হেডফ’ন ব্যৱহাৰৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

কিন্তু আপুনি জানেনে ইয়াৰফ’ন ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ বাবে কিমান বিপদজনক ? ইয়াক অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত আপুনি শ্ৰৱণ শক্তি পৰ্যন্ত হেৰুৱাব পাৰে।হয়, শেহতীয়াকৈ এনে এক ভয়ংকৰ ঘটনাই পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
হেডফ’ন ব্যৱহাৰৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

ডিজিটেল ডেস্ক: আজিৰ জীৱনশৈলীত ইয়াৰফ’ন বা হেডফ’নে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।ইয়াৰফ’ন ব্যৱহাৰ কৰাতো বহুতৰ বাবে এতিয়া একপ্ৰকাৰ ‘মেনিয়া’ হৈ পৰিছে। ইয়াৰফ’ন ব্যৱহাৰ কৰকেই বা নকৰক, সকলো সময়তে কাণত লগাই থোৱাটো তেওঁলোকৰ অভ্যাসত পৰিৰণ হৈছে। কিন্তু আপুনি জানেনে ইয়াৰফ’ন ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ বাবে কিমান বিপদজনক ? ইয়াক অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত আপুনি শ্ৰৱণ শক্তি পৰ্যন্ত হেৰুৱাব পাৰে।হয়, শেহতীয়াকৈ এনে এক ভয়ংকৰ ঘটনাই পোহৰলৈ আহিছে।

Advertisment

ইয়াৰফ’ন ব্যৱহাৰ কৰি এজন ১৮ বছৰীয়া যুৱকে হেৰুৱালে তেওঁৰ শ্ৰৱণ শক্তি।প্ৰতিদিনে ব্যৱহাৰ কৰা ইয়াৰফ’নটোয়ে যে এনে এক বিপদ আনিব, সেয়া হয়তো যুৱকজনে কল্পনাই কৰিব পৰা নাছিল। ঘটনাটো গোৰখপুৰৰ। এই যুৱকজনে প্ৰতিদিনে প্ৰায় ৮-১০ ঘণ্টা ইয়াৰফ’ন ব্যৱহাৰ কৰিছিল।বহুসময়ত তেওঁ তেওঁৰ বন্ধুবৰ্গৰো ইয়াৰফ’ন ব্যৱহাৰ কৰিছিল। প্ৰথমতে তেওঁৰ কাণত বিষৰ সমস্যা হৈছিল যদিও তেওঁ এই সমস্যাক একেবাৰে উপেক্ষা কৰিছিল। কিন্তু সমস্যাটো ক্ৰমান্বয়ে বাঢ়ি যোৱাত চিকিৎসকে অত্যাধিক ইয়াৰফ’নৰ ব্যৱহাৰৰ ফলত তেওঁৰ কাণত সংক্ৰমণ হৈ শ্ৰৱণ শক্তিৰ বিলুপ্তি ঘটিছে বুলি নিশ্চিত কৰে। চিকিৎসকৰ মতে, ইয়াৰফ’ন ব্যৱহাৰ কৰিলে কাণৰ স্নায়ুৰ ওপৰত চাপ পৰে, যাৰ ফলত শিৰাবোৰত প্ৰদাহৰ সমস্যা বৃদ্ধি হয় আৰু শ্ৰৱন শক্তি ক্ৰমান্বয়ে হ্ৰাস হয়। এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে এতিয়া সকলো সতৰ্ক হৈ থকাটো জৰুৰী হৈ পৰিছে।

 ইয়াৰফ’ন বিনিময় পৰিহাৰ কৰক

বহুসময়ত ইজনে সিজনৰ সৈতে ইয়াৰফ’ন বিনিময় কৰে।এয়া আৰু ভয়াৱহ। এনে কৰাৰ ফলত ইয়াৰফ’ন স্পঞ্জৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজনলৈ বেক্টেৰিয়া স্থানান্তৰিত হয়। যাৰ ফলত কাণত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে, কেতিয়াও ইয়াৰফ’ন বিনিময় নকৰিব।

আপোনাৰ কাণখনক কেনেদৰে সুৰক্ষিত কৰিব

- ফ'নত কথা পাতি থাকোতে ইয়াৰফ’নৰ সলনি স্পীকাৰ ব্যৱহাৰ কৰিব।

-আপোনাৰ ইয়াৰফ’ন কাকো নিদিব আৰু আপুনিও বেলেগৰ ব্যৱহাৰ নকৰিব।এনে কৰাৰ ফলত সংক্ৰমণৰ আশংকা বৃদ্ধি হয়।

-  এঘণ্টাতকৈ বেছি সময় ইয়াৰফ’ন ব্যৱহাৰ নকৰিব।

- সদায় কম ভলিউমত শুনিব।

- প্ৰতিষ্ঠিত কোম্পানীৰ উন্নত মানৰ ইয়াৰফ’ন ব্যৱহাৰ কৰিব।

Also Read: সদায় আধাঘণ্টা চাইকেল চলাই নিৰোগী হৈ থাকক