/asomiyapratidin/media/media_files/2025/11/04/stadium-1-2025-11-04-13-25-45.jpg)
ডিজিটেল ডেস্ক: বিশ্বৰ চহৰসমূহৰ ভিতৰত ডুবাই সদায়েই নিজৰ আধুনিক স্থাপত্য, চূড়ান্ত বিলাসিতা আৰু উদ্ভাৱনী চিন্তাধাৰাৰ বাবে জনাজাত। তেলৰ ধন আৰু পৰ্যটনশিল্পত ভৰসা কৰি এই চহৰখনে একোটা অসম্ভৱকো সম্ভব কৰি তুলিছে। এতিয়া ডুবাইৰ নতুনতম স্বপ্ন Sky Stadium অৰ্থাৎ আকাশত ওলমি থকা এখন ষ্টেডিয়াম, যাৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে বিশ্ববাসী পুনৰ এবাৰ বিস্মিত হ'ব।
স্থাপত্য আৰু নক্সা
এই ষ্টেডিয়ামখনক ডুবাইৰ নতুন Skyline ২০৪০ পৰিকল্পনাৰ অংশ হিচাপে ধৰা হৈছে। এই ষ্টেডিয়ামখন মাটিৰ ওপৰত নহয়, বৃহৎ ড্ৰোন-ভিত্তিক ফ্লোটিং প্লেটফৰ্মত আকাশত ওলমি থাকিব। ইয়াৰ গঠন আধুনিক এৰ'স্পেচ টেকন’লজী আৰু কাৰ্বন-ফাইবাৰৰ সমন্বয়ত কৰা হৈছে।
পৰিকল্পনা আনুসৰি, এই 'আকাশী' ষ্টেডিয়ামখনত ৪০ হাজাৰ দৰ্শক বহি লাইভ ক্ৰীড়া উপভোগ কৰিব পাৰিব। ষ্টেডিয়ামখন ফিফা, ক্রিকেট টুৰ্নামেন্ট, ই-স্পোৰ্টছ আৰু মিউজিক কনচাৰ্টসমূহৰ বাবে ব্যৱহাৰ হ'ব।
 ষ্টেডিয়ামখন ড্ৰোন আৰু মেগা-ম্যাগনেটিক ফিল্ডৰ সহায়ত এক স্থানৰ পৰা আন স্থানলৈ স্থানান্তৰ কৰিব পাৰিব, অৰ্থাৎ—ডুবাইৰ ওপৰতেই নহয়, মাৰিনা বা পাম আইলেণ্ডৰ ওপৰত ‘উৰিও’ ষ্টেডিয়ামত অনুষ্ঠান আয়োজন কৰিব পৰা যাব।
শক্তি ব্যৱস্থা
আকাশত থকা ষ্টেডিয়ামৰ বাবে বিদ্যুৎ যোগান সম্পূৰ্ণ সৌৰ শক্তি আৰু বতাহ শক্তি(wind energy)ৰ জৰিয়তে হ'ব। ষ্টেডিয়ামখনৰ তলত থকা বিশাল ছ'লাৰ পেনেল আৰু এৰো টাৰ্বাইনসমূহে নিজেই প্ৰয়োজনীয় শক্তি উৎপন্ন কৰে।
পৰ্যটন আৰু অৰ্থনৈতিক প্ৰভাৱ
ডুবাইৰ এই Sky Stadium নিৰ্মাণ সম্পূৰ্ণ হ’লে ই কেৱল ক্ৰীড়াৰ বাবে নহয়, পৰ্যটন শিল্পৰ বাবেও এক মাইলৰ খুটি হিচাপে বিবেচিত হ’ব। বিশ্বৰ সকলো প্ৰান্তৰ পৰ্যটক এই অনন্য ষ্টেডিয়াম চাবলৈ ডুবাইলৈ আহিব। ইয়ে মধ্যপ্ৰাচ্যৰ অৰ্থনীতিৰ ওপৰতো ইয়াৰ ইতিবাচক প্ৰভাৱ পেলাব।
উল্লেখ্য যে, ডুবাইৰ আকাশত নিৰ্মাণ হ'বলগীয়া এই ষ্টেডিয়ামখন আধুনিক মানৱ উদ্ভাৱন শক্তিৰ এক প্ৰতীক। য’ত বিজ্ঞান, কল্পনা আৰু শিল্প একে ঠাইত মিলিত হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us