মদৰ ঘাটি। মৃত্যু হৈছে ৩০ টাকৈ সন্ত্ৰাসবাদীৰ। 



পেহেলগাম যুদ্ধ পাকিস্তান