গ্ৰাহকৰ বাবে আছে শীত-তাপ নিয়ন্ত্ৰিত শোৱনি কোঠা

আমাৰ বহুতৰে খাদ্য খাই শুই যোৱাটো এক প্ৰকাৰ অভ্যাস।যাৰ বাবে ৰেষ্টুৰেণ্টত খাদ্য খোৱাৰ পাছতো আমাৰ টোপনি ধৰে।কিন্তু ৰেষ্টুৰেণ্টত জানো খাই লৈ শুব পাৰি ? পাৰি। জৰ্ডানৰ ৰাজধানী আম্মানত এনে এখন ৰেষ্টুৰেণ্ট আছে, য’ত গ্ৰাহকসকলে খোৱাৰ পাছত শুব পাৰে।

author-image
Asomiya Pratidin
New Update
গ্ৰাহকৰ বাবে আছে শীত-তাপ নিয়ন্ত্ৰিত শোৱনি কোঠা

ডিজিটেল ডেস্ক: আমাৰ বহুতৰে খাদ্য খাই শুই যোৱাটো এক প্ৰকাৰ অভ্যাস।যাৰ বাবে ৰেষ্টুৰেণ্টত খাদ্য খোৱাৰ পাছতো আমাৰ টোপনি ধৰে।কিন্তু ৰেষ্টুৰেণ্টত জানো খাই লৈ শুব পাৰি ? পাৰি। জৰ্ডানৰ ৰাজধানী আম্মানত এনে এখন ৰেষ্টুৰেণ্ট আছে, য’ত গ্ৰাহকসকলে খোৱাৰ পাছত শুব পাৰে।

Advertisment

হয়, ৰেষ্টুৰেণ্টখনত দেশৰ ৰাষ্ট্ৰীয় ব্যঞ্জন ‘মানচাফ’ খোৱাৰ পিছত গ্ৰাহকসকলক শুবলৈ সুযোগ দিয়া হয়। খাদ্য পৰিৱেশন কৰাৰ পিছত  গ্ৰাহকসকলক এখন আৰামদায়ক বিচনাত শুবলৈ দিয়ে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই। আচলতে ‘মানচাফ’ খোৱাৰ পিছত টোপনি অহাটো স্বাভাৱিক।

‘মানচাফ’ হৈছে দৈৰে ৰন্ধা ভেড়াৰ মাংস। এয়া আচলতে পৰম্পৰাগত ব্যঞ্জন।এই সন্দৰ্ভত ৰেষ্টুৰেণ্টখনৰ গৰাকী মুচাব মুবেদিনে কয়, ‘ৰেষ্টুৰেণ্টখনত বিচনা এখন ৰখাটো এটা ধেমেলীয়া ধাৰণাহে আছিল, যাতে উচ্চ চৰ্বিযুক্ত ‘মানচাফ’ খোৱাসকলে টোপনি আহিলে এবাগৰ মাৰিব পাৰে।কিন্তু এতিয়া সকলোয়ে খাই শুবলৈকে বিচাৰে।সেয়েহে খোৱাৰ পাছত শুবলৈ মন কৰাসকলক আমি শুবলৈ দিবলৈ বাধ্য হ'লো।গ্ৰাহকৰ আৰামৰ বাবে এতিয়া বিচনা থকা কোঠাত আমি এ চি লগাই দিছো। জৰ্ডানৰ ‘মানচাফ’ অতি গধুৰ আহাৰ।ইয়াক খোৱাৰ পিছত, মগজু প্ৰায় কঁপি উঠে আৰু শোৱাটোয়েই হৈছে ইয়াৰ একমাত্ৰ চিকিৎসা।’ উল্লেখ্য যে, ‘মানচাফ’ খোৱাৰ পিছত যদি কাৰোবাৰ টোপনি নাহে, তেন্তে ব্যঞ্জনটোত কিবা সমস্যা আছে বুলি বিশ্বাস কৰা হয়।

Also Read: হেডফ’ন ব্যৱহাৰৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ