পৰিয়ালৰ সৈতে এইকেইখন দেশত উদযাপন কৰক নতুন বছৰ

মালয়েছিয়া চৰকাৰে শেহতীয়াকৈ ভাৰতীয়সকলক এক মাহৰ বাবে ভিছা অবিহনে ভ্ৰমণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। ভাৰতীয়সকলৰ লগতে মালয়েছিয়া চৰকাৰে চীনৰ পৰা অহা ভ্ৰমণকাৰীসকলক বাবেও এক মাহৰ ভিছা বিহীন ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছে। এনে পৰিস্থিতিত, যিসকলে বিদেশ ভ্ৰমণ কৰিব বিচাৰে তেওঁলোকে এইবাৰ সহজে মালয়েছিয়া ভ্ৰমণ কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
পৰিয়ালৰ সৈতে এইকেইখন দেশত উদযাপন কৰক নতুন বছৰ

ডিজিটেল ডেস্ক: মালয়েছিয়া চৰকাৰে শেহতীয়াকৈ ভাৰতীয়সকলক এক মাহৰ বাবে ভিছা অবিহনে ভ্ৰমণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। ভাৰতীয়সকলৰ লগতে মালয়েছিয়া চৰকাৰে চীনৰ পৰা অহা ভ্ৰমণকাৰীসকলক বাবেও এক মাহৰ ভিছা বিহীন ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছে। এনে পৰিস্থিতিত, যিসকলে বিদেশ ভ্ৰমণ কৰিব বিচাৰে তেওঁলোকে এইবাৰ সহজে মালয়েছিয়া ভ্ৰমণ কৰিব পাৰে। 

Advertisment

মালয়েছিয়াৰ উপৰিও ভিয়েটনাম, শ্ৰীলংকা আৰু থাইলেণ্ডেও ভাৰতীয়সকলক ভিছা অবিহে মুক্ত ভ্ৰমণ কৰাৰ সুযোগ দিছে। সেয়েহে যদি আপুনি নতুন বছৰটোক বিশেষভাৱে আদৰিবলৈ বিচাৰে, তেন্তে আপুনি ভিছা অবিহনেও আমাৰ এই চুবুৰীয়া দেশ ভ্ৰমণ কৰিব পাৰে। 

কেৱল এইকেইখন দেশেই নহয়, বিশ্বৰ আন ২০ খন এনে দেশ আছে, য'ত আপুনি ভিছা অবিহনে প্ৰৱেশ কৰিব পাৰে। এই দেশকৈইখন হৈছে নেপাল (অনিৰ্দিষ্টকালৰ বাবে থকাৰ প্ৰস্তাৱ), ফিজি (১২০ দিন), ভূটান (১৪ দিন), জামাইকা, পেলেষ্টাইন, এঙ্গোলা, মৰিচাছ, বাৰ্বাডোচ, ডমিনিকা, এল চালভাডৰ গেবন, গ্ৰেনাডা, হাইতি, কাজাখস্তান, মাকাও, মাইক্ৰনেগিয়া, ছেইণ্ট কিটছ এণ্ড নেভিছ, ছেনেগাল, ছেইণ্ট ভিনচেণ্ট, ত্ৰিনিদাদ আৰু টোবাগো।যদি আপুনি আপোনজনৰ সৈতে বছৰৰ শেষ তথা নতুন বছৰৰ আৰম্ভণিৰ দিনকেইটা উপভোগ কৰিব বিচাৰে, তেন্তে এইকেইখন দেশত আপুনি ভিছা অবিহনে ৩০-৯০ দিন থাকিব পাৰে। 

Also Read: কম খৰচতে শীতকালটো উপভোগ কৰিবলৈ ভ্ৰমণ কৰক এইকেইখন ঠাই