মধ্যবিত্তৰ দৰে একেই মুকেশ আম্বানীৰ ঘৰৰ মানুহৰ স্বভাৱ

কেৱল কাপোৰেই নহয়, এই পৰিয়ালটোৰ মহিলা সদস্যসকলে এগৰাকীয়ে আন এগৰাকীৰ গহনা পিন্ধে। হয়, নীতা আম্বানীৰ পৰা ঈশা আম্বানীলৈকে সকলোৱে গহনাৰ লগতে আৰু কাপোৰও সলনা সলনিকৈ পিন্ধে।

author-image
Asomiya Pratidin
New Update
মধ্যবিত্তৰ দৰে একেই মুকেশ আম্বানীৰ ঘৰৰ মানুহৰ স্বভাৱ

ডিজিটেল ডেস্ক: মধ্যবিত্ত পৰিয়ালত এজনে আনজনৰ কাপোৰ-গহনা পিন্ধাটো তেনেই সাধাৰণ কথা।ইয়াৰ বিপৰীতে অতি সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলে তেওঁলোকৰ কাপোৰ মাত্ৰ এবাৰেই পিন্ধে। কিন্তু আপুনি জানি আচৰিত হ'ব যে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত নাম সন্নিবিষ্ট মুকেশ আম্বানীৰ পৰিয়ালৰ সদস্য সকলে তেওঁলোকৰ কাপোৰ সলনি সলনি কৰি পিন্ধে।কেৱল কাপোৰেই নহয়, এই পৰিয়ালটোৰ মহিলা সদস্যসকলে এগৰাকীয়ে আন এগৰাকীৰ গহনা পিন্ধে। হয়, নীতা আম্বানীৰ পৰা ঈশা আম্বানীলৈকে সকলোৱে গহনাৰ লগতে আৰু কাপোৰও সলনা সলনিকৈ পিন্ধে।

Advertisment

আম্বানী পৰিয়ালৰ দুহিতা ঈশা এই ক্ষেত্ৰত শীৰ্ষস্থানত আছে।ইয়াৰ এক শেহতীয়া উদাহৰণ হৈছে অনন্ত আম্বানীৰ শৈশৱৰ বন্ধু তথা বাগদত্তা ৰাধিকা মাৰ্চেণ্টে এক অনুষ্ঠানত পিন্ধা এযোৰ বিশেষ কাণফুলি। ঈশা আম্বানীয়েও পৰৱৰ্তী এটা পাৰ্টীত একেই কাণফুলি পিন্ধিছে। অৰ্থাৎ, তেওঁলোক দুয়োজনে ইজনে সিজনৰ গহণা পিন্ধিছে। 

ইয়াৰ পূৰ্বেও ৰাধিকা মাৰ্চেণ্ট আৰু ঈশা আম্বানী দুয়োগৰাকীকে একেডাল নেকলেছকে পিন্ধা দেখা গৈছে। আম্বানী পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানী আৰু শ্লোকা মেহতাৰ বিয়াত ৰাধিকাই এডাল বিশেষ হীৰাৰ নেকলেছ পিন্ধিছিল।আনহাতে, ২০১৮ চনৰ অক্টোবৰ মাহত গণেশ পূজাত ঈশা আম্বানীয়ে এই একেডাল নেকলেছকে পিন্ধিছিল। 

ৰাধিকা মাৰ্চেণ্টৰ দৰেই ঈশাৰ ডাঙৰ বৌয়েক শ্লোকা আম্বানীৰ প্ৰতি থকা প্ৰেমো অতি গভীৰ। কেইবছৰমান আগতে যেতিয়া ঈশাই তেওঁলোকৰ ঘনিষ্ঠ লোকৰ উদয়পুৰত অনুষ্ঠিত বিবাহৰ এক কাৰ্যসূচীত শ্লোকাৰ গুলপীয়া সাজজোৰ পিন্ধিছিল।

আনহাতে, আম্বানী পৰিয়ালৰ বোৱাৰী ৰাধিকাইও তেওঁৰ বহুকেইজোৰ কাপোৰ দুবাৰকৈ পিন্ধিছে। তেওঁ ঈশাৰ বিয়াত মনীষ মালহোত্ৰাৰ দ্বাৰা ডিজাইন কৰা এজোৰ ক্ৰীম ৰঙৰ লেহেঙ্গা পিন্ধিছিল। সেই একেই সাজজোৰ ৰাধিকাক নয়নতৰা কোঠাৰীৰ প্ৰি-ভেণ্ডিং পাৰ্টীতো পিন্ধা  দেখা গৈছিল। অৱশ্যে, ৰাধিকাই সেইবাৰ লেহেঙ্গাজোৰৰ সৈতে বেলেগ গহনা পিন্ধিছিল।

Also Read: সকলোৰে দৰে কংগনাৰো ঘৰ-সংসাৰ কৰাৰ মন