/asomiyapratidin/media/media_files/2026/01/27/jpg-2026-01-27-15-56-02.jpeg)
ডিজিটেল ডেস্ক: বিশ্বৰ সৰ্ববৃহৎ ৰে’ল ষ্টেচন বুলি ক’লে সাধাৰণতে উচ্চতা, এলেকা বা স্থাপত্যৰ বিশালতাকেই সকলোয়েই বুজে। কিন্তু কিছুমান ঠাই এনে আছে, যাক এইবোৰ মাপকাঠিৰে সম্পূৰ্ণৰূপে জুখিব নোৱাৰি। নিউয়ৰ্ক চহৰৰ গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল তেনে এখন ঠাই। এই ষ্টেচনটো মূলতঃ গতি, ব্যৱস্থা আৰু মানুহৰ অবিৰত প্ৰবাহৰ দ্বাৰাই পৰিচিত।
গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ মিডটাউন মানহাটানত, ৪২ নং ষ্ট্ৰীট আৰু পাৰ্ক এভিনিউৰ সংযোগস্থলত অৱস্থিত। এই স্থানটোৰ গুৰুত্ব অপৰিসীম। ইয়াৰ চাৰিওফালে কাৰ্যালয়, বিদ্যালয়, পুথিভঁৰাল, ঐতিহাসিক ল্যাণ্ডমাৰ্ক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান অৱস্থিত। সেয়ে এই ষ্টেচনটো কেৱল ৰে’ল যাত্ৰাৰ ঠায়ে নহয়, ই নিউয়ৰ্ক আৰু ওচৰৰ ৰাজ্যসমূহৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ।
গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেলৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াৰ ৪৪টা প্লেটফৰ্ম আৰু ৬৭টা ট্ৰেক। এইবোৰ মাটিৰ তলৰ স্তৰত সু-ব্যৱস্থিতভাৱে নিৰ্মাণ কৰা হৈছে। বেছিভাগ ডাঙৰ ষ্টেচনেই স্থানৰ সংকটত ভোগে, কিন্তু গ্ৰেণ্ড চেণ্ট্ৰেলে স্থানক বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিছে। ফলত প্ৰতিদিনে শ শ ৰে’ল কোনো বিশৃংখলতা নোহোৱাকৈ চলাচল কৰিব পাৰে। ৰাতিপুৱাৰ ব্যস্ত সময়তো ইয়াত ভিৰ অনুভৱ হয়, কিন্তু সেই ভিৰো নিয়ন্ত্ৰিত আৰু সুসংগঠিত,যি ইমান ডাঙৰ চহৰ এখনৰ বাবে এক বিৰল দৃষ্টান্ত।
১১৩ বছৰীয়া এই ষ্টেশ্যন
এই ষ্টেচনটো ১৯১৩ চনত মুকলি কৰা হৈছিল, অৰ্থাৎ আধুনিক পৰিবহণ পৰিকল্পনা আৰু উন্নত প্ৰযুক্তিৰ বহু আগতেই নিৰ্মিত এই ষ্টেশ্যন। তথাপিও ইয়াৰ ডিজাইনে আজিও আধুনিক চহৰসমূহে সন্মুখীন হোৱা বহু সমস্যাৰ সমাধান দিয়ে। ঢালযুক্ত প্লেটফৰ্মে ৰে’লবোৰক স্বাভাৱিকভাৱে লেহেমীয়া হ’বলৈ সহায় কৰে। লুকাই থকা বিভিন্ন স্তৰে স্থানীয় আৰু দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহক পৃথক কৰে। এই প্ৰতিটো সৰু সবিশেষেই সময়, শক্তি আৰু মানুহৰ ধৈৰ্য ৰাহি কৰে।
সেয়ে গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল কেৱল এটা ৰে’ল ষ্টেচন নহয়। ই এক জীৱন্ত সংগঠন,য’ত স্থাপত্য, পৰিকল্পনা আৰু মানুহৰ জীৱন একেলগে ধাৱমান। এই ঠাইখনক এলেকা বা উচ্চতাৰ দ্বাৰা নহয়, বৰঞ্চ ইয়াৰ অবিৰত গতি আৰু শৃংখলিত ব্যস্ততাৰ দ্বাৰাহে সঁচাকৈয়ে জুখিব পাৰি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us