আজিয়েই পৰিস্কাৰ কৰক মেকআপ ব্ৰাছ

শেহতীয়া এক অধ্যয়নত প্ৰমাণ হৈছে যে মেকআপ ব্ৰাছ শৌচাগাৰৰ আসনতকৈ অধিক লেতেৰা।

author-image
Asomiya Pratidin
New Update
আজিয়েই পৰিস্কাৰ কৰক মেকআপ ব্ৰাছ

ডিজিটেল ডেস্ক: মেকআপ ব্ৰাছ সৌন্দৰ্যচৰ্চাৰ এক অপৰিহাৰ্য্য সামগ্ৰী।দৈনিক মেকআপ কৰা মহিলাসকলে বিভিন্ন প্ৰকাৰৰ ব্ৰাছ ব্যৱহাৰ কৰে।কিন্তু আপুনি জানেনে যে মেকআপ ব্ৰাছ আপোনাৰ বাবে কিমান বিপদজনক ? শেহতীয়া এক অধ্যয়নত প্ৰমাণ হৈছে যে মেকআপ ব্ৰাছ শৌচাগাৰৰ আসনতকৈ অধিক লেতেৰা।

Advertisment

এই ব্ৰাছবোৰ সঠিকভাৱে পৰিস্কাৰ নকৰাৰ বাবে ইয়াত ধুলি,তেল, লেতেৰা আৰু বেক্টেৰিয়া জমা হয়। মেকআপ কৰাৰ পিছত ব্ৰাছ পৰিস্কাৰ নকৰিলে ইয়াত বেক্টেৰিয়াৰ জমা হয়। স্পেকট্ৰাম কালেকশ্যনৰ এই অধ্যয়নটোত এইটোও কোৱা হৈছে যে দৈনিক পৰিস্কাৰ নকৰা মেকআপ ব্ৰাছ ব্যৱহাৰে জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে।

এই অধ্যয়নটোত ফাউণ্ডেচন ব্ৰাছৰ দুটা ছেট লোৱা হৈছিল। যাৰ এটা পৰিস্কাৰ আৰু আনটো লেতেৰা আছিল। দুই সপ্তাহৰ পিছত যেতিয়া ব্ৰাছ দুডাল তুলনা কৰা হয়, লেতেৰা ব্ৰাছ জমা হোৱা বেক্টেৰিয়াৰ পৰিমাণ শৌচাগাৰৰ আসনতকৈও অধিক পোৱা গৈছিল।একে সময়তে, পৰিস্কাৰ মেকআপ ব্ৰাছডালত খুব কম পৰিমাণেহে বেক্টেৰিয়া জমা হৈছিল। গৱেষকসকলে জনোৱা মতে, মেকআপ ব্ৰাছ শোৱা কোঠা, মেকআপ বেগ, ব্ৰাছ বেগ, ব্ৰাছ ড্ৰয়াৰ আৰু বাথৰুমত ৰাখিলে অতি বেছিকৈ তাত বেক্টেৰিয়া জমা হয়।  

মেকআপ ব্ৰাছত বেক্টেৰিয়া জমা হোৱাৰ ফলত ছালৰ ঠায়ে ঠায়ে বগা বা ক’লা পৰা তথা শালমন আদিকে ধৰি নানান সমস্যা হ'ব পাৰে। যদি আপুনি দীঘলীয়া সময়ৰ বাবে এই ব্ৰাছবোৰ পৰিস্কাৰ নকৰে, মেকআপ ব্ৰাছত জমা হোৱা বেক্টেৰিয়া আন সামগ্ৰীলৈও যাব পাৰে।তেতিয়া ছালত বিভিন্ন প্ৰকাৰৰ ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি হয়।সেয়েহে মেকআপৰ প্ৰতি যদি আপোনাৰ ৰাপ আছে, ঘনাই মেকআপ ব্ৰাছ সলনি কৰি থাকিব।

মেকআপ ব্ৰাছ কেনেদৰে পৰিষ্কাৰ কৰিব 

-প্ৰথমে মেকআপ ব্ৰাছদাল কোমল টাৱেলেৰে পৰিস্কাৰ কৰিব যাতে তাত লাগি থকা মেকআপ আঁতৰ হয়।

- এবাতি পানীত অকনমান শিশুৰ বাবে ব্যৱহাৰ কৰা ছেম্পু মিহলি কৰি মেকআপৰ সকলো ব্ৰাছ আৰু বিউটি ব্লেণ্ডাৰ অলপ সময়ৰ বাবে তিয়াই ৰাখিব।

-এতিয়া ব্ৰাছখন এখন হাতেৰে ধৰি আনখন হাতৰ তলুৱাত বৃত্তাকাৰ গতিত ঘূৰাই পৰিস্কাৰ কৰক। আপুনি ব্ৰাছবোৰ পানীৰ টেপৰ তলত ৰাখিও পৰিস্কাৰ কৰিব পাৰে। 

- মনত ৰাখিব যাতে আপুনি ব্ৰাছডাল জোৰেৰে নঘঁহে।এনে কৰিলে ব্ৰাছ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে।

-এই মেকআপ ব্ৰাছ পৰিস্কাৰ কৰাৰ পিছত ইয়াক শুকুৱাবলৈ পৰিস্কাৰ টাৱেল বা কাপোৰ ব্যৱহাৰ কৰিব।

Also Read: সন্তান লাভৰ সুখৰ পৰা বঞ্চিত কৰিব পাৰে ‘মেকআপ’য়ে