জীৱনৰ সমস্যাবোৰ দূৰ কৰিবলৈ এইসমূহ বাস্তু নিয়ম মানি চলক

ঘৰ এটা নিৰ্মাণ কৰোতে বাস্তু শাস্ত্ৰৰ নিয়মসমূহ মানি চলাটো খুবেই জৰুৰী বুলি বিশ্বাস কৰা হয়।বাস্তুৰ মতে, ঘৰত থকা সকলোবোৰ বস্তুৰে কিছু ইতিবাচক আৰু কিছু নেতিবাচক শক্তি আছে। ইতিবাচক শক্তিয়ে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে।

author-image
Asomiya Pratidin
New Update
জীৱনৰ সমস্যাবোৰ দূৰ কৰিবলৈ এইসমূহ বাস্তু নিয়ম মানি চলক

ডিজিটেল ডেস্ক: ঘৰ এটা নিৰ্মাণ কৰোতে বাস্তু শাস্ত্ৰৰ নিয়মসমূহ মানি চলাটো খুবেই জৰুৰী বুলি বিশ্বাস কৰা হয়।বাস্তুৰ মতে, ঘৰত থকা সকলোবোৰ বস্তুৰে কিছু ইতিবাচক আৰু কিছু নেতিবাচক শক্তি আছে। ইতিবাচক শক্তিয়ে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে।ঘৰৰ সুখ-শান্তি অটুট ৰাখিবলৈ আপুনি মানি চলিবলগীয়া কেতবোৰ বাস্তু নিময়ৰ বিষয়ে আজি জানো আহক-

Advertisment

- ঘৰৰ উপাসনা গৃহটো আটাইতকৈ পৱিত্ৰ। বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি দেৱতাসকলে ঘৰৰ উত্তৰ-পূব দিশত বাস কৰে। সেয়েহে এই দিশত উপাসনাস্থলী থকাটো অতি শুভ বুলি গণ্য কৰা হয়।

- ঘৰৰ গছ-গছনিবোৰত নিয়মীয়াকৈ পানী দিব লাগে। শুকান গছ- উদ্ভিদে জীৱনত নেতিবাচক প্ৰভাৱ পেলায়।

-বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ পাৰ্কিঙৰ বাবে উত্তৰ-পশ্চিম দিশটো আটাইতকৈ শুভ।

- তদুপৰি, শোৱনি কোঠাৰ দুৱাৰৰ ফালে ভুলতো ভৰি দি শুব নালাগে।ই জীৱনলৈ নানান সমস্যা কঢ়িয়াই আনে।

- কেতিয়াও ঘৰ বা কোঠাৰ সজ্জাত কাঁইটীয়া উদ্ভিদ ব্যৱহাৰ নকৰিব।

-বাস্তু শাস্ত্ৰৰ মতে অগ্নি সম্পৰ্কীয় সঁজুলিবোৰ ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে।

- ঘৰটো সদায় পৰিস্কাৰকৈ ৰাখিব লাগে।চৌদিশে লেতেৰা থাকিলে মনত নেতিবাচক চিন্তাৰ উদ্ভৱ হোৱাৰ লগতে পৰিৱেশটো অস্বাস্থ্যকৰ কৰি তোলে।

Also Read: দূৰ হ’ব ধনৰ অভাৱ, কেৰিয়াৰত আহিব অভাৱনীয় সফলতা