ছ’চিয়েল মেডিয়াত ভুক্তভোগীয়ে উজাৰিলে ক্ষোভ, তীব্ৰ প্ৰতিক্ৰিয়া

হু যাত্ৰীয়েই অ’লা-উবেৰ-ৰেপিড’ৰ প্ৰৱঞ্চনাৰ বলি হৈছে।কেতিয়াবা যদি অধিক ভাড়া, কেতিয়াবা গন্তব্য স্থানলৈকে যাত্ৰীক লৈ নোযোৱা, আন কেতিয়াবা আকৌ যাত্ৰীক লুট-পাতকে ধৰি বহু প্ৰকাৰে আমাক হাৰাশাস্তি কৰি আহিছে এই এপ কৰ্তৃপক্ষ তথা চালকসকলে।

author-image
Asomiya Pratidin
New Update
ছ’চিয়েল মেডিয়াত ভুক্তভোগীয়ে উজাৰিলে ক্ষোভ, তীব্ৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক: বহু যাত্ৰীয়েই হয়তো অ’লা-উবেৰ-ৰেপিড’ৰ প্ৰৱঞ্চনাৰ বলি হৈছে।কেতিয়াবা যদি অধিক ভাড়া, কেতিয়াবা গন্তব্য স্থানলৈকে যাত্ৰীক লৈ নোযোৱা, আন কেতিয়াবা আকৌ যাত্ৰীক লুট-পাতকে ধৰি বহু প্ৰকাৰে আমাক হাৰাশাস্তি কৰি আহিছে এই এপ কৰ্তৃপক্ষ তথা চালকসকলে।শেহতীয়াকৈ এনে প্ৰৱঞ্চনাৰ বলি হ’বলগীয়া হ’ল এগৰাকী যুৱতী। ভুক্তভোগী যুৱতাগৰাকীয়ে এই বিষয়ে ছ'চিয়েল মেডিয়াত প'ষ্ট কৰাৰ পাছতে এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Advertisment

হয়, মানসৱী শৰ্মা নামৰ বাংগালুৰুৰ এগৰাকী যুৱতীয়ে শেহতীয়াকৈ টুইটাৰত এই প'ষ্টটো কৰিছে। প'ষ্টটোত উল্লেখ কৰা মতে, যুৱতীগৰাকী পুনেৰ পৰা বাংগালুৰুলৈ বিমানৰে আহিছিল।এই বিমানৰ টিকটৰ মূল্য আছিল ৩,৫০০ টকা। আনহাতে, বাংগালুৰুৰ বিমানবন্দৰত উপস্থিত হৈ তেওঁ ঘৰলৈ বুলি এখন উবেৰ বুক কৰিছিল। কিন্তু আচৰিত কথা এয়ে যে, বিমান বন্দৰৰ পৰা ৭ কিলোমিটাৰ দূৰত থকা তেওঁৰ ঘৰলৈ আহোতে উবেৰত ভাড়া দিবলগীয়া হৈছিল ২০০০ টকা। উবেৰ এপত ভাড়া দেখুৱাই থকা এটা স্ক্ৰীণশ্বটো তেওঁ টুইটাৰত শ্বেয়াৰ কৰিছে।এই সমগ্ৰ ঘটনাটো প’ষ্ট কৰি যুৱতীগৰাকীয়ে টুইটাৰত উবেৰ কৰ্তৃপক্ষকো টেগ কৰিছিল যদিও বৰ্তমানেও একো সঁহাৰি লাভ নকৰিলে।

ইফালে, প'ষ্টটো ক্ষন্তেকতে ভাইৰেল হোৱাৰ পাছত বহু ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে দীৰ্ঘদিনৰ পৰা চলি অহা অলা-উবেৰৰ কৰ্ম-কাণ্ডত ক্ষোভ উজাৰে।একাংশই তেওঁলোকে তিতা অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি পৰাপক্ষত অ'লা-উবেৰ ব্যৱহাৰৰ পৰা সকলোকে বঞ্চিত থাকিবলৈও আহ্বান জনাইছে।