
ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰতো প্ৰকৃতিক যথেষ্ট গুৰুত্ব দিয়া হৈছে। এই শাস্ত্ৰত কিছুমান গছ-গছনি আৰু উদ্ভিদক অতি শ্ৰদ্ধাৰ বুলি গণ্য কৰা হয়। ইয়াৰ ভিতৰত আঁহত গছ, আম গছ, বট গছ অন্যতম। এই শাস্ত্ৰত আম গছৰ পৰা বহু সমস্যাৰ প্ৰতিকাৰ লাভৰ বিষয়ে উল্লেখ কৰা হৈছে।শুভ কামসমূহত আমৰ পাতৰ পৰা কাঠলৈকে ব্যৱহাৰ হয়।আপোনাৰ সমস্যা দূৰ কৰিবলৈ আম কিদৰে ব্যৱহাৰ কৰা হয়, আজি জানো আহক-
মূল দুৱাৰত আঁৰি ৰাখিব
বিশ্বাস অনুসৰি, আম গছ মঙ্গল গ্ৰহৰ কাৰক। সেয়েহে, যিকোনো কাম কৰাৰ আগতে আমৰ পাত ব্যৱহাৰ কৰা হয়। ঘৰৰ মূল দুৱাৰত আম পাত আঁৰি ৰাখিলে ঘৰখনৰ পৰা নেতিবাচক শক্তি আঁতৰ কৰা হয় আৰু সুখ-সমৃদ্ধি বৰ্তি থাকে।
ধনৰ অভাৱ দূৰ
পূজাৰ সময়ত আমৰ পাতৰে ঘৰত পানী ছটিয়াব। ই ঘৰৰ সদস্যৰ ধনৰ অভাৱ দূৰ কৰাৰ লগতে ধন লাভৰ সম্ভাৱনা বৃদ্ধি কৰে।
কেৰিয়াৰত সফলতা
যদি আপোনাৰ কেৰিয়াৰত কোনো বাধা আছে, তেন্তে আম গছৰ গুৰিত পানী দিব। পানী দিয়াৰ পিছত গছজোপাৰ গুৰিত সেঁৱা কৰিব।এনে কৰাৰ ফলত কেৰিয়াৰৰ সমস্যাবোৰ আঁতৰ হোৱাৰ লগতে সফলতাৰ পথ মুকলি হ'ব।
গোঁসাই ঘৰত ৰাখিব আম পাত
ঘৰৰ গোঁসাইঘৰত আমৰ পাত ৰখাটোও অতি শুভ।গোঁসাইঘৰত থকা ভগৱান গণেশৰ মূৰ্তি বা ফটোৰ ওচৰত আম পাত ৰাখিব।এনে কৰিলে ঘৰত কেতিয়াও ধনৰ অভাৱ নহ'ব আৰু মা লক্ষ্মীৰ আশীৰ্বাদপ্ৰাপ্ত হ'ব।
সুখী হয় বজৰংবলী
জ্যোতিষীয় বিশ্বাস অনুসৰি, আম হনুমানজীৰ আটাইতকৈ প্ৰিয় ফল। আমৰ পাতত চন্দন কাঠেৰে 'জয় শ্ৰী ৰাম' লিখক আৰু হনুমানজীক আগবঢ়াওক। ইয়াৰ ফলত পৰিয়ালটোৱে বজৰংবলীৰ আশীৰ্বাদ লাভ কৰিব।
বি. দ্ৰ: ওপৰৰ তথ্যবোৰ কেৱল তথ্য ভিত্তিত আধাৰিত।