উপেক্ষিত এজন জনপ্ৰিয় লেখক! ৫৬খন উপন্যাস লিখিও বঞ্চিত সাহিত্যিক পেঞ্চনৰ পৰা…

উপেক্ষিত এজন জনপ্ৰিয় লেখক! ৫৬খন উপন্যাস লিখিও বঞ্চিত সাহিত্যিক পেঞ্চনৰ পৰা…

মৃদুল কুমাৰ সন্দিকৈ

'আজি-কালি মই নিলিখো নহয়! লিখিব এৰিলো। কোনোবাই ভাল পাই পুৰণা লেখাবোৰকে ছপায়। মই লেখা-মেলা কৰিছিলো বুলিনো কেইজনে জানে?'- মানুহজনৰ খবৰ লৈছিলো বজাৰত লগ পায়। ঢেকীয়া আৰু কল লৈ পাচলিৰ দোকানীজনৰ সৈতে তেওঁ কথা পাতি আছিল। তাৰ মাজতে তেওঁক সুধিছিলো- 'দাদা লিখা মেলা চলি আছেনে?'

মোক তেওঁ চিনিব পৰা নাছিল। নামটো ক'লো। মানুহজন পুৰণি চিনাকি। এসময়ত তেখেতৰ লেখা আমি পঢ়িছিলো। অসমৰ বাতৰি কাকত, আলোচনীত তেওঁৰ লেখা প্ৰকাশ হোৱা নাছিল। বিখ্যাত বাংলা আলোচনীতো তেওঁ লিখিছিল।

'মই কথাবোৰ পাহৰি যাওঁ। এইমাত্ৰ কিবা এটা কৈ পাহৰি থাকো। চিনি নোপোৱাৰ বাবে বেয়া নাপাব।'- কথাষাৰ তেওঁ বৰ বিনম্ৰতাৰে কৈছিল। বজাৰ কৰা তেওঁৰ হৈছিল। জোনালীৰ ট্ৰেফিক পইন্টৰ সন্মুখৰে সোমাই যোৱা গলিটোত থকা সৰু পকী দলংখনৰে দুয়ো আগবাঢ়িলো।

অসমৰ বাতৰি কাকত-আলোচনীৰ ৰহস্যধৰ্মী উপন্যাস লিখি এদিন অসমৰ পাঠকৰ বাবে তেওঁ এটা চিনাকি নাম হৈ পৰিছিল। কেৱল ৰহস্যধৰ্মী উপন্যাসে নহয়, তেওঁৰ সাংস্কৃতিক বিষয়ৰ প্ৰতিবেদনবোৰো আছিল অনন্য। ৰংমন, ৰঞ্জু হাজৰিকা আদিৰ দৰে ৰহস্যধৰ্মী সাহিত্যত তেওঁৰ আছিল বেচ দখল।

তেওঁৰ দৃষ্টিত আজিও বিৰাজ কৰে সেই সৰলতা…

২০০৫ চনত তেওঁৰ ব্ৰেইন ষ্ট্ৰক হৈছিল। তাৰ পাছত দেহা পৰি আহিল। মানুহজনৰ মুখলৈ চালো। এজন বিবৰ্ণ মুখ। হাঁহিটো একেই আছে। কিন্তু মুখত ফুটি উঠিছে উদাস আৰু ক্ষোভৰ ছবি। থিয় হৈয়ে তেওঁ কৈ গ'ল কিছু কথা-

'১৯৭৯চনতে তেওঁ তিনিচুকীয়াৰ পৰা গুচি আহিছিল গুৱাহাটীলৈ। পৰৱৰ্তী সময়ত তেওঁ বিস্ময় আলোচনীৰে জড়িত হৈ পৰিছিল। মাজতে কিছুকাল তেওঁ নাছিল। দিল্লীলৈ গুচি গৈছিল। দিল্লীৰ পৰা প্ৰকাশিত 'অপৰাধ অনুসন্ধান' নামৰ আলোচনীখনত কাম কৰিছিলগৈ।

'মই যাব বিচৰা নাছিলো। দিল্লীৰ পৰা অহা মানুহজনে মোক নেৰে। যাব লাগে। মই উপায় নাপাই ক'ব লগা হৈছিল মোৰ ধাৰ আছে। সেয়া ১৯৮৪চনৰ কথা। কিমান আছে সুধিলে, মই ক'লো- ২৮০০ মান আছে। এই বুদ্ধি দিছিল মোক ইমৰানে। তেওঁ এতিয়া প্ৰান্তিকত কাম কৰে। তেওঁ মোক ৩০০০ টকা দিলে।'- তেওঁ কৈ গৈছিল ১৯৮৪চনৰ কথা। তেতিয়া ৩০০ টকা কম টকা নাছিল।

দিল্লীৰ পৰা তেওঁ ঘূৰি আহিল। আকৌ বিস্ময়ৰ সৈতে জড়িত হৈ পৰিল। তাৰমাজতে লিখি গৈছিল ইখনৰ পাছত সিখন কিতাপ। সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁৰ আছিল বেছ দখল আৰু লিখিছিল- ৰহস্যধৰ্মী সেই উপন্যাসবোৰ।

দীপালি বৰঠাকুৰৰ ওপৰতো তেওঁ এখন জীৱনভিত্তিক গ্ৰন্থ লিখিছিল। প্ৰমথেশ বৰুৱাক লৈ লিখা গ্ৰন্থখনৰ আধাৰতে দূৰদৰ্শনে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। ৫৬খনৰো অধিক গ্ৰন্থৰ ৰচনা কৰিছিল তেওঁ। সেই কিতাপবোৰৰ সৰহভাগেই তেওঁৰ লগত নাই। আচলতে তেওঁ স্বীকৃতি বিচৰাই নাছিল। মাথোঁ লিখি গৈছিল।

বাংলা ভাষাৰ প্ৰখ্যাত আলোচনীত তেওঁৰ লেখা ওলাইছিল। আলোচনী প্ৰকাশৰ পূৰ্বে বাতৰি কাকতত বিজ্ঞাপন ছপোৱা হৈছিল। সৰুতে তেওঁ পঢ়া বিখ্যাত বাংলা লেখকৰ লগতে তেওঁৰ নামটো ডাঙৰকৈ ওলাইছিল। সেয়াই আছিল তেওঁৰ বাবে আন এক প্ৰাপ্তি।

চন, তাৰিখ তেওঁ পাহৰিছে। এতিয়া তেওঁ লিখিব পৰাকৈ দেহাই নাটানে। মনত পেলাই পেলাই কথাবোৰ কৈছিল। অথচ এইজন লেখক এদিন বহুতৰ বাবে আছিল অতিকৈ চিনাকি। তেওঁৰ লেখা পঢ়িয়েই বহুতে শৈশৱ আৰু যৌৱন পাৰ কৰিছিল।

মানুহজন এসময়ত খুব আড্ডাবাজ আছিল। এতিয়া তেওঁ ঘৰতে থাকে। কোনোবাই তেওঁৰ লেখা বিচাৰিলে তেওঁ লেখিব নোৱাৰাৰ কথা কয়। সেই পুৰণি লেখাবোৰেই দিবলৈ কয়। অনুৰোধ এৰাব নোৱাৰি তেওঁ সেইবোৰ দিয়ে পুনৰ প্ৰকাশৰ বাবে।

প্ৰতিবেদনধৰ্মী লেখাতো তেওঁৰ আছিল বিশেষ হাত। এসময়ত তেওঁ আছিল এখন অভিধান স্বৰূপ। গান, সাংস্কৃতিক জগতৰ বহু খবৰ তেওঁৰ আছিল নখদৰ্পনত। তেওঁৰ জ্যেষ্ঠ ভগ্নীয়েও লিখিছিল ডিটেক্টিভ উপন্যাস। বিস্ময়ত সেইবোৰ খুব জনপ্ৰিয় হৈছিল।

এতিয়া জু-ৰোডৰ বাসগৃহতে থাকে তেওঁ। কিছুদিনৰ পূৰ্বে তেওঁ অসুস্থ হৈ চিকিৎসালয়ত আছিল। ২০১৫চনৰ পৰা তেওঁৰ দেহাই ইটোৰ পাছত সিটো ৰোগ কঢ়িয়াই লৈ ফুৰিছে। স্মৃতি শক্তি কমিছে আৰু মানুহজন দুৰ্বল হৈ পৰিছে।

'এবাৰ মই কি কৰিলো জানা, বাংলাৰ বিখ্যাত আলোচনী এখনৰ বাবে লেখা এটা পঠিয়ালো। আৰু মই ইচ্ছা কৰিয়েই প্ৰথম তিনিটা লাইন অসমীয়াতে লিখিলো। তেনেকৈয়ে প্ৰকাশ হৈ গ'ল লেখাটো। ইচ্ছা কৰিয়েই কৰিছিলো সেইটো।'- এয়া তেওঁৰ ভাষা আৰু জাতিৰ প্ৰতি ভালপোৱা।

কথাবোৰ পাতি গৈ থাকোতে তেওঁ মনৰ দুৱাৰ খুলি দিলে। এতিয়া তেওঁ ঘৰতে থাকে। প্ৰচাৰ মানুহজনে একেবাৰে নিবিচাৰে। সাহিত্যৰ তেওঁ আছিল নীৰৱ সাধক। তেওঁক সুধিলো- আপুনি সাহিত্যিক পেঞ্চন পালেনে? তেওঁ কিছু সময় ৰ'ল। তাৰপাছত ক'লে- 'এইবোৰ জানো হাত নহ'লে পায়?'

২০১৮ বৰ্ষত তেওঁৰ নাম সাহিত্যিক পেঞ্চনৰ তালিকাত উঠিছিল। কিন্তু কাটি দিলে কোনোবাই। তেওঁৰ দৰে সাহিত্যিক এজনে এতিয়াও পোৱা নাই সাহিত্যিক পেঞ্চন। যদি এইসকল লোকেই সাহিত্যিক পেঞ্চন নাপায়, তেন্তে কোনো পাব?

'মোৰ কথা এটা হৈছে বুজিছা, যোৱাবাৰ আৱেদন জনাইছিলো, নহ'ল। আৱেদনৰ লগত কিতাপ দিব লাগে নহয় পাঁচখনকৈ। মোৰ কিতাপবোৰো নাই লগত। যোৱাবাৰ এজন পাঠকে মোক বিচাৰি আনি সেইবোৰ দিছিল। সেইকেইখন দিলো, এতিয়া আৰু লগত নাই কিতাপ।'- তেওঁ কৈ গৈছিল কেনেকৈ ঢকুৱাখনাৰ পৰা এজন পাঠকে তেওঁৰ কিতাপবোৰ বিচাৰি আনি দিছিল। নগাঁৱৰ এজন শিক্ষকে কেনেদৰে পঠিয়াই দিছিল তেওঁৰ কিতাপবোৰ।

প্ৰায় আধা ঘণ্টাতকৈ বেছি সময় তেওঁৰ সৈতে কথা পাতিলো। তেওঁৰ মনৰ ক্ষোভ আৰু দুখৰ উমান ল'লো। সৰলতাৰে ভৰা মুখখনত আক্ষেপ থাকিলেও তেওঁ সেইবোৰ ঢাকি ৰাখিছে। বেছি সময় তেওঁ থিয় হৈ থাকিব নোৱাৰে। তেওঁক ক'লো- আপুনি যাওঁকগৈ। হাতত পলিথিনৰ টোপোলাটো লৈ তেওঁ ফুটপাথেৰে উভতি গ'ল ঘৰলৈ।

ঘৰলৈ উভতি যোৱা পথত…

এতিয়া প্ৰশ্ন হয়- যদি এনেদৰে সাহিত্য চৰ্চাত জীৱন উৎসৰ্গিত কৰা এই নীৰৱ সাধকসকলেই যদি সাহিত্যিক পেঞ্চন লাভ নকৰে, তেন্তে এইবোৰ কাৰ বাবে? কলেজৰ আলোচনীত, পাঠকে নপঢ়া দুই-চাৰিখন কিতাপ লেখা লোকেই পাই সাহিত্যিক পেঞ্চন। কিন্তু নাপাই এইসকল লোকে।

তেওঁ আন কোনো নহয়। নাম তেওঁৰ প্ৰফুল্ল কুমাৰ দত্ত। এসময়ৰ জনপ্ৰিয় লেখক এইগৰাকী। এইবাৰ তেওঁ সাহিত্যিক পেঞ্চনৰ বাবে আৱেদন কৰা নাই। তেওঁৰ লগত নাই কিতাপ। পাঠকৰ বাবে লিখা কিতাপ পাঠকৰ হাতত। প্ৰফুল্ল কুমাৰ দত্তৰ গ্ৰন্থ যদি কাৰোবাৰ হাতত আছে, তেন্তে সহায় কৰিব পাৰে এই লেখকগৰাকীক।

বানপানীত তেওঁৰ সকলোবোৰ নষ্ট হৈছে। পূৰ্বৰ চৰকাৰে এইবোৰ নেদেখিলে। কিন্তু এই চৰকাৰে এই নীৰৱ সাধকসকলক দিবনে উপযুক্ত সন্মান? নতুন চামে চিনি নাপালেও, পুৰণা চামৰ বাবে অতি জনপ্ৰিয় আৰু পৰিচিত নাম আছিল এইগৰাকী লিখক। যদি প্ৰফুল্ল কুমাৰ দত্তৰ দৰে মানুহেই সাহিত্যিক পেঞ্চন লাভ নকৰে, তেন্তে কোনে পাব সেই কথাও চৰকাৰে ভাবক।

তেওঁ কিয় আৱেদন কৰিব লাগে? নিয়ম ভাঙিও এইবোৰ লোকক দিব পাৰি এই সন্মান। কেতিয়াবা প্ৰয়োজনত নিয়ম ভাঙিব লাগে। ২০১৮ত নাপালে, ২০১৯ত প্ৰফুল্ল কুমাৰ দত্তৰ নাম পূৰ্বৰ আৱেদনৰ ভিত্তিত বিবেচনা কৰা হওঁক। সেই চিন্তা সংশ্লিষ্ট পক্ষই কৰক। এনে সৰু এটা সিদ্ধান্তই এফালে চৰকাৰৰ দায়িত্ববোধক প্ৰমাণ কৰিব, আনফালে কেইবাদশকজুৰি সাহিত্য চৰ্চা কৰা এই নীৰৱ সাধকগৰাকীয়ে কিছু সন্তুষ্টি পাব। নোৱাৰিবনে চৰকাৰে নিয়ম ভাঙি প্ৰফুল্ল কুমাৰ দত্তৰ দৰে লেখকক সাহিত্যিক পেঞ্চন প্ৰদান কৰিব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in