আপোনাৰ যদি পাৰফিউমৰ চখ আছে, এই বিষয়ে জানি লওঁক

সুগন্ধি অথবা পাৰফিউম বা ডিঅ'ড্ৰেণ্ট আমাৰ সকলোৰে প্ৰিয়। বহু লোকৰে ভিন্ন ভিন্ন গোন্ধৰ পাৰউিউম ব্যৱহাৰ কৰাৰ চখ থাকে।বিশেষকৈ ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে আমি হয়তো সকলোয়ে শৰীৰত পাৰফিউম ব্যৱহাৰ কৰো।কিছুমানে আকৌ নিজৰ লগতে তেওঁলোকৰ সন্তানৰ শৰীৰতো পাৰফিউম লগাই দিয়ে।

author-image
Asomiya Pratidin
New Update
আপোনাৰ যদি পাৰফিউমৰ চখ আছে, এই বিষয়ে জানি লওঁক

ডিজিটেল ডেস্ক: সুগন্ধি অথবা পাৰফিউম বা ডিঅ'ড্ৰেণ্ট আমাৰ সকলোৰে প্ৰিয়। বহু লোকৰে ভিন্ন ভিন্ন গোন্ধৰ পাৰউিউম ব্যৱহাৰ কৰাৰ চখ থাকে।বিশেষকৈ ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে আমি হয়তো সকলোয়ে শৰীৰত পাৰফিউম ব্যৱহাৰ কৰো।কিছুমানে আকৌ নিজৰ লগতে তেওঁলোকৰ সন্তানৰ শৰীৰতো পাৰফিউম লগাই দিয়ে।যি শিশুৰ স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক। হয়, ইয়াত থকা ৰাসায়নিক পদাৰ্থই শিশুক অসুস্থ কৰি তুলিব পাৰে। পাৰফিউমে শিশুৰ স্বাস্থ্যত কিদৰে প্ৰভাৱ পেলায়, আজি জানো আহক-

Advertisment

শিশুৰ ছাল অতি সংবেদনশীল 

সুগন্ধি বা ডিঅ'ড্ৰেণ্টত ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে শিশুৰ ছাল ক্ষতিগ্ৰস্ত কৰিব পাৰে। সেয়েহে, প্ৰতিজন অভিভাৱকে শিশুৰ ছালক সুৰক্ষা দিয়াৰ স্বাৰ্থত ইয়াৰ পৰা আঁতৰি থাকিব লাগে।

এলাৰ্জী

পাৰফিউমত থকা ৰাসায়নিক পদাৰ্থৰ ফলত শিশুৰ এলাৰ্জীৰ সমস্যা হয়। পাৰফিউম প্ৰয়োগ কৰিলে ছালত খজুৱতি, ফুলা আদি সমস্যা হ’ব পাৰে। 

শ্বাস-প্ৰশ্বাসৰ সমস্যা 

শিশুৰ বিকশিত শ্বাসতন্ত্ৰৰ বাবে পাৰফিউম একেবাৰেই হানিকাৰক।শক্তিশালী সুগন্ধিৰ সংস্পৰ্শলৈ অহাৰ ফলত তেওঁলোকৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা হ'ব পাৰে।

ছালৰ জ্বলা-পোৰা 

ডিঅ'ড্ৰেণ্টৰ সুবাসত ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে শিশুৰ সংবেদনশীল ছালত জ্বলা-পোৰা কৰিব পাৰে। যাৰ ফলত শিশুৰ ছালত ৰঙা পৰা, দাগ বা খজুৱতিৰ দৰে সমস্যা হ'ব পাৰে।

Also Read: গৰ্ভস্থ শিশুৰ বিকাশত ৰঙালাওয়ে পালন কৰে গুৰুতৰ ভুমিকা