কিছুমান খবৰৰ কৃতিত্ব নাথাকে। এই খবৰবোৰে আনি দিয়ে প্ৰাপ্তিৰ আনন্দ। এসময়ৰ এজন জনপ্ৰিয় লেখক। বহু গল্প, উপন্যাসৰ স্ৰষ্টা আছিল তেওঁ। এদিন হঠাৎ বজাৰত লগ পাই তেওঁৰ খবৰ লওতে জীৱন সংগ্ৰমাৰ বহু কথা তেওঁ কৈছিল।
অসুস্থ দেহ, দুৰ্বল শৰীৰ আৰু মনৰ ভিতৰত লৈ থকা ক্ষোভৰ উমান পাইছিলো সিদিনা। ৰহস্যধৰ্মী উপন্যাস, সাংস্কৃতিক প্ৰতিবেদন আদিৰে পাঠক সমাজৰ মাজত বিশেষভাৱে পৰিচিত হৈ পৰা এই লেখক গৰাকীয়ে কিন্তু পোৱা নাছিল সাহিত্যিক পেঞ্চনো।
তেতিয়ালৈকে সাহিত্যিক পেঞ্চনৰ পৰা বঞ্চিত হৈ থকা এই জনপ্ৰিয় লোখকজনৰ সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত ২ জুলাই, ২০১৯ত প্ৰকাশ হৈছিল এটা বিশেষ লেখা। সেই লেখাৰ শীৰ্ষ আছিল – উপেক্ষিত এজন জনপ্ৰিয় লেখক! ৫৬খন উপন্যাস লিখিও বঞ্চিত সাহিত্যিক পেঞ্চনৰ পৰা…
কোনোদিনেই চৰ্চাত নথকা সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা এইসকল প্ৰকৃত লোকৰ খবৰ প্ৰায়ে আওকাণ কৰা হয়। ব্যস্ত মানুহৰ আজি কোনে কি কৰিছে খবৰ লোৱাৰ আজৰি নাই। কিন্তু এই খবৰ 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ হোৱাৰ পাছত ছ'চিয়েল মিডিয়াত ইয়াক লৈ যথেষ্ট চৰ্চা হ'ল।
জনপ্ৰিয় লেখকগৰাকীৰ লিখনি পঢ়া লোকসকলৰ মাজত সৃষ্টি হ'ল প্ৰতিক্ৰিয়াৰ। সকলোৱে আচৰিত আৰু উদ্বেগ ব্যক্ত কৰিলে এনে এজন লেখকক সাহিত্যিক পেঞ্চনটোৰ পৰাও ইমানদিনে বঞ্চিত কৰাৰ বাবে। এই লেখা ফেচবুক. হোৱাটছএপ আদি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। শ শ লোকে লেখকগৰাকীৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে।
তেখেতৰ বিষয়ে বিভিন্নজনে এই লেখা পঢ়ি লিখা কথাবোৰ আছিল আক্ষেপমূলক। তেওঁ যে অবহেলিত, বঞ্চিত সেই উপলব্ধিৰে আব্দুল ৱাদুদ শ্বেখে লিখিছিল- দুখজনক। আশা কৰিছোঁ … ৰজাঘৰীয়াৰ মন গলাব। অচ্যুত কৃষ্ণ কলিতাই লিখিছিল- মোৰ প্ৰিয় লিখক।
গীতা শইকীয়াৰ বাবে তেওঁ আছিল এজন চিনাকি লেখক। লগতে তেওঁ লিখিছিল- এই লিখকজনৰ কথাবোৰ শুনি তেওঁ মনত দুখ পাইছে। আৰধনা বৰুৱাই প্ৰফুল্ল দত্ত যে এসময়ৰ চিনাকি নাম সেই কথা উল্লেখ কৰি তেওঁ লিখক জনৰ এই অৱস্থাই মনত দুখ দিয়াৰ কথা লিখিছিল।
অৰূপ কোচে এনেধৰণৰ লোকসকলৰ সহায়ৰ বাবে এক ন্যাসৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছিল। প্ৰশান্ত কুমাৰ চুতীয়াই লিখকজনৰ বিষয়ে লিখিছিল- এসময়ত বিস্ময়ৰ পাতত তেওঁৰ উপন্যাস পঢ়িছিল। এনে লিখকে প্ৰাপ্য মৰ্যাদা আৰু স্বীকৃতি পাব লাগে বুলি তেওঁ মন্তব্য কৰিছিল।
সমীৰ চৌধুৰী, জয়ন্ত দত্ত, কৃপাংকৰ শইকীয়া আদিয়ে এই লেখকজনে সাহিত্যিক পেঞ্চন পোৱাটো কামনা কৰি মতামত আগবঢ়াইছিল। লখিমী গগৈয়ে তেখেতৰ খবৰ পাই উদ্বেগ ব্যক্ত কৰাৰ লগতে বীৰেণ কাঠ হাজৰিকাই লিখিছিল- এসময়ৰ আমাৰ অতি চিনাকি নাম। তেখেতক সাহিত্যিক পেঞ্চন দিবৰ বাবে দাবী জনালো।
সকলোৰে এটাই কথা- এই লেখকজনৰ বাবে কিবা এটা কৰিব লাগে। বিউটী দত্ত, ৰীমা গোস্বামী, ৰীমা বৰুৱা, ময়ূৰ বৰা, সিদ্ধাৰ্থ শংকৰ নাথ, মেঘা বৰুৱা, পল্লৱ বৰা আদিয়ে এই সন্দৰ্ভত মন্তব্য কৰিছিল। মেঘা বৰুৱাই অসমত শিল্পী, সাহিত্যিকৰ মৰ্যাদা যে কম, সেই কথা উল্লেখ কৰি এই লেখকজনক উচিত মৰ্যাদা প্ৰদানৰ দাবী কৰিছিল।
অতি সৰল আৰু বিনয়ী এই লেখকগৰাকীৰ জীৱন কাহিনীয়ে যেন চুই গৈছিল সকলোকে। পল্লৱ বৰাই লেখকজনক সাহিত্যিক পেঞ্চন দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী তুলিছিল। নৃপেন কুমাৰ ভাগৱতীয়ে চৰকাৰে কৰিব নোৱাৰা একো কাম নাই বুলি উল্লেখ কৰি অনুৰূপ দাবীয়েই তুলিছিল ছ'চিয়েল মিডিয়াত।
দীপাঞ্জলী দাস, অনিল বৰুৱা, দিগন্ত কুমাৰ চৌধুৰী, কাবেৰী গোস্বামী, কোচ ৰূপজ্যোতি দত্ত, নিলম্বৰ ৰয়স নয়ন চন্দ্ৰ ৰাজা আদিয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। কাবেৰী গোস্বামীয়ে লিখিছিল- তেখেতে সাহিত্যিক পেঞ্চন লাভ কৰিলে ভাল লাগিব।
লাচিত দাস, দেৱশ্ৰী বৰা, জীনা বৰদলৈ, জগত বৰা, নিলাক্ষী চলিহা গগৈ, নিৰূপা শৰ্মা ভাগৱতী, ইক্ৰামূল হক, মল্লিকা বৰুৱা, পৰিমালা কোঁৱৰ, দীব্যজ্যোতি বৰঠাকুৰ, ৰজতা শৰ্মা, দিগন্ত কুমাৰ দাস, অংকুৰ বৰা, প্ৰত্যাশা প্ৰিয়দৰ্শিনী আদিয়ে চৰকাৰক অনুৰোধ কৰিছিল তেওঁৰ বাবে কিবা এটা কৰিবলৈ।
জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল- 'তেনেই এক সৰল আৰু অহংকাৰ নথকা ব্যক্তি। লিখনিৰ জৰিয়তে পেটৰ ভাতমুঠি মোকলাইছিল যদিও নিজে আছিল প্ৰচাৰ বিমুখ। ৰহস্যধৰ্মী সাহিত্যিক হোৱাৰ বাবে তেওঁ যেন এলাগী। জাতি-মাটিক ভালপোৱা তেখেতৰ দৰে এজন দৰিদ্ৰ লেখকক নিয়ম ভাঙি পেঞ্চন দিলে কোনো মহাভাৰত অশুদ্ধ নহয়।'
লিখক-জ্যেষ্ঠ সাংবাদিক মানস কুমাৰ মহন্ত, ৰীতা ভূঞা বৰা, শচীন্দ্ৰ ফুকন, দৰ্শনা বৰুৱা প্ৰকৃতি নাজিৰ, পাপুল বৰা, ত্ৰিদিৱ বৰুৱা, ধৰ্মেন্দ্ৰ গগৈ, মঞ্জুষা দেৱী, দিপাংকৰ শৰ্মা আদি অনেকজনে এটা কথাই কৈছিল- সৃষ্টিশীল এই ব্যক্তিজনৰ বাবে ৰজাঘৰীয়াই কিবা এটা কৰিলে তেওঁলোক আনন্দিত হ'ব।
আনন্দ কুমাৰ নাথ, শৰত হাজৰিকা, লীনা সৰকাৰ, চন্দন ভট্টৰায়, দ্বীপ ৰাজ, সুস্মিতা কে লেখাৰু, হৃদয় শৰ্মা, ভাস্কৰ ভূঞা, পবীন দত্ত, জামিৰুদ্দিন তালুকদাৰ, বিতোপন দত্ত, কল্পনা পেগু, ইলু ভূঞা, ৰাতুল পাঠক আদিয়েও চৰকাৰক এই লেখকজনৰ বাবে কিবা এটা কৰিবলৈ অনুৰোধ জনাইছিল।
বিতোপন দত্তই লিখিছিল- এই লেখকজনৰ গল্প, উপন্যাস স্কুল-কলেজীয়া দিনৰ জীৱনৰ সমল আছিল। তৰিণী ৰঞ্জন, কৃষ্ণা বৰুৱা, ৰুবী বৰা, পাপৰি সৌকাধৰা বৰঠাকুৰ, ৰাতুল ভূঞা, অনুৰাগ মহন্ত, ৰক্তিমা বৰুৱা, কানু লোচন বৰা, ৰনেন্দ্ৰ বৰবৰা, মনোজ কুমাৰ দাস, ভাৰতী গগৈ বৰুৱা, মলয় কুমাৰ ডেকা আদিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছিল বিষয়টোৰ প্ৰতি।
সেই ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতেই ছ'চিয়েল মিডিয়াত চৰ্চিত এই বিষয়টোৰ প্ৰতি বিশেষ দৃষ্টি দিছিল ব্যস্ততাৰ মাজতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৰ্তমানৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে। তেখেতে লিখিছিল- এই সন্দৰ্ভত তেওঁলৈ এখন আবেদন পঠাবলৈ।
এনেবোৰ বিষয়ত সাধাৰণতে বৰমূৰীয়াসকলে মন্তব্য বা প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা আতৰি থাকে। কিন্তু এই দিশত ব্যতিক্ৰম আছিল মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাগৰাকী। উৎপল কুমাৰ দেৱশৰ্মা, বিবেকানন্দ পাঠক, বিনীতা কোঁৱৰ, সৃষ্টি কাশ্যপ, ৰিতুৰাজ ফুকন, অজন্তা পাটগিৰী, শ্ৰীতি কাশ্যপ, ৰাজ বৰা, লোকেশ বড়ো, সোণালী গগৈ, আনন্দ সন্দিকৈ, চিৰঞ্জীতা নেওগ দাস, মৃণালী হাজৰিকা, কৃৰ্তিকা দত্ত, অতুল হাজৰিকা, লাচিত সূত্ৰধৰ, হিমাদ্ৰী গোহাঁই বৰুৱা, প্ৰদীপ বৰ্মন, গকুল কলিতা, নন্দন কুমাৰ শৰ্মা, নয়ন ডেকা, কিশোৰ মঞ্জিত বৰাইও লেখকজনৰ বাবে চৰকাৰে কিবা এটা কৰাটো বিচাৰিছিল।
সেয়া তেওঁৰ প্ৰাপ্য আছিল। সেই কথা সকলোৱে উপলব্ধি কৰিছিল। লেখকগৰাকীক সাহিত্যিক পেঞ্চন দিয়াৰ প্ৰতি সমৰ্থন জনাই তেওঁৰ লেখাৰে এদিন মন ভৰি পৰা বহুলোকে তেনে এজন লোকক এনে সন্মানেৰে সন্মানিত কৰি সকাহ দিয়াৰ বাবে চৰকাৰক অনুৰোধ জনাইছিল।
ভাস্কৰজ্যোতি আচাৰ্য্য, অমৰজিত ডেকা, ধীৰেণ লইং, গণপতি দাস, ভৱানন্দ কলিতা, দীপক বৰুৱা, পংকজ কুমাৰ শইকীয়া, দিগন্ত গগৈ, ৰূপাঞ্জলী তালুকদাৰ, কাশ্মীৰি দাস, হেমন্ত কুমাৰ নাথ, ৰাকেশ জি মেধি, জয়শ্ৰী দত্ত, ৰেণু সঞ্জীৱ বৰা, জ্যোৎস্না বৰুৱা, চন্দনা পাঠক বৰ্মন, অমল ৰাজখোৱা, নিভা বড়ো, মদিৰা শইকীয়া ভূঞা আদিয়ে এই দাবীক আৰু শক্তিশালী ৰূপত তুলি ধৰিছিল।
তেনে অনেক জনৰ দাবী, আশা আৰু আন্তৰিকতাৰ বাবেই অৱশেষত আহিল সুখবৰ। মণিমা ভূঞা, প্ৰণিতা দেৱী শৰ্মা, তপন জ্যোতি ভট্টাচাৰ্য, অমৰ জ্যোতি লস্কৰ, বিদ্যুৎ কুমাৰ ভূঞা, কুশল ডেকা, পাৰ্থপ্ৰতিম দত্ত, দীপেন সোণোৱাল, অপৰাজিতা বৰুৱা, কণ দাস, মাণিক চন্দ্ৰ সোণোৱাল, দীনেশ বৈশ্য, সত্যম লাহন, নমিতা তালুকদাৰ, প্ৰাপ্তি শৰ্মা, হিমাশ্ৰী গগৈ কোঁৱৰ আদি অলেখজনৰ বাবেই এই লেখকগৰাকীৰ প্ৰতি দৃষ্টি পৰিল চৰকাৰৰ।
১৩ আগষ্ট, ২০১৯। ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছিল স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সাহিত্যিক, শিল্পী আৰু ক্ৰীড়াবিদলৈ আগবঢ়োৱা পেঞ্চনৰ তালিকা। এই তালিকাত ৪৩ গৰাকী সাহিত্যিক, ১২৫ গৰাকী শিল্পী আৰু ২০ গৰাকী সাংবাদিকলৈ ২০১৯ বৰ্ষৰ পেঞ্চন দিয়াৰ কথা ঘোষণা কৰিছিল।
স্বাভাৱিকতে সেই তালিকাত এইগৰাকী লেখকৰ অন্তৰ্ভূক্ত হ'ব নে নহয় এইবাৰ তাক লৈ বিশেষ দৃষ্টি আছিল। কিয়নো পূৰ্বতে তেওঁ সাহিত্যিক পেঞ্চনৰ বাবে আবেদন কৰিছিল যদিও নোপোৱাৰ কথা ক্ষোভেৰে উল্লেখ কৰিছিল। সাহিত্যিক পেঞ্চন লাভ কৰা আন সাহিত্যিকসকলৰ সৈতে এইগৰাকী লেখকৰ নামো তালিকাত উল্লেখ থকাত সেয়া এক প্ৰাপ্তি যেনেই বোধ হ'ল।
এইবাৰ সাহিত্যিক পেঞ্চন লাভ কৰা সকলৰ ভিতৰত প্ৰফুল্ল কুমাৰ দত্ত, পৰিণীতা বুজৰবৰুৱা, গীতিকাৰ কৃৰ্তিকমল ভূঞা, গল্পকাৰ জ্যোতিষ শিকদাৰ আদি আছিল কেইটামান উল্লেখযোগ্য আৰু অন্যতম নাম। নিপেন্দ্ৰ কুমাৰ ভাগৱতী, ধনেশ্বৰ ইংতি, পূৰ্ণানন্দ ভূঞা, সুৰেশ শৰ্মা, ললিত বৰুৱা, শান্তি ছায়া শইকীয়া, যুগমায়া গগৈ, অঞ্জু এণ্ড, খৰ্গ বাহাদুৰ নেপালী, মনোৰমা ভূঞা, বিষ্ণু শৰ্মা, অনিতা নিঙমবাম আদিকে ধৰি ৪৩ গৰাকীয়ে সাহিত্যিক পেঞ্চন লাভ কৰিছে।
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এয়া সুখবৰ। এই খবৰ পোৱাৰ পাছতে আনন্দিত প্ৰফুল্ল কুমাৰ দত্ত। বৰ্তমান দিল্লীত থকা প্ৰফুল্ল কুমাৰ দত্তই পাহৰা নাই 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ এই উদ্যোগ আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ তৎপৰতা।
এয়া তেওঁৰ প্ৰাপ্য আছিল। কিন্তু তেওঁ বঞ্চিত হৈ আছিল। সেই বঞ্চনাৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়া, বিশেষকৈ ফেচবুকত যিসকল সৰৱ হৈছিল, সেই সকলৰ বাবেহে সুদৃষ্টি পৰিল চৰকাৰৰ। ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ এই বিষয়টোত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যিসকলে উদ্যোগ ল'লে।
এজন উপযুক্ত লেখক-সাহিত্যিকে পলমকৈ হ'লেও এই সন্মান লাভ কৰিলে। এয়া তেওঁৰ বাবে সকাহ। ছ'চিয়েল মিডিয়াক বহুতে নেতিবাচক দৃষ্টিৰে চায়। কিন্তু ইতিবাচকভাৱে এই মাধ্যমৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰয়োজনীয়তাক প্ৰমাণ কৰি দিলে এই ঘটনাই।
তেওঁ সাহিত্যিক পেঞ্চন লাভ কৰাৰ কৃতিত্ব ছ'চিয়েল মিডিয়াইও দাবী কৰিব পাৰে। যদি এনেদৰে বিষয়টোৰ চৰ্চা নহ'লহেঁতেন তেনেহ'লে হয়তো উপেক্ষিত হৈয়ে থাকি গ'লহেঁতেন প্ৰফুল্ল কুমাৰ দত্ত নামৰ এই জনপ্ৰিয় লেখকজন।
দীৰ্ঘদিনৰ অপেক্ষাৰ পাছত আহিল সুখবৰ। সেই সুখবৰে এতিয়া কেৱল তেওঁকেই প্ৰাপ্তিৰ আনন্দ দিয়া নাই, দিছে তেওঁৰ গুণমুগ্ধকো। দিল্লীৰ পৰাই টেলিফোনত তেওঁ ক'লে- 'মই ফোন ধৰি আছো। ইমান মানুহে শুভেচ্ছা দিছে, মন ভৰি গৈছে।'
এই খববোৰে সঁচাকৈয়ে কিবা এক মাদকতা কঢ়িয়াই আনে। চৰকাৰৰ এনে সৰু পদক্ষেপে কেৱল এজন মানুহকে নহয়, বহুতকে সন্তুষ্টি বিলাই দিয়ে। আমি কেৱল চৰকাৰক সমালোচনা কৰোঁ। কিন্তু কেতিয়াবা কিছু পদক্ষেপৰ বাবে শলাগ ল'বলগাও হয়। চৰকাৰ বা চৰকাৰী পক্ষৰ সেই তৎপৰতা কেৱল প্ৰফুল্ল কুমাৰ দত্তৰ ক্ষেত্ৰতেই অন্ত নপৰক। এনে পদক্ষেপে সৰ্বসাধাৰণক কিমান সুখ দিব পাৰে, সেয়া চৰকাৰেও অনুভৱ কৰক।