জীৱনটো সুচল কৰিবলৈ এইদৰে ব্যৱহাৰ কৰক বৰষুণৰ পানী

আপুনি বৰষুণৰ পানী সংৰক্ষণ কৰি জীৱনত বহুখিনি সফলতা অৰ্জন কৰিব পাৰে। আজি এই বিষয়ে ভালদৰে জানো আহক-

author-image
Asomiya Pratidin
New Update
জীৱনটো সুচল কৰিবলৈ এইদৰে ব্যৱহাৰ কৰক বৰষুণৰ পানী

ডিজিটেল ডেস্ক: পানীয়ে সলাব পাৰে আপোনাৰ ভাগ্য।হয়, বাস্তু শাস্ত্ৰৰ মতে, বৰষুণৰ পানীয়ে খুলিব পাৰে আপোনাৰ ভাগ্যৰ দুৱাৰ।আপুনি বৰষুণৰ পানী সংৰক্ষণ কৰি জীৱনত বহুখিনি সফলতা অৰ্জন কৰিব পাৰে। আজি এই বিষয়ে ভালদৰে জানো আহক-

Advertisment

ঋণৰ পৰা পৰিত্ৰাণ

যদি আপুনি ঋণত ডুব গৈ আছে, তেন্তে এটা পাত্ৰত বৰষুণৰ পানী সংগ্ৰহ কৰি এই পানীখিনি বজৰংবলীৰ ফটোৰ সন্মুখত ৰাখক।তদুপৰি, ৫১ দিনৰ বাবে হনুমান চালিচা পঢ়ক আৰু প্ৰতিদিনে এই পানীখিনি ঘৰত ছটিয়াই দিয়ক।বাস্তু মতে, এনে কৰাৰ দ্বাৰা অতি সোনকালেই আপুনি ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰিব। 

ধনৰ অভাৱ দূৰ

যদি আপুনি যিকোনো ধৰণৰ আৰ্থিক সীমাবদ্ধতাৰ সন্মুখীন হৈছে, তেন্তে মাটিৰ পাত্ৰ এটাত বৰষুণৰ পানী সংগ্ৰহ কৰি পানীখিনি ঘৰৰ উত্তৰ-পূব বা উত্তৰ দিশত ৰাখিব। ই আপোনাক যিকোনো ধৰণৰ আৰ্থিক সীমাবদ্ধতাৰ পৰা সকাহ দিব। 

পুঁজিৰ অভাৱ 

আপুনি দৈনিক পূজা কৰাৰ সময়ত ঘৰত বৰষুণৰ পানী ছটিয়াব।এনে কৰাৰ ফলত ঘৰত ধনৰ অভাৱ হোৱা সমস্যা চিৰদিনৰ বাবে দূৰ হ’ব।

পাৰিবাৰিক বিবাদ 

বিশ্বাস অনুসৰি, তামৰ পাত্ৰত বৰষুণৰ পানী সংগ্ৰহ কৰি একাদশীৰ দিনা ভগৱান বিষ্ণু আৰু লক্ষ্মীক এই পানীৰে অভিষিক্ত কৰিলে পৰিয়ালৰ মাজত হোৱা বিবাদ দূৰ হয়।ইয়াৰ লগতে পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেম-ভালপোৱাও বৃদ্ধি হয়।এনে কৰাৰ দ্বাৰা ব্যৱসায়, চাকৰি আৰু কেৰিয়াৰ সম্পৰ্কীয় সমস্যাবোৰো দূৰ হয় বুলি বিশ্বাস কৰা হয়।

Also Read: ঘৰত আৰু কেতিয়াও নহয় ধনৰ অভাৱ