দেশী-বিদেশীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এইসকল মহিলা

দেশী-বিদেশীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এইসকল মহিলা
Published on
Updated on

ডিজিটেল ডেস্ক: এই পৃথিৱীত চলি থকা কিছুমান ৰীতি-নীতিয়ে আমাক আচৰিত হ'বলৈ বাধ্য কৰে।এই ৰীতি-নীতিবোৰৰ আঁৰত অৱশ্যে বিশ্বাসো আছে।হয়, ম্যানমাৰৰ এটা গোত্ৰত প্ৰচলিত এক পৰম্পৰা হৈছে ডিঙিত আঙুঠিৰ দৰে এবিধ বিশেষ গহনা পিন্ধা। এই নিৰ্দিষ্ট জনজাতিৰ মহিলাসকলে তেওঁলোকৰ ডিঙিত এই বিশেষ গহনা পিন্ধাৰ ফলত তেওঁলোকৰ ডিঙিটো অদ্ভুতভাৱে দীঘল হয়।

উত্তৰ থাইলেণ্ড আৰু ম্যানমাৰৰ সীমাত কায়ান লাহাৱী নামৰ এটা কাৰেনানী জনজাতি আছে। কায়ান লোকসকল তেওঁলোকৰ মহিলাসকলে পিন্ধা অনন্য পোছাকৰ বাবে জনাজাত। এই জনজাতিত বিশ্বাস কৰা মতে, মহিলাৰ ডিঙি যিমানেই দীঘল হয়, সিমানেই তেওঁ সুন্দৰী হয়। মহিলাসকলে ডিঙিত পিন্ধা সেই বিশেষ গহনায়ে তেওঁলোকৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে।সোণ অথবা সোণালী ৰঙৰ এই গহনা পিন্ধাৰ পিছত মূৰটো সোণৰ ওপৰত থকা বুলি  তেওঁলোকে বিশ্বাস কৰে। তদুপৰি, এই বিশেষ গহনা পিন্ধিলে মহিলাসকলৰ ডিঙিটো দীঘল হয় বুলিও বিশ্বাস কৰা হয়।কাৰেনানী জনজাতিত এই ৰীতি-নীতিবোৰ শতিকা পুৰণি।কিন্তু এই জনজাতিৰ লোকসকল এই ৰীতি-নীতিবোৰ অনুসৰণ কৰাৰ কাৰণ সন্দৰ্ভতো জ্ঞাত নহয়।

মহিলাসকলে ডিঙিত কিয় এই গহনা পিন্ধে?

এই জনজাতিৰ মহিলাসকলে সৰুৰে পৰাই এই পৰম্পৰা অনুসৰণ কৰিব লাগে। সৰুৰে পৰা তেওঁলোকে ডিঙিত পিতলৰ ৰিং পিন্ধিব লাগে। বয়স হোৱাৰ লগে লগে তেওঁলোকৰ ডিঙিৰ ৰিংবোৰৰ সংখ্যা বৃদ্ধি হয়। তেওঁলোকে বিশ্বাস কৰে যে, এগৰাকী মহিলাৰ ডিঙি যিমানে দীঘল হয়, তেওঁ সিমানেই ধুনীয়া হয় আৰু তেওঁৰ বিয়া সোনকালে হয়।

উল্লেখ্য যে, কায়ান লাহৱী গোত্ৰৰ লোকসকল মূলতে ম্যানমাৰৰ। ১৯৮০ আৰু ১৯৯০ ৰ দশকত ম্যানমাৰৰ সামৰিক শাসনৰ অত্যাচাৰৰ বাবে এই লোকসকলে সীমান্তৰ সিপাৰে থাইলেণ্ডৰ অঞ্চলত বসতি স্থাপন কৰিছিল। এতিয়া এই জনজাতিৰ মহিলাসকল দেশ-বিদেশৰ লোকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। পৰ্যটকসকলে মহিলাসকলৰ এই ৰূপ দেখি অভিভূত হৈ পৰে।আনহাতে, পৰ্যটকৰ বাবেই এই লোকসকলে যথেষ্ট ভাল উপাৰ্জন কৰি আছে।

দেশী-বিদেশীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এইসকল মহিলা
গ্ৰাহকৰ বাবে আছে শীত-তাপ নিয়ন্ত্ৰিত শোৱনি কোঠা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in