/asomiyapratidin/media/media_files/2025/11/05/bihar-live-ap-2025-11-05-22-15-23.jpg)
বিহাৰৰ জনাদেশ আহিল। বিহাৰবাসীয়ে পুনৰ আদৰি ল’লে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটক। মুখ্যমন্ত্ৰীৰ আসনত বহিম বুলি দিন-বাৰ ঠিক কৰা বিৰোধী শক্তি বেকফুটত পৰিল। পূৰ্বৰ নিৰ্বাচনতকৈ দলীয়ভাৱে অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিলে বিজেপি, জে ডি ইউ আৰু চিৰাগ পাচৱানৰ দল লোক জনশক্তি পাৰ্টিয়ে।
- Nov 15, 2025 00:50 IST
সৰ্বাধিক ভোট লাভ কৰা দল কোনটো...
এইবাৰৰ নিৰ্বাচনত সৰ্বাধিক ভোট লাভ কৰা দলটো বিজেপি নাইবা জে ডি ইউ নহয়। পূৰ্বৰ নিৰ্বাচনতকৈ ৫০খন আসন কমকৈ পালেও আৰ জে ডি দলৰ লাভ কৰা মুঠ ভোট শতাংশ সবাতোকৈ বেছি। ২০২৫ৰ বিহাৰ বিধানসভা নিৰ্বাচনত সৰ্বাধিক ভোট লাভ কৰা দলটো হৈছে লালু প্ৰসাদ যাদৱৰ দল আৰ জে ডি।
আৰ জে ডিয়ে মুঠ ভোটৰ ২৩শতাংশ ভোট লাভ কৰিছে। দলটোৱে লাভ কৰা ভোটৰ সংখ্যা ১১,৫৪৬,০৫৫টা। আনহাতে বিজেপি দলে এইবাৰৰ নিৰ্বাচনত লাভ কৰিছে ২০.০৮শতাংশ ভোট। বিজেপিয়ে লাভ কৰা ভোটৰ সংখ্যা ১০,০৮১,১৪৩টা।
সৰ্বাধিক ভোট লাভৰ ক্ষেত্ৰত তৃতীয় স্থানতহে আছে নীতিশ কুমাৰৰ দলে জে ডি ইউ। মুঠ ভোটৰ ভিতৰত ১৯.২৫শতাংশ ভোট লাভ কৰিছে জে ডি ইউয়ে। দলটোৱে লাভ কৰিছে ৯,৬৬৭,১১৮টা ভোট।
বিহাৰত এইবাৰ নিদৰ্লীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীসকলে কংগ্ৰেছতকৈ বেছি ভোট লাভ কৰিলে। মুঠ ভোটৰ প্ৰায় ১৪শতাংশ ভোট লাভ কৰিলে নিদৰ্লীয় প্ৰাৰ্থীসকলে। ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিলে ৮.৭১শতাংশ ভোট।
লোক জনশক্তি পাৰ্টিয়ে ৪.৯৭শতাংশ, চি পি আই এম এলে লাভ কৰিছে ২.৮৪শতাংশ, বি এছ পিয়ে লাভ কৰিছে ১.৬২শতাংশ ভোট। লক্ষ্যণীয় কথাটো হৈছে যে, এইবাৰৰ বিহাৰ নিৰ্বাচনত ন'টাত পৰিল ৯লাখ ১০হাজাৰ ৭৩০টা ভোট।
- Nov 15, 2025 00:50 IST
দলীয়ভাৱে কোন দলে কি প্ৰদৰ্শন কৰিলে বিহাৰৰ ২০২৫ৰ বিধানসভা নিৰ্বাচনত
২০২৫ৰ নিৰ্বাচনত দলীয়ভাৱে সৰ্বাধিক উত্তম প্ৰদৰ্শন কৰিলে নীতিশ কুমাৰৰ জে ডি ইউ দলে। ২০২০ নিৰ্বাচনতকৈ এইবাৰৰ নিৰ্বাচনত ৪২খন আসন বেছিকৈ লাভ কৰিলে নীতিশ কুমাৰৰ দলে। ২০২০ত ৪৩খন আসন লাভ কৰা জে ডি ইউয়ে ২০২৫ৰ নিৰ্বাচনত লাভ কৰিলে ৮৫খন আসন।
আনফালে এইবাৰ বিজেপিয়েও এককভাৱে প্ৰদৰ্শন কৰিলে শক্তি। ২০২০ৰ তুলনাত ২০২৫ত ১৫খন আসন বৃদ্ধি পালে বিজেপিৰ। ২০২০ত বিজেপিয়ে লাভ কৰিছিল ৭৪খন আসন। ইয়াৰ বিপৰীতে ২০২৫ত বিজেপিয়ে লাভ কৰিলে ৮৯খন আসন।
২০২০ৰ নিৰ্বাচনত মাত্ৰ এখন আসন লাভ কৰিছিল চিৰাগ পাচৱান নেতৃত্বাধীন লোক জনশক্তি পাৰ্টিয়ে। কিন্তু এইবাৰ চমক সৃষ্টি কৰি লোক জনশক্তি পাৰ্টি(ৰাম বিলাস)য়ে লাভ কৰিলে ১৯খন আসন। এন ডি এৰ অন্তভূৰ্ক্ত এই লোক জনশক্তি পাৰ্টি।
২০২০তকৈ এইবাৰৰ নিৰ্বাচনত ভাল ফলাফল দেখুৱাই গাদীত বহাৰ ইচ্ছা পোষণ কৰা লালু প্ৰসাদ যাদৱৰ দল আৰ জে ডি এইবাৰ বৰ বেয়াকৈ বেকফুটত পৰিল। ২০২০ৰ নিৰ্বাচনতকৈ ৫০খন আসন কমকৈ পালে তেজস্বী যাদৱে নেতৃত্ব দিয়া দলটোৱে। তেজস্বী যাদৱ আছিল এইবাৰৰ বিৰোধী মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। আৰ জে ডিয়ে এইবাৰ লাভ কৰিলে মাত্ৰ ২৫খন আসন। ২০২০ত ৭৫খন আসন লাভ কৰিছিল আৰ জে ডিয়ে।
কংগ্ৰেছৰ ফলাফল এইবাৰ অতিকৈ শোচনীয়। ২০২০ত ১৯খন আসন লাভ কৰা কংগ্ৰেছে এইবাৰ পালে মাত্ৰ ৬খন আসন। অৱশ্যে কংগ্ৰেছে ৬১খন আসনত প্ৰাৰ্থিত্ব দিছিল। সেয়েহে হ'লেও এইবাৰৰ নিৰ্বাচনত ২০২০তকৈ প্ৰায় ১৩খন হ্ৰাস পালে কংগ্ৰেছৰ।
আনফালে নিজৰ ৰণনীতিৰে বহুতৰ হাতত শাসন তুলি দিয়া প্ৰশান্ত কিশোৰ বৰ বেয়াকৈ ফেইল মাৰিলে এইবাৰৰ নিৰ্বাচনত। নতুন দল জন সূৰষ পাৰ্টিয়ে খাটাই খুলিব নোৱাৰিলে। বহু সমষ্টিৰ এই দলটোৰ প্ৰাৰ্থীৰ আমানতৰ ধন ঘূৰাই দিয়াৰ পৰিস্থিতিও উদ্ভৱ হ'ল।
এইবাৰৰ বিহাৰ নিৰ্বাচনত AIMIM দলে ৫খন আসন, HAM দলে লাভ কৰিছে ৫খন আসন, ৰাষ্ট্ৰীয় লোক মৰ্চাই লাভ কৰিলে ৪খন আসন।
- Nov 15, 2025 00:49 IST
২০২৫ৰ বিহাৰ বিধানসভা নিৰ্বাচনত কোন মিত্ৰজোঁটে কিমান আসন পালেঃ
এইবাৰৰ বিহাৰ নিৰ্বাচনত এন ডি এ মিত্ৰজোটেঁ চমক সৃষ্টি কৰিলে। ২০০ৰ দেওনা পাৰ কৰি এইবাৰ এন ডি এ মিত্ৰজোঁটে লাভ কৰিলে ২০২খন আসন। বিহাৰৰ ৰাজনীতিৰ ইতিহাসত এয়া সৰ্ববৃহত জয় এন ডি এৰ। উল্লেখ কৰা প্ৰয়োজন যে, ২০২০ৰ নিৰ্বাচনতকৈ ২০২৫ৰ নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ ৮০খন আসন বৃদ্ধি পালে। ২০২০ৰ নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে লাভ কৰিছিল ১২২খন আসন।
ইফালে এইবাৰৰ নিৰ্বাচনত ধৰাশায়ী হ'ল বিৰোধী মহাঁজোট। হোৰাহোৰে কমিল বিৰোধীৰ আসন। ২০২০ৰ নিৰ্বাচনত ১১৪খন আসন দখল কৰা বিৰোধী মহাজোঁটে এইবাৰ লাভ কৰিলে মাত্ৰ ৩৫খন আসন। ২০২০ৰ নিৰ্বাচনৰ তুলনাত ২০২৫ত বিৰোধী মহাজোঁটৰ আসনৰ সংখ্যা কমিল ৭৯খন।
বিহাৰ নিৰ্বাচনত নিদৰ্লীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱা ৬গৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিলে। ২০২০ত নিদৰ্লীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াই জয়ী হৈছিল ৭গৰাকী প্ৰাৰ্থী।
- Nov 15, 2025 00:49 IST
তুষ্টিকৰণ নহয়, সন্তুষ্টিকৰণৰ বাবে বিহাৰত বিজেপিৰ এই জয়ঃ প্ৰধানমন্ত্ৰী...
প্রধানমন্ত্রী নৰেন্দ্র মোডী, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু দলৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে মিত্রজোঁটৰ প্রতি দেখুওৱা ঐতিহাসিক আৰু অভূতপূর্ব সমর্থনৰ বাবে বিহাৰৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে।
বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা জনতাক সম্বোধন কৰি প্রধানমন্ত্রীয়ে এই জয়ক সুশাসন, বিকাশ, সামাজিক ন্যায় আৰু জনকল্যাণৰ বিজয় বুলি অভিহিত কৰে। তেওঁ কয় যে, জনসাধাৰণৰ এই সমর্থনে বিহাৰৰ উন্নয়নৰ বাবে নতুন উদ্যমেৰে কাম কৰাৰ লগতে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰখনক অধিক সবল কৰি তুলিব।
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, এয়া বিজেপিৰ প্ৰতি ৰাইজৰ বিশ্বাসৰ প্ৰতিফলন। বিহাৰৰ ৰাইজে বিকশিত বিহাৰৰ আশাত ভোটদান কৰিছে। বিহাৰে ২০১০ ৰ পাছত আটাইতকৈ ডাঙৰ জনাদেশ দিলে। এতিয়াৰ পৰা বিহাৰৰ বিকাশ যাত্রাক ঊৰ্ধ্বমুখী কৰাৰ প্রয়াস হ’ব। মহিলা আৰু যুৱ চামক প্রাধান্য দি চৰকাৰ আগবাঢ়িব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।
শ্ৰী মোডীয়ে লগতে কয়, বিহাৰৰ জনতাই জংঘলৰাজ চলোৱা দলক নস্যাৎ কৰিলে। তেওঁ লগতে নীতিশ কুমাৰ, সম্রাট চৌধুৰীকো প্রশংসা কৰি কয়, বিহাৰত পূৰ্বে মাওবাদীৰ ভয় আছিল, এতিয়া চৌদিশ শান্তি।
ভাৰতৰ লোকে বৰ্তমান দ্রুত গতিত বিকাশ বিচাৰে। বিহাৰৰ মহান ভূমিত আৰু কেতিয়াও জংঘলৰাজ চলিব নোৱাৰে। এই জয় বিহাৰৰ যুৱসমাজৰ জয় বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।তাৰোপৰি প্ৰধানমন্ত্ৰী মোডীয়ে বিহাৰৰ প্ৰতি গৰাকী মহিলা, যুৱচাম তথা কৃষক সমাজৰ লগতে এন ডি এৰ প্ৰতিগৰাকী কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, এন ডি এ-ই বিহাৰত সকলো স্তৰতে উন্নয়ন আনিছে। আমাৰ কামৰ ভিত্তিত আৰু ৰাজ্যখনক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে মানুহে আমাক ভোট দিছিল। আজি সমগ্ৰ দেশ বিহাৰক লৈ গৌৰাম্বিত। এই বিজয় বিহাৰৰ সেই প্ৰতিগৰাকী যুৱচামৰ,যাৰ ভৱিষ্যত কংগ্ৰেছ,আৰ জে ডিয়ে ধ্বংসৰ গৰাহলৈ পঠিয়াই দিছিল।
প্ৰধানমন্ত্ৰীয়ে এন ডি এ পৰিয়ালৰ হৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ছিৰাগ পাছৱান, জিতনৰাম মাঝী, উপেন্দ্ৰ কুশৱাহাক এই জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। লগতে কয়, সংখ্যাগৰিষ্ঠতা লাভ কৰাটোৱেই সুশাসন, সুস্থিৰতা তথা এন ডি এৰ বিকাশক যে ৰাজ্যখনে আকোঁৱালি লৈছে তাকেই প্রমাণ কৰিছে। এই অভূতপূর্ব ফলাফলে বিকশিত বিহাৰ আৰু বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত অধিক সহায় কৰিব।এই বিকাশৰ যাত্ৰা অব্যাহত থাকিব।
প্ৰধানমন্ত্ৰীয়ে আৰু কয়, আজিৰ এই বিজয় প্ৰতিগৰাকী বিহাৰৰ উন্নয়ন বিৰোধীলৈ এক উত্তৰ। যিসকলে বিহাৰৰ ছঠ পূজাক নাটক বুলি কৈছিল সেই কংগ্ৰেছী-আৰজেডিয়ে এই পৰ্যন্ত ছঠ মাৰ ওচৰত ক্ষমা নিবিচাৰিলে। ৰাজ্যবাসীয়ে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। ইয়াৰ বিপৰীতে আমি ছঠ পূজাক ইউএনেছস্ক' ৰ হেৰিটেজ তালিকাত সন্নিৱিষ্ট কৰাৰ প্ৰয়াস কৰি আছো।
বিহাৰৰ জনসাধাৰণৰ প্ৰতিটো ভোট হৈছে দেশৰ সুৰক্ষা আৰু সম্পদসমূহৰ ক্ষেত্ৰত আপোচ কৰাৰ বিৰুদ্ধে চৰকাৰৰ নীতিৰ ওপৰত জনসাধাৰণৰ বিশ্বাসৰ প্রতীক বুলি মন্তব্য কৰে মোডীয়ে। শেষত এই নির্বাচনৰ সময়ছোৱাত দলীয় কর্মকর্তাসকলৰ অবিৰত কঠোৰ পৰিশ্ৰমৰো প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। ৰাজ্যখনৰ জনসাধাৰণৰ আস্থা, আশা-আকাংক্ষাসমূহ অধিক উৎসর্গীকৃত মনোভাৱেৰে পূৰণ কৰা হ'ব বুলি তেওঁ নিশ্চয়তা প্রদান কৰে।
- Nov 14, 2025 19:07 IST
দিল্লীৰ বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ
দিল্লীৰ বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ
দিল্লীৰ বিজেপি কাৰ্যলয়ত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ, জে পি নাড্ডা সকলো উপস্থিত হৈছে বিজেপি কাৰ্যালয়ত। বিহাৰৰ নিৰ্বাচনত এনডিএয়ে লাভ কৰা সাফল্যৰ বাবে এয়া আনন্দোল্লাস।
- Nov 14, 2025 18:09 IST
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা ৭সমষ্টিৰ ভিতৰত ৬টা সমষ্টিতেই বিজেপিৰ বিজয়...
বিহাৰতো চলিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যাদু। বিহাৰ নিৰ্বাচনত অসমৰ পৰা প্ৰচাৰ চলাবলৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰীগৰাকী আছিল অন্যতম। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলোৱা ৭টা সমষ্টিৰ ভিতৰত ৬টাতে জয়ী হৈছে বিজেপি।
মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱা মধুবানী, বাৰাড়ি, কাছবা, ৰামনগৰ, চানপাতিয়া আৰু বাজপট্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে। উল্লেখ্য যে, এতিয়ালৈকে বিহাৰৰ ৩২খন আসনত চূড়ান্ত জয় সাব্যস্ত কৰিছে বিজেপিয়ে। সন্ধিয়া ৬বজালৈকে অহা আপডেট এয়া।
আনফালে বিজেপি ৫৯খন আসনত অগ্ৰগতি লাভ কৰি আছে। নীতিশ কুমাৰৰ জে ডি ইউ ২২আসনত জয়ী হোৱাৰ বিপৰীতে ৬১আসনত অগ্ৰগতি লাভ কৰি আছে। কংগ্ৰেছ ১খন আসনত জয়ী হোৱাৰ বিপৰীতে ৫খন আসনত অগ্ৰগতি লাভ কৰি আছে।
(সন্ধিয়া ৬বজালৈকে আপডেট এয়া)
- Nov 14, 2025 17:31 IST
সন্ধিয়া ৫.৩০বজালৈকে ২৩খন আসনত চূড়ান্ত জয় বিজেপিৰ...
- সন্ধিয়া ৫.৩০বজালৈকে ২৩খন আসনত চূড়ান্ত জয় বিজেপিৰ
- অগ্ৰগতি লাভ কৰিছে ৬৯খন আসনত
- ১১খন আসনত জয় নীতিশ কুমাৰৰ জে ডি ইউ দলৰ
- ৭২খন আসনত আগবাঢ়ি আছে জে ডি ইউ
- Nov 14, 2025 17:05 IST
বিহাৰ নিৰ্বাচনৰ ১৬টা সমষ্টিৰ চূড়ান্ত ফলাফল ঘোষণা : ৮সমষ্টিত বিজেপিৰ জয়...
বিহাৰ নিৰ্বাচনৰ ১৬টা সমষ্টিৰ চূড়ান্ত ফলাফল ঘোষণা : ৮সমষ্টিত বিজেপিৰ জয়...
- বিহাৰ নিৰ্বাচনত বিজেপিৰ ৮গৰাকী প্ৰাৰ্থীৰ চূড়ান্ত জয়।
- নাৰকাটিগঞ্জত সঞ্জয় কুমাৰ পাণ্ডে ২৬,৪৫৮টা ভোটত জয়ী।
- লাউৰিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী বিনয় বিহাৰী ২৬,৯৬৬ ভোটত জয়ী।
- মধুবন সমষ্টিত ৰাণা ৰনধীৰ, ৰাজানগৰ সষ্টিত সুজিত কুমাৰ, বাৰুৰাজত অৰুণ কুমাৰ সিং জয়ী হৈছে।
- চাহেবগঞ্জত ৰাজু কুমাৰ সিং, গঞা টাউন সমষ্টিত প্ৰেম কুমাৰ ২৬,৪২৩টা ভোটত জয়ী হৈছে।
- আনহাতে নিতীশ কুমাৰৰ জেড ই ইউৰ ৬গৰাকী প্ৰাৰ্থী জয়ী হৈছে।
- কল্যাণপুৰ, হাৰনাক, মাছুহী, বেলাগঞ্জ, আলাউলী আৰু মোকামা সমষ্টিত জেড ই ইউৰ প্ৰাৰ্থী জয়ী হৈছে।
- আনহাতে আৰ জে ডি দলৰ এগৰাকী প্ৰাৰ্থী জয়ী হৈছে।
- সাতোহা সমষ্টিত ড০ ৰামানন্দ যাদৱ ৭,৯৯২টা ভোটত জয়ী হৈছে।
- চিৰাগ পাচোৱানৰ লোক জন শক্তি পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী জয়ী হৈছে।
- গোবিন্দগঞ্জ সমষ্টিত ৩২হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছে জন শক্তি পাৰ্টী প্ৰাৰ্থীগৰাকী।
- নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এতিয়ালৈকে ১৬টা সমষ্টিৰ চূড়ান্ত ফলাফল ঘোষণা হৈছে।
- Nov 14, 2025 15:59 IST
বিহাৰত ফেইল অসমৰ জোঁৱাই...
বিহাৰত ফেইল অসমৰ জোঁৱাই...
দেশৰ বিভিন্ন নিৰ্বাচনত তেওঁৰ ভুমিকা যথেষ্ট সবল আছিল। নিৰ্বাচনৰ ৰেহ- ৰূপ পৰিদৰ্শন কৰিয়েই কৈ দিব পাৰিছিল চৰকাৰ কোনে গঠন কৰিব।
দেশৰে বিজ্ঞ বিজ্ঞ ৰাজনীতিকে তেওঁৰ কথাত পতিয়ন গৈছিল। নৰেন্দ্ৰ মোডী- ৰাহুল গান্ধী আদিৰ দৰে নেতাই তেওঁক সমীহ কৰিছিল। এটা সময়ত কি বিজেপি, কি কংগ্ৰেছ সকলো ৰাজনৈতিক দলে তেওঁৰ কথা মতে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছিল।
কিন্তু আজি তেওঁ সক্ৰিয় ৰাজনীতিৰ পথাৰত ভৰি দি আলৈআথানি হোৱাৰ বাদে আন একো হোৱা নাই। বিহাৰ বিধানসভা নিৰ্বাচনত নিজে দল খুলি চৰকাৰ গঠনৰ দেখা সপোন কলিতে মৰহি যোৱাৰ উপক্ৰম হৈছে।
মুখথেকেচা খাইছে এই নিৰ্বাচনৰ চলি থকা ভোটগণনাত। তেওঁ হৈছে ৰাজনীতিৰ ভৱিষ্যতদ্ৰষ্টা তথা অসমৰ জোঁৱাই প্ৰশান্ত কিশোৰ। প্ৰশান্ত কিশোৰে এইবাৰ বিহাৰ নিৰ্বাচনত জন সূৰুষ পাৰ্টী নামেৰে দল খুলি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
ৰাজ্যখনৰ এই নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ দলটোৱে ২৩৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু লক্ষ্যণীয়ভাৱে ভোটগণনাৰ সময়ছোৱালৈকে এটা সমষ্টিতো অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই দলটোৱে।
উল্লেখযোগ্য যে, নিৰ্বাচনৰ আগেয়ে বুকুত ডাঠ কৰি প্ৰশান্ত কিশোৰে কৈছিল যে, আমি এইবাৰৰ নিৰ্বাচনত হয় ১০খনতকৈ কম আসন পাব নাইবা ১৫০ৰ অধিক আসন লাভ কৰিম। কাৰ্যতঃ তেওঁৰ এই কথা ফুটুকাৰ ফেনত পৰিণত হোৱাৰ বাদে আন একো হোৱা নাই।
একেসয়মতে নিৰ্বাচনৰ ভোগগ্ৰহণ পৰ্ব অন্ত পৰাৰ পাছতে কেইবাটাও সংবাদ প্ৰতিষ্ঠানে ৰাজহুৱা কৰা এগজিট প’লত জন সূৰুষ পাৰ্টীয়ে আশাব্যঞ্জক আসন লাভ কৰিব বুলি পূৰ্বানুমান কৰিছিল। কিন্তু এতিয়া এগজিট প‘লৰ এই অনুমানো বৃথা বুলি প্ৰমাণিত হোৱাৰ দিশে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিদেশত চাকৰিসূত্ৰে থাকোতেই গুৱাহাটীৰ জীয়ৰী জাহ্ণৱী দাসৰ সৈতে চিনাকি হৈছিল প্ৰশান্ত কিশোৰৰ। আফ্ৰিকাত প্ৰথম চিনাকি হোৱাৰ পাছত প্ৰশান্ত কিশোৰ অসমলৈ আহি জাহ্ণৱীৰ পৰিয়ালেৰে কথা পাতিছিল। তাৰ পাছৰ পৰ্যায়ত দুয়োৰে মাজত বিবাহ কাৰ্য সম্পন্ন হৈছিল।
অসমৰ ৰাজনীতিতো কিশোৰৰ বিশেষ ভূমিকা আছে। বিজেপি চৰকাৰ গঠনৰ ক্ষেত্ৰত প্ৰশান্ত কিশোৰৰ ৰণনীতি আছিল অতিকৈ গুৰুত্বপূৰ্ণ। অসমৰ বিৰোধী দলৰ হৈ কাম কৰাৰ কথাও আছিল তেওঁৰ। দেশৰ প্ৰায় ৫খন ৰাজ্যত বিজেপি শাসনলৈ অহাত ৰণনীতি প্ৰদান কৰা প্ৰশান্ত কিশোৰৰ এই বিধ্বস্ত অৱস্থাই যথেষ্ট চৰ্চা লাভ কৰিছে।
- Nov 14, 2025 15:58 IST
বিহাৰত বিজেপিৰ ধুমুহাত তচনচ বিৰোধী...
সময় যিমানেই বাগৰিছে সিমানেই শোচনীয় অৱস্থা হৈছে বিৰোধীৰ। বিহাৰত এইবাৰ বাৰুকৈয়ে মুখ থেকেচা খাইছে বিৰোধী মিত্ৰজোঁটে। ভোটগণনাৰ প্ৰতিটো মিনিটতে হ্ৰাস পাইছে বিৰোধী অগ্ৰগতি লাভ কৰি থকা আসনৰ সংখ্যা।
বিয়লি ভাগলৈকে এন ডি এ মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ২০৮খন আসনত। ইয়াৰ বিপৰীতে বিৰোধী মিত্ৰঁজোটে অগ্ৰগতি লাভ কৰি থকা আসনৰ সংখ্যা মাত্ৰ ২৮খনলৈ হ্ৰাস পাইছে। অন্যান্য নিদৰ্লীয় প্ৰাৰ্থী ৭খন আসনত অগ্ৰগতি লাভ কৰি আছে।
বিহাৰৰ এইবাৰৰ নিৰ্বাচনত সৰ্বাধিক আসনত আগবাঢ়ি আছে বিজেপি। বিজেপিয়ে অকলেই ৯৫খন আসনত আগবাঢ়ি আছে। নীতিশ কুমাৰেও এইবাৰৰ নিৰ্বাচনত চমক দেখুৱাইছে। বৰ্তমানৰ লৈকে হোৱা ভোটগণনাত জে ডি ইউ আগবাঢ়ি আছে ৮৪খন আসনত।
আনফালে এইবাৰৰ নিৰ্বাচনত বেকফুটত পৰিছে কংগ্ৰেছ। মাত্ৰ ২খন আসনতহে অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছ। ইয়াৰ বিপৰীতে ৰাজ্যৰখনৰ মুখ্য বিৰোধী দল লালু প্ৰসাদৰ আৰ জে ডি দল ২৪খন আসনত অগ্ৰগতি লাভ কৰিছে বিয়লি ৩.২৫বজালৈকে।
- Nov 14, 2025 15:07 IST
২৯ হাজাৰ ভোটত অনন্ত সিঙৰ জয়!
২৯ হাজাৰ ভোটত অনন্ত সিঙৰ জয়!
মকামাৰ পৰা অনন্ত সিঙে প্ৰায় ২৯ হাজাৰ ভোটত জয়লাভ কৰিছে। অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী আছে। তেওঁ জে ডে ইউৰ প্ৰাৰ্থী। ইতিমধ্যে অনন্ত সিঙৰ সমৰ্থকসকলে তেওঁৰ বাসগৃহত ভিৰ কৰিছে।
- Nov 14, 2025 14:32 IST
আনন্দ মিশ্ৰ এইবাৰ বিধায়ক হ'বই...
- বক্সাৰ সমষ্টিত ২২হাজাৰ ৪২৯টা ভোটত আগবাঢ়িল আনন্দ মিশ্ৰ।
- ১৪নং ৰাউণ্ডৰ শেষত লাভ কৰিছে ৫৩, ৮৩৮টা ভোট।
- দ্বিতীয় স্থানত আছে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জৱ তিৱাৰী।
- কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৩১,৪০৯টা ভোট
- Nov 14, 2025 14:28 IST
বিহাৰত নীতিশ কুমাৰক একাষৰীয়া কৰাৰ শক্তি লাভ কৰিছে বিজেপিয়ে...
বিহাৰত চৰকাৰ গঠন কৰিবলৈ বিজেপিক প্ৰয়োজন নাই নীতিশ কুমাৰক। নিৰ্বাচনৰ শেহতীয়া আপডেটলৈ চালে নীতিশ কুমাৰৰ আৰ জে ডিক বাদ দিও অন্য দলৰ সৈতে মিলি বিহাৰত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ পাৰ কৰিছে বিজেপিয়ে।
শেহতীয়া তথ্য অনুসৰি, বিহাৰৰ ভোটগণনাত বিজেপিয়ে ৯১খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে আৰ জে ডিয়ে ৭৯খন আসনত অগ্ৰগতি লাভ কৰি আছে। বৰ্তমানলৈকে এন ডি এ মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ২০১খন আসনত। ইয়াৰ পৰা যদি আৰ জে ডিৰ ৭৯খন বাদ দিয়া হয় তেন্তে হয় ১২২। এই সংখ্যাই হৈছে বিহাৰত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ।
ইতিমধ্যে এই চৰ্চা ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ হৈছে। যদিহে কোনো কাৰনত মুখ্যমন্ত্ৰীৰ পদক লৈ নীতিশ কুমাৰ আৰু বিজেপিৰ মাজত সংঘাত হয়, তেন্তে বিজেপিয়ে বিহাৰত নীতিশক এৰিও চৰকাৰ গঠন কৰাৰ ক্ষমতা লাভৰ দিশে আগবাঢ়িছে। এই চৰ্চাক আৰু অধিক গতি দিছে আন এক কথাই।
এইবাৰৰ নিৰ্বাচনত বিৰোধীয়ে যদিও তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বুলি ঘোষণা কৰিছিল, লক্ষ্যণীয়ভাৱে বিজেপিয়ে কিন্তু এইবাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেই হ'ব বুলি কোনো এখনত সভাত কোৱা নাছিল। গতিকে ইয়াৰ আঁৰতো কোনো অংক থাকিব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে বহুতে।
কিন্তু এটা কথা ঠিক যে, বিজেপিয়ে নীতিশ কুমাৰক বাদ দিব নোৱাৰে বিহাৰত। কিয়নো নীতিশ কুমাৰৰ দলৰ ১২গৰাকী সাংসদৰ সমৰ্থন লৈয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰি আছে বিজেপিয়ে। গতিকে এইক্ষেত্ৰত বিজেপিয়ে অন্য কোনো সিদ্ধান্ত নোলোৱাটোৱেই স্বাভাৱিক।
আন এটা দিশৰ পৰা চালেও বিজেপিয়ে নীতিশক একাষৰীয়া কৰাৰ অৱকাশ নাই। কিয়নো ২০২০তো বিজেপিয়ে অকলে ৭৪খন আসন লাভ কৰাৰ বিপৰীতে নীতিশ কুমাৰৰ দলে লাভ কৰিছিল মাত্ৰ ৪৩খন। ততস্বত্ত্বেও নীতিশকেই মুখ্যমন্ত্ৰী পাতিছিল বিজেপিয়ে। গতিকে এইবাৰ পূৰ্বৰ তুলনাত আৰ জে ডিৰো বৃদ্ধি পাব আসনৰ সংখ্যা। গতিকে এনেবোৰ দিশৰ পৰা নীতিশক গাদীচ্যুত কৰাৰ কোনো থল নাই।
- Nov 14, 2025 14:06 IST
চিৰাগ পাচৱানঃ বিহাৰৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰা এগৰাকী যুৱৰাজ...
বিহাৰ নিৰ্বাচনৰ ফলাফলে দেশৰ বিৰোধী শক্তিলৈ যেন সংকট নমাই আনিছে। বিহাৰৰ মূল বিৰোধী দল লালু প্ৰসাদ যাদৱৰ আৰ জে ডি। বৰ্তমান এই দলটোৰ সেনাপতি হিচাপে আছে পুত্ৰ তেজস্বী যাদৱ। কিন্তু ২০২০ৰ নিৰ্বাচনতকৈ ২০২৫ৰ নিৰ্বাচনত দলটোৰ শোচনীয় পৰাজয়ে তেজস্বী যাদৱৰ ৰাজনৈতিক যথেষ্ট প্ৰভাৱ পেলাব।
দিনৰ ২বজালৈকে হোৱা ভোটগণনাত আৰ জে ডি ২৮খন আসনত অগ্ৰগতি লাভ কৰি আছে। উল্লেখ কৰা প্ৰয়োজন যে, এই সংখ্যা ২০২০ নিৰ্বাচনতকৈ বহু কম। ২০২০ৰ নিৰ্বাচনত আৰ জে ডিয়ে লাভ কৰিছিল ৭৫খন আসন। পূৰ্বৰ নিৰ্বাচনৰ তুলনাত এতিয়ালৈকে প্ৰায় ৪৮খন আসনত পিছ পৰি আছে আৰ জে ডি।
বিহাৰত আৰ জে ডিৰ এই শোচনীয় ফলাফলে তেজস্বী যাদৱৰ লগতে দলটোক মোক্ষম আঘাত দিছে। আনফালে এইবাৰৰ নিৰ্বাচনত বিজেপিৰ সৈতে থাকিও উজ্বলি উঠিছে আন এগৰাকী যুৱ নেতা। এইবাৰৰ নিৰ্বাচনত যুৱ নেতা চিৰাগ পাচৱানৰ দল লোক জনশক্তি পাৰ্টি (ৰামবিলাস)য়ে অপ্ৰত্যাশিত সফলতা লাভ কৰিছে।
২বজালৈকে হোৱা ভোটগণনাত ২২খন আসনত অগ্ৰগতি লাভ কৰি আছে চিৰাগ পাচৱানৰ দলে। লক্ষ্যণীয়ভাৱে ২০২০ৰ নিৰ্বাচনত মাত্ৰ এখন আসন লাভ কৰিছিল এই দলটোৱে। ২০২০ত ১৩৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল চিৰাগ পাচৱানৰ দলে।
কিন্তু ২০২০ৰ তুলনাত ২০২৫ত চিৰাগ পাচৱানৰ এই উত্থানে বহু কথাই কৈ গৈছে। ২০২০ত নীতিশ কুমাৰৰ সৈতে হোৱা মনোমালিন্যৰ বাবে ১৩৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল চিৰাগৰ দলে। যাৰ বাবে ২০২০ত লোকচানৰ সন্মুখীন হৈছিল নীতিশ কুমাৰো। ২০২৫চনত ৭১খন আসন লাভ কৰা নীতিশ কুমাৰৰ দলে চিৰাগৰ লগত হোৱা মনোমালিন্যৰ পাছত ২০২০ত লাভ কৰিছিল মাত্ৰ ৪৩খন আসন।
তেতিয়াই ৰাজনৈতিক বিশ্লেষকসকলে নীতিশ কুমাৰক চিৰাগ পাচৱানৰ সৈতে মিত্ৰতা কৰিবলৈ পৰামৰ্শ দিছিল। যাৰ পৰিপ্ৰেক্ষিত এইবাৰ বুজা-পৰাৰ মাজৰে আসন ভাগ-বতোৰাৱা কৰাৰ বাবে দুয়াটো দলেই লাভৱান হৈছে বুলি ক'ব পাৰি।
- Nov 14, 2025 13:17 IST
শেহতীয়া আপডেট...
/fit-in/580x348/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/14/seats-ap-4-2025-11-14-13-17-00.jpg)
- Nov 14, 2025 12:25 IST
বিজেপি, JDUক চেৰাই শীৰ্ষত আছে লালুৰ দল..
বিহাৰত লালুৰ যাদু আজিও অব্যাহত আছে। যদিও এইবাৰৰ নিৰ্বাচনত লালু প্ৰসাদ যাদৱৰ দল আৰ জে ডি দলৰ আসনৰ সংখ্যা হ্ৰাস পাইছে, তথাপিও মুঠ ভোটৰ ক্ষেত্ৰত শীৰ্ষত আছে এই দলটো। দুপৰীয়া ১২বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, আৰ জে ডি দলে ২৩.০২শতাংশ ভোট। দলটোৱে ৩৩০৬৯৪৮টা ভোট লাভ কৰিছে।
মুঠ ভোটৰ লাভৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে বিজেপি। বিজেপিয়ে মুঠ ভোটৰ ভিতৰত ২১.৪৬শতাংশ ভোট লাভ কৰিছে। বিজেপিয়ে লাভ কৰা মুঠ ভোটৰ সংখ্যা হৈছে ৩০৩৮৯৭২টা ভোট।
আনফালে তৃতীয় স্থানত আছে নীতিশ কুমাৰৰ জে ডি ইউ দল। দলটোৱে দুপৰীয়া ১২বজালৈকে লাভ কৰিছে ১৯.০৪শতাংশ ভোট। জে ডি ইউ দলে লাভ কৰিছে ২৭৩৪১০১টা ভোট।
উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছে এতিয়ালৈকে লাভ কৰিছে ৮.২১শতাংশ ভোট।
- Nov 14, 2025 12:12 IST
কেইবাটাও ৰাষ্ট্ৰীয় দলতকৈ বেছি ভোট পৰিছে NOTAত...
বিহাৰ নিৰ্বাচনৰ ফলাফলত পোহৰলৈ আহিছে অন্য এক তথ্য। NOTAত পৰা ভোটৰ সংখ্যাইও দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। দুপৰীয়া ১২বজালৈকে ন'টাত প্ৰায় ২লক্ষাধিক ভোটগণনা হৈছে। মুঠ ভোটৰ প্ৰায় ১.৮৪ শতাংশ ভোট পৰিছে ন'টাত।
উল্লেখ কৰা প্ৰয়োজন যে, এই নটাত পৰা এই ভোট বহুকেইটা ৰাজনৈতিক দলতকৈ বেছি। ১২বজালৈকে নটাতকৈ কম ভোট লাভ কৰিছে বি এছ পি, চি পি আই, চি পি আই এমৰ দৰে দলে। আপ, এ আই এম আই এম দলতকৈ বেছি ভোট পৰিছে ন'টাত।
নটাত দুপৰীয়া ১২বজালৈকে পৰিছে ২, ২৬, ৬২৭টা ভোট। ইয়াৰ বিপৰীতে মায়াৱতীৰ বি এছ পিয়ে ১,৮০, ০০৭টা ভোট, চি পি আই এমে মাত্ৰ ৭২হাজাৰ ভোট লাভ কৰিছে। অনুমান কৰা হৈছে যে, ন'টাত পৰা ভোট সংখ্যা ভোট গণনাৰ শেষলৈ ২০লক্ষাধিকৰো অধিক হ'ব।
- Nov 14, 2025 11:34 IST
বিহাৰত শোচনীয় অৱস্থাৰ পাছতে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ডাঙৰ অভিযোগ...
বিহাৰ নিৰ্বাচনৰ শেহতীয়া আপডেটক লৈ অতিকে নিৰাশ কংগ্ৰেছ। এই নিৰ্বাচনৰ ফলাফল যথেষ্ট হতাশাজনক আখ্যা দিলে বিহাৰৰ কংগ্ৰেছ প্ৰহাৰী অশোক গেহলটে। তেওঁ কয় যে, বিহাৰৰ নিৰ্বাচনত যথেষ্ট অনিয়ম সংঘটিত হৈছে।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, বিজেপিয়ে প্ৰতিগৰাকী মহিলাক ১০হাজাৰকৈ টকা প্ৰদান কৰিছে। এয়াও এটা ডাঙৰ ফেক্টৰ হিচাপে প্ৰমাণিত হৈছে। আমি ইয়াক লৈ আপত্তি কৰিছিলো যদিও নিৰ্বাচন আয়োগে কোনো ব্যৱস্থা নল'লে। নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত কঠোৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল।
গেহলটে লগতে কয় যে, আমাৰ নেতা ৰাহুল গান্ধীয়ে কোৱাৰ দৰে বিহাৰত ভোট চুৰিও হৈছে। গতিকে ইয়াৰ পৰা কি ফলাফল আহিব, সেয়া সহজে অনুমেয়। এনে নিৰ্বাচনী ব্যৱস্থাই আমাক যথেষ্ট হতাশ কৰিছে বুলিও কয় তেওঁ। উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছ এতিয়ালৈকে ৭খন আসন অগ্ৰগতি লাভ কৰি আছে। ২০২০ৰ নিৰ্বাচনতকৈ প্ৰায় ১২খন আসনত পিছ পৰি আছে কংগ্ৰেছ।
- Nov 14, 2025 10:52 IST
বিহাৰত অব্যাহত নীতিশ কুমাৰৰ যাদু...
বিহাৰত অব্যাহত নীতিশ কুমাৰৰ যাদু। বিজেপিৰ সৈতে মিত্ৰতাত থাকিলেও এইবাৰৰ নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে নীতিশ কুমাৰৰ জে ডি ইউ দলে। পুৱা ১০.৩০বজালৈকে নীতিশ কুমাৰৰ দলে অকলেই লাভ কৰিছে ৮০আসন। ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৭৭খন আসন। উল্লেখ কৰা প্ৰয়োজন যে, এন ডি এ মিত্ৰজোঁটে বৰ্তমানলৈকে ১৮১খন আসনত অগ্ৰগতি লাভ কৰি আছে। ২০২০ৰ নিৰ্বাচনতকৈ নীতিশ কুমাৰ দলে এতিয়ালৈকে প্ৰায় ৩৭খন আসনত অগ্ৰগতি লাভ কৰি আছে।
- Nov 14, 2025 10:37 IST
প্ৰথম ৰাউণ্ডত ৮শতাধিক ভোটত আগবাঢ়ি আছে তেজস্বী যাদৱ...
বিহাৰ নিৰ্বাচনৰ অন্যতম এখন মুখ্য মুখ হৈছে আৰ জে ডিৰ তেজস্বী যাদৱ। লালু প্ৰসাদৰ যাদৱৰ পুত্ৰ এই তেজস্বীৰ কান্ধতে এতিয়া দলটোৰ গধুৰ দায়িত্ব। পুৱা ১০.৩০বজালৈকে তেজস্বীয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৰাঘাপুৰ সমষ্টিত ৮৯৩টা ভোটত আগবাঢ়ি আছে ।
বৰ্তমানলৈকে তেজস্বীয়ে ভোট লাভ কৰিছে ৪,৪৬৩টা। সমষ্টিটোত মুঠ ৩০টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ'ব যদিও এতিয়ালৈকে প্ৰথম ৰাউণ্ডৰ ভোটগণনাহে সম্পন্ন হৈছে। প্ৰথম ৰাউণ্ডতে এই অগ্ৰগতি লাভ কৰিছে তেজস্বীয়ে। সমষ্টিটোত দ্বিতীয় স্থানত আছে বিজেপিৰ প্ৰাৰ্থী সতীশ কুমাৰ। সতীশ কুমাৰে প্ৰথম ৰাউণ্ডত লাভ কৰিছে ৩৫৭০টা ভোট।
- Nov 14, 2025 10:04 IST
কোন দল কিমানখন আসনত অগ্ৰগতি...
/fit-in/580x348/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/14/seats-ap-1-2025-11-14-10-04-07.jpg)
- Nov 14, 2025 09:52 IST
বিৰোধীৰ কি হ'ব? ২০২০তকৈ বিহাৰত আসন বাঢ়িব বিজেপিৰ!
পুৱাৰে পৰা অগ্ৰগতিলৈ চাই অভিলেখ সৃষ্টি কৰি বিহাৰত পুনৰ এন ডি এনৰ নেতৃত্বতেই চৰকাৰ গঠন হ'ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মতপোষন কৰিছে। পুৱাৰে পৰা হোৱা টেণ্ডিঙলৈ চাই ৰাজনৈতিক বিশ্লেষকসকলে এইবাৰ বিহাৰত এন ডি এৰ আসনৰ সংখ্যা প্ৰায় ৪০খন বৃদ্ধি পাব বুলি আগজাননী প্ৰদান কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, পুৱা ৯.৩০বজালৈকে হোৱা ভোটগণনাত বিজেপি নেতৃত্বাধীন এন ডি এয়ে পূৰ্বতকৈ ৩৭আসনত আগবাঢ়ি আছ। আনহাতে অগগতিলৈ চাই বিৰোধী মিত্ৰজোঁটৰ আসনৰ সংখ্যা পূৰ্বতকৈ প্ৰায় ৩৪খন হ্ৰাস পাইছে।
২০২০ৰ নিৰ্বাচনত পুৱা ৯.৩০বজালৈকে এন ডি এ আগবাঢ়ি আছিল ১২২খন আসনত। কিন্তু এইবাৰ এন ডি এ আগবাঢ়ি আছে ১৫৬খন আসনত।
২০২০ৰ নিৰ্বাচনত পুৱা ৯.৩০বজালৈকে বিৰোধী মহাজোঁট আগবাঢ়ি আছিল ১১৪খন আসনত। কিন্তু এইবাৰ তেওঁলোক আগবাঢ়ি আছে মাত্ৰ ৮৬খন আসনত।
এইসমূহ পৰিসংখ্যালৈ চাই বিহাৰত এইবাৰ বিৰোধী মহাজোঁটৰ আসনৰ সংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।
- Nov 14, 2025 09:38 IST
বিহাৰত পুৱাৰে পৰাই আনন্দৰ মুখত হাঁহি...
- বিহাৰৰ বক্সাৰ সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰ।
- প্ৰাক্তন আই পি এছ বিষয়াগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীতকৈ কেইবা শতাধিক ভোটত আগবাঢ়ি আছে।
- কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীৰ সৈতে তুমূল প্ৰতিদ্বন্দ্বিতা হৈছে মিশ্ৰৰ।
- বৰ্তমানলৈ দ্বিতীয় স্থানত আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী।
- অগ্ৰগতিৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে বি এছ পি দলৰ অভিমূন্য মায়াৰী।
- উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিত যোগদান কৰিয়েই টিকট লাভ কৰিছে আনন্দ মিশ্ৰই।
- তাকে লৈ দলৰ ভিতৰত সূত্ৰপাত হৈছিল বিসম্বাদৰো।
- কিন্তু সকলোবোৰ বিসম্বাদ অতিক্ৰমী অগ্ৰগতি লাভ কৰি আছে আনন্দ মিশ্ৰই।
- Nov 14, 2025 09:27 IST
বেকফুটত কংগ্ৰেছ! মেজিক নম্বৰ পাৰ কৰিলে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে...
বিহাৰত নিৰ্বাচন অনুষ্ঠিত হোৱা ২৪৩খন আসনত চলি আছে ভোটগণনা। পুৱা ৯.২০বজালৈকে প্ৰায় ১৩৫খন আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপি নেতৃত্বাধীন এন ডি এন য়ে। ক'ব পাৰি যে, বৰ্তমানলৈ অগ্ৰগতিৰ ক্ষেত্ৰত পুৱাতেই মেজিক নম্বৰ পাৰ কৰিছে এন ডি এ মিত্ৰজোঁটে।
এই ১৩৫খন আসনৰ ভিতৰত বিজেপিয়ে অকলেই অগ্ৰগতি লাভ কৰি আছে ৬৫খন আসনত। নীতিশ কুমাৰৰ জে ডি ইউ আগবাঢ়ি আছে ৬৫খন আসনত। ইয়াৰ বিপৰীতে বিৰোধীৰ মহাজোঁট বন্ধন ৭২খন আসনত আগবাঢ়ি আছে। ৭২খন আসনৰ ভিতৰত আৰ জে ডি অকলেই ৬৩খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ মাত্ৰ ৭খন আসনত এতিয়ালৈকে অগ্ৰগতি লাভ কৰি আছে।
- Nov 14, 2025 09:10 IST
ফলাফল ঘোষণাৰ এদিনৰ পূৰ্বেই নীতিশ কুমাৰে বিলাইছিল মিঠাই...
পুৱা ৮বজাৰ পৰা আৰম্ভ হৈছে বিহাৰ নিৰ্বাচনৰ ভোটগণনা। পঞ্চমবাৰৰ বাবে অভিলেখ সৃষ্টি কৰি নীতিশ কুমাৰ পুনৰ বিহাৰ দখল কৰি মুখ্যমন্ত্ৰী হ'ব পাৰিবনে নাই তাক লৈ সকলো মনত উতকন্ঠা। দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা এইবাৰৰ বিহাৰ নিৰ্বাচনত ২,৬১৬গৰাকী প্ৰাৰ্থী অৱৰ্তীণ হৈছিল। দুটা পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৬৭.১৩শতাংশ।
উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰৰ প্ৰায় ৭.৪৫কোটি ভোটাৰে এইবাৰ ভোটদান সাব্যস্ত কৰিছিল। ইতিমধ্যে ভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এগজিট প'লত এন ডি এ পুনৰ শাসনলৈ আহিব বুলি আগজাননী দিছে। এনে পৰিপ্ৰেক্ষিতেই হয়তো ফলাফলৰ এদিনৰ পূৰ্বেই বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আগতীয়াকৈ মিঠাই বিতৰণ কৰিলে সমৰ্থকসকলৰ মাজত।
যোৱা ১৩নৱেম্বৰ, ২০২৫ৰ দিনাই নীতিশ কুমাৰে সমৰ্থক আৰু অনুৰাগীসকলৰ মাজত মিঠাই বিতৰণ কৰা দেখা গ'ল। এগজিট প'ল দেখিয়েই হয়তো নীতিশ কুমাৰে অত্যাধিক আত্মবিশ্বাসী হৈ ফলাফল ঘোষণাৰ পূৰ্বেই এনেদৰে জয় উদযাপন কৰিলে। আনহাতে বিৰোধীয়ে নীতিশ কুমাৰৰ এই আগতীয়া আনন্দৰ সংজ্ঞা দিছে আনধৰণে।
বিৰোধীয়ে নীতিশ কুমাৰৰ এই কাৰ্যক লৈ কটাক্ষ কৰি কৈছে যে, বেলট বাকচ মেনেজ কৰি সমাপ্ত হোৱাৰ বাবেই হয়তো নীতিশ কুমাৰে এনেদৰে আগতীয়াকৈ জয় উদযাপন কৰিছে। আনফালে নীতিশ কুমাৰৰ সমৰ্থকে বিৰোধীক কটাক্ষ কৰিছে যে, জনতাৰ ওপৰত থকা বিশ্বাসৰ বাবেই নীতিশ কুমাৰে এনে আত্মবিশ্বাস প্ৰদৰ্শন কৰিব পাৰিছে।
- Nov 14, 2025 08:58 IST
বিজেপিয়ে অকেলেই আগবাঢ়ি আছে ৪৯খন আসনত...
বিহাৰ নিৰ্বাচনৰ বৰ্তমানলৈকে ভোটগণনাত বিজেপি অকলেই আগবাঢ়ি আছে ৪৯খন আসনত। মিত্ৰদল জে ডি ইউ আগবাঢ়ি আছে ৩৬খন আসনত। ইয়াৰ বিপৰীতে বিৰোধী মহাজোঁট বন্ধনৰ আৰ জে ডিয়ে ৪৭খন আৰু কংগ্ৰেছ দল আগবাঢ়ি আছে মাত্ৰ ৭খনত আসনত।
- Nov 14, 2025 08:56 IST
পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ...
পুৱা ৮বজাৰ পৰা আৰম্ভ ভোটগণনা। বৰ্তমানলৈ এন ডি এ ৮৬খন আগবাঢ়ি আছে আৰু আৰু মহাজোঁট বন্ধন ৫৮খন আসনত আগবাঢ়ি আছে।
- Nov 11, 2025 20:15 IST
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব সমাপ্ত : অন্ত পৰিল বিহাৰ বিধানসভা নিৰ্বাচন
বিহাৰ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব অন্ত পৰিছে। শান্তিপূৰ্ণভাৱে অন্ত পৰিছে এই নিৰ্বাচন।
আজিৰ এই দ্বিতীয় তথা অন্তিম পৰ্যায়ত ১২২টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পৰ্ব। মুঠ ৪৫,৩৯৯টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হয়। ইয়াৰ ভিতৰত ৪০,০৭৩টা কেন্দ্ৰ গ্ৰাম্য অঞ্চলৰ।
ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলাসমূহ হৈছে— পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, সীতামড়ী, মধুবনী, সুপৌল, অৰৰিয়া, আৰু কিছানগঞ্জ। দ্বিতীয় পৰ্যায়ত ১৩০২ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
প্ৰণিধানযোগ্য যে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৬ নৱেম্বৰত। প্ৰথম পৰ্যায়ত অভিলেখ সংখ্যক ৬৫.০৮ শতাংশ ভোটদানৰ হাৰ পোৱা গৈছিল।
- Nov 11, 2025 12:11 IST
দিনৰ ১১ বজালৈ সম্পন্ন ৩১.৩৮ শতাংশ ভোটদান...
আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ । পুৱাৰে পৰা চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । দিনৰ ১১ বজালৈ সম্পন্ন ৩১.৩৮ ভোটদান । তাৰোপৰি কিষাণগঞ্জ সৰ্বাধিক ভোটদান হোৱা জিলা হোৱাৰ লগতে ৪ লাখৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে নিৰ্বাচনত । মুঠ ৪৫,৩৯৯টা কেন্দ্ৰত ভোটগ্ৰহণ ,যাৰ ভিতৰত ৪০,০৭৩টা কেন্দ্ৰ গ্ৰাম্য অঞ্চলৰ। শান্তিপূৰ্ণভাৱে চলি আছে নিৰ্বাচন প্ৰক্ৰিয়া ।
এই চূড়ান্ত পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।ইয়াৰ লগতে অৰৰিয়া ৩১.৮৮ ভোটদান, অৰৱালত ৩১.০৭, ঔৰংগবাদত ৩২.৮৮ , বাংকা ৩২.৯১ , বাগালপুৰত ২৯.০৮, গায়া ৩৪.০৭ , জাহাানাাবাদত ৩০.৩৬ , জামুইত ৩৩.৬৯,কাইমুৰত ৩১.৯৮, কাটিহাৰত ৩০.৮৩, মধুবনী ২৮.৬৬, নাৱাদা২৯.০২, পাচিম চম্পাৰন ৩২.৩৯, পুৰনিয়াত ৩২.৯৪, পুৰ্বি চম্পাৰন ৩১.১৬, ৰোহটাছ ২৯.৮০, চিৱোহৰ ৩১.৫৮, চিতামৰহিত ২৯.৮১, চোৰাওল ৩১.৬৯ ।
- Nov 06, 2025 20:52 IST
৯ বজাত প্ৰকাশ পাব প্ৰথম পৰ্যায়ৰ ভোটদানৰ চূড়ান্ত তথ্য
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৪.৪৬ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে । এঘণ্টাৰ পিছত প্ৰকাশ পাব চূড়ান্ত তথ্য। পাটনাত অনুষ্ঠিত এক সংবাদমেলত নিৰ্বাচন আয়োগে জনায় যে, বাক্সাৰ, ফাতুহা আৰু লক্ষীচৰাইত ভোট বৰ্জনৰ ঘটনাও সংঘটিত হৈছে।
- Nov 06, 2025 19:45 IST
৫ বজালৈকে ভোটদানৰ হাৰ ৬০.১৩ শতাংশ...
অন্ত পৰা দিশে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। সন্ধিয়া ৫ বজালৈকে ভোটদানৰ হাৰ ৬০.১৩ শতাংশ। প্ৰথম পৰ্যায়ৰ ১২১খন আসনত অনন্ত সিং, সুৰজ ভান সিং, ঋতলাল যাদৱ, হুলাছ পাণ্ডে, ওছামা, শিৱানী শুক্লা আদি নামকে ধৰি কেইবাগৰাকীও শক্তিশালী ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
শক্তিশালী লোকসকলৰ ভিতৰত অনন্ত সিঙৰ মকামা আসনত সন্ধিয়া ৫ বজাৰ ভিতৰত সৰ্বাধিক ভোটাৰ হাৰ ৬২.১৬ শতাংশ। ইফালে, সন্ধিয়া ৫ বজালৈকে ৬০.১৭ শতাংশ ভোট লাভ কৰা লালগঞ্জৰ পৰা ষ্ট্ৰংমেন মুন্না শুক্লাৰ কন্যা শিৱানী শুক্লা।
- Nov 06, 2025 19:40 IST
বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ ৫৩.৭৭ শতাংশ
বিয়লি ৩ বজালৈকে বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটদানৰ হাৰ ৫৩.৭৭ শতাংশ। বেগুচৰাইত সৰ্বাধিক ভোটদান ৫৯.৮২ শতাংশ। ২০২০ চনৰ নিৰ্বাচনৰ তুলনাত ভোটদানৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। একে সময়তে ২০২০ চনত ভোটদানৰ হাৰ আছিল ৪৬.৩%।
- Nov 06, 2025 13:33 IST
বেগুছৰাই জিলাত সৰ্বাধিক ভোটদানৰ হাৰ ৩০.৩৭%
পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
৪৫,৩৪১টা ভোটকেন্দ্ৰত বিয়লি ৫ বজালৈ চলিব ভোটগ্ৰহণ।
বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ মতে, পুৱা ১১ বজাত ভোটদানৰ হাৰ ২৫.১১%।
বেগুছৰাই জিলাত সৰ্বাধিক ভোটদান ৩০.৩৭% ।
বাতৰি লিখা পৰলৈকে পাটনা জিলাত এতিয়ালৈকে সৰ্বনিম্ন ভোটদানৰ হাৰ
জিলাখনত ভোটদানৰ হাৰ মাত্ৰ ২৩.৭১%।
- Nov 06, 2025 12:12 IST
বিহাৰৰ নিৰ্বাচন : দিনৰ ১১ বজালৈকে ২৭.৬৫ শতাংশ ভোটাৰে কৰিলে ভোটদান
আজি পুৱা ৭-০০ বজাৰ পৰা অনুষ্ঠিত হৈছে বিহাৰৰ নিৰ্বাচন।
দুটা পৰ্যায়াত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।
প্ৰথম পৰ্যায়ত দিনৰ ১১ বজালৈকে ২৭.৬৫ শতাংশ ভোটাৰে কৰিছে ভোটদান।
ইতিমধ্যে ভোটাধিকাৰ সাৱ্যস্ত কৰিছে কেইবাগৰাকী নেতাই।
উপ-মুখ্যমন্ত্ৰী, তেজস্বী যাদৱৰ পাছতে মুখ্যমন্ত্ৰী নিতীশ কুমাৰে সাৱ্যস্ত কৰে ভোটাধিকাৰ।
- Nov 06, 2025 11:05 IST
ভোটাধিকাৰ সাৱ্যস্ত কৰিলে মুখ্যমন্ত্ৰী নিতীশ কুমাৰে
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাৱ্যস্ত কৰিলে মুখ্যমন্ত্ৰী নিতীশ কুমাৰে।
আজি পুৱা ৭-০০ বজাৰ পৰা অনুষ্ঠিত হৈছে বিহাৰৰ নিৰ্বাচন।
দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।
ইতিমধ্যে ভোটাধিকাৰ সাৱ্যস্ত কৰিছে কেইবাগৰাকী নেতাই।
উপ-মুখ্যমন্ত্ৰী, তেজস্বী যাদৱৰ পাছতে মুখ্যমন্ত্ৰী নিতীশ কুমাৰে সাৱ্যস্ত কৰে ভোটাধিকাৰ।
- Nov 06, 2025 10:06 IST
আজি ভোটাৰে নিৰ্ণয় কৰিব আনন্দ মিশ্ৰৰো ভাগ্য...
বিহাৰৰ প্ৰথম প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰৰো। বিহাৰৰ বাক্সাৰ বিধানসভা সমষ্টিত এইবাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰ। বহুদিনৰ জল্পনা-কল্পনাৰ অন্ত পেলাই চাকৰি জীৱন আধাতে এৰি যোৱা আনন্দ মিশ্ৰই অৱশেষত গেৰুৱা বসন পিন্ধিছিল। বিজেপিত যোগদান কৰিয়ে বাক্সাৰ সমষ্টিৰ পৰা টিকট লাভ কৰিছিল আনন্দ মিশ্ৰই।
আনন্দ মিশ্ৰই নিৰ্বাচনক লৈ বাক্সাৰ অলি-গলিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। কিন্তু তাৰ মাজতে শেহতীয়াকৈ খবৰ আহিছে যে, দলৰ ভিতৰতে সৃষ্টি হোৱা বিসম্বাদৰ বাবে আনন্দ মিশ্ৰই বিধায়ক হোৱা আনন্দ হয়তো লাভ নকৰিব। কিয়নো অইন দলৰ পৰা আহি বিজেপিত যোগদান কৰিয়েই টিকট লাভ কৰাৰ বাবে সমষ্টিটোত পুৰণি বিজেপি কাৰ্যকতাসকল যথেষ্ট ক্ষোভিত হৈ আছে।
ইতিমধ্যে কেইবাটাও ভাগত বিভক্ত হৈছে বাক্সাৰ বিজেপি। ন-পুৰণি কৰ্মকতা সকলৰ মাজত চলিছে এখন শীতল যুদ্ধ। এনে পৰিস্থিতিত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত যথেষ্ট প্ৰত্যাহ্বান আহিছে আনন্দ মিশ্ৰৰ। তথাপিও হাঁহিমুখে প্ৰচাৰ চলাই গৈছে মিশ্ৰই। দল হাইকামাণ্ডেও মিশ্ৰক দিছে বিশেষ গুৰুত্ব। অমিত শ্বাহ আহি মিশ্ৰৰ সৈতে জনসভা সম্বোধন কৰিছিল।
কিন্তু এই সকলোবোৰৰ মাজতো যেন কিছু শংকাত আছে আনন্দ মিশ্ৰ। ২০২৫চনৰে পৰা কংগ্ৰেছৰ দখলত থকা সমষ্টিটো বিজেপিৰ আনন্দ মিশ্ৰই কেনেকৈ উদ্ধাৰ কৰিব তাক লৈও যথেষ্ট চৰ্চা হৈছে। বৰ্তমান সমষ্টিটো কংগ্ৰেছ বিধায়ক সঞ্জয় কুমাৰ তিৱাৰীৰ দখলত আছে। ২০১৫চনৰ পৰা তিৱাৰীৰ দখলতে আছে সমষ্টিটো।
অৱশ্যে ২০১০চনৰ নিৰ্বাচনত বিজেপিৰ সুখণ্ডা পাণ্ডে জয়ী হৈছিল সমষ্টিটোত। বৰ্তমান সমষ্টিটোত কংগ্ৰেছৰ স্থিতি যথেষ্ট সবল। তেনে ক্ষেত্ৰত কিদৰে আনন্দ মিশ্ৰই সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা কাঢ়ি আনে, সেয়া লক্ষ্যণীয় হ'ব। অৱশ্যে বিগত দিনবোৰত সমষ্টিটোত জোৰদাৰ প্ৰচাৰ চলাইছিল আনন্দ মিশ্ৰই।
- Nov 06, 2025 09:40 IST
নিতীশ কুমাৰেই হ’ব মুখ্যমন্ত্ৰী : ভোটাধিকাৰ সাৱ্যস্ত কৰি উপ মুখ্যমন্ত্ৰীৰ দাবী
নিতীশ কুমাৰেই হ’ব মুখ্যমন্ত্ৰী : ভোটাধিকাৰ সাৱ্যস্ত কৰি উপ মুখ্যমন্ত্ৰীৰ দাবী
আজি বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।
পুৱা ৭-০০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব।
পুৱাই বিহাৰৰ উপ- মুখ্যমন্ত্ৰীয়ে কৰিলে ভোটাধিকাৰ সাব্যস্ত।
ভোটদান কৰি তেওঁ ক’লে- নিতীশ কুমাৰ আমাৰ মুখ্য। গতিকে পুনৰ তেঁৱেই হ’ব মুখ্যমন্ত্ৰী।
আৰ জে ডি নেতা তেজস্বী যাদৱৰো ভোটাধিকাৰ সাৱ্যস্ত।
যাদৱে ক’লে- উন্নয়নৰ বাবে সকলোৱে ওলাই আহিছে ভোট দিবলৈ।
- Nov 06, 2025 08:09 IST
আৰম্ভ হ’ল বিহাৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
আৰম্ভ হ’ল বিহাৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
পুৱা ৭-০০ বজাৰ লগে লগে আৰম্ভ ভোটগ্ৰহণ।
নিৰ্বাচনী প্ৰক্ৰিয়াত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা।
প্ৰথম পৰ্যায়ত ভাগ্য নিৰ্ণয় কৰিব ১৩১৪গৰাকী প্ৰাৰ্থীৰ।
এই প্ৰাৰ্থীৰ সকলৰ ভিতৰত আছে লালু প্ৰসাদ যাদৱৰ দুই পুত্ৰ।
- Nov 05, 2025 22:27 IST
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলাৰ প্ৰতিনিধিত্ব...
প্ৰথম পৰ্যায়ত মহিলা প্ৰাৰ্থীৰ অংশ মাত্ৰ ৯%, যিয়ে ৰাজ্যখনৰ ৰাজনীতিত মহিলাৰ দুৰ্বল প্ৰতিনিধিত্বৰ ইংগিত দিয়ে।
- Nov 05, 2025 22:27 IST
কিমান শিক্ষিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নমা প্ৰাৰ্থী...
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৬৫১ জন প্ৰাৰ্থী (৫০%) স্নাতক বা তাতোকৈ অধিক শিক্ষিত, আনহাতে ৫১৯ জন প্ৰাৰ্থী পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰা।
- Nov 05, 2025 22:26 IST
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৪০% প্ৰাৰ্থী কোটিপতি...
এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (ADR) আৰু বিহাৰ ইলেকচন ৱাটচৰ এক প্ৰতিবেদনত কোৱা হৈছে যে মুঠ ১৩০৩ জন প্ৰাৰ্থীৰ ভিতৰত ৫১৯ জন (৪০%) কোটিপতি।
প্ৰায় প্ৰতিটো ডাঙৰ ৰাজনৈতিক দলেই ধনী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিছে, যাৰ ফলত ৰাজনীতিত পুঁজিৰ আধিপত্য বিস্তাৰ হৈছে।
- Nov 05, 2025 22:24 IST
প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ ৪২% ৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ...
প্ৰথম পৰ্যায়ৰ মুঠ ১৩০০৩ জন প্ৰাৰ্থীৰ ভিতৰত ৪২৩ জন (৩২%) প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।
ইয়াৰ ভিতৰত ৩৫৪ জন (২৭%) প্ৰাৰ্থীৰ বিৰুদ্ধে হত্যা (৩৩ টা), হত্যাৰ চেষ্টা (৮৬ টা), মহিলাৰ বিৰুদ্ধে অপৰাধ (৪২ টা), আৰু ধৰ্ষণ (২ টা)ৰ দৰে গুৰুতৰ অপৰাধমূলক গোচৰ চলি আছে।
ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ ৭০ জনৰ ভিতৰত ৪২ জন (৬০%), ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ ৪৮ জনৰ ভিতৰত ২৭ জন (৫৬%), আৰু কংগ্ৰেছৰ ২৩ জনৰ ভিতৰত ১২ জন (৫২%) প্ৰাৰ্থী গুৰুতৰ অপৰাধমূলক গোচৰত অভিযুক্ত। চি পি আই (এম এল)ৰ ৬৪% আৰু চি পি আইৰ ৮০% প্ৰাৰ্থীৰ বিৰুদ্ধেও অপৰাধমূলক গোচৰ আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)

Follow Us