Advertisment

আজিয়েই ঘৰৰ পৰা বাহিৰ কৰক এইসমূহ সামগ্ৰী

বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি ঘৰৰ প্ৰতিটো বস্তুতে ইতিবাচক আৰু নেতিবাচক দুয়োটাই শক্তি থাকে।যিয়ে ঘৰখনৰ সদস্যসকলৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে।ইতিবাচক শক্তিয়ে ঘৰলৈ সুখ আৰু সমৃদ্ধি আনি দিয়ে। আনহাতে, ঋণাত্মক বা নেতিবাচক শক্তিয়ে জীৱনলৈ বহু সমস্যাৰ আগমন ঘটায়।

author-image
Asomiya Pratidin
New Update
আজিয়েই ঘৰৰ পৰা বাহিৰ কৰক এইসমূহ সামগ্ৰী

ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি ঘৰৰ প্ৰতিটো বস্তুতে ইতিবাচক আৰু নেতিবাচক দুয়োটাই শক্তি থাকে।যিয়ে ঘৰখনৰ সদস্যসকলৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে।ইতিবাচক শক্তিয়ে ঘৰলৈ সুখ আৰু সমৃদ্ধি আনি দিয়ে। আনহাতে, ঋণাত্মক বা নেতিবাচক শক্তিয়ে জীৱনলৈ বহু সমস্যাৰ আগমন ঘটায়।সেয়েহে ঘৰত যিকোনো বস্তু থওঁতে সদায়েই সচেতন হ’ব লাগে।এই দিশটোত মন দিয়েই কিছুমান সামগ্ৰী তৎক্ষণাৎ ঘৰৰ পৰা আঁতৰাব লাগে। অন্যথা আপোনাৰ বিত্তীয় অৱস্থা অধিক অৱনতি হ'ব পাৰে।আজি এই বিষয়ে জানো আহক-

Advertisment

ঘৰৰ পৰা কি বস্তু আতৰাব

- যদি আপোনাৰ ঘৰত ভঙা কাঁচৰ গিলাচ বা আইনা আছে, তেন্তে আপুনি এইসমূহ ঘৰৰ পৰা বাহিৰ কৰক।যদি আপোনাৰ ঘৰৰ খিৰিকীও কেনেবাকৈ ভাঙিছে, তেন্তে সোনকালে সলনি কৰিব।ভঙা কাঁচে নেতিবাচক শক্তিক আকৰ্ষণ কৰে।

- যদি আপোনাৰ ঘৰৰ মন্দিৰত দেৱ-দেৱীৰ ফটা ফটো বা খণ্ডিত মূৰ্তি আছে, তেন্তে সেইবোৰ তৎক্ষণাৎ আঁতৰাওঁক। বিশ্বাস মতে, ইয়াৰ ফলত আপুনি অৰ্থনৈতিকভাৱে লোকচানৰ সন্মুখীন হ’বলগীয়াত পৰিব পাৰে।

- যদি কপৌয়ে আপোনাৰ ঘৰত বাঁহ সাজিছে, তেন্তে লগে লগে আঁতৰাওক।ই ঘৰৰ সদস্যৰ  অৰ্থনৈতিক প্ৰগতিত বাধা দিয়ে।

-যদি ফটা আৰু পুৰণি কাপোৰ ঘৰত থাকে, তেন্তে ই শুক্ৰ গ্ৰহত অশুভ প্ৰভাৱ পেলায়। ইয়াৰ ফলত জীৱনত বিত্তীয় সমস্যা হয়।সেয়েহে ঘৰত ফটা আৰু পুৰণি কাপোৰ ভুলতো নাৰাখিব।

- ফটা আৰু পুৰণি জোতাও ঘৰত নাৰাখিব।কিয়নো এইসমূহ ঘৰত থাকিলে ঘৰৰ সদস্যসকলে বিভিন্ন ধৰণৰ বিবাদৰ সন্মুখীন হ’বলগীয়া হয় আৰু বিত্তীয় পৰিস্থিতিৰ ওপৰতো ই বেয়া প্ৰভাৱ পেলায়।

- যদি ঘৰত মহাভাৰতৰ যুদ্ধ, নটৰাজৰ মূৰ্তি, তাজমহল, ডুব যোৱা নাও, ঝৰ্ণা, বন্য জন্তু, সমাধি আৰু কাঁইটীয়া উদ্ভিদৰ ফটো আছে, তেন্তে সেইবোৰ ততালিকে আঁতৰাই পেলাওঁক।  ইয়াৰ ফলত নেতিবাচক আৱেগৰ বিকাশ হয় আৰু ঘৰৰ সদস্যসকলৰ জীৱনত বেয়াৰ উপৰি বেয়া ঘটনা ঘটা আৰম্ভ হয়।

- ঘৰত বেয়া তলা থকাতোও অশুভ। কিয়নো বেয়া তলাই ঘৰৰ সদস্যৰ প্ৰগতিত বাধা দিয়ে।

- ঘৰটোত কাঁইটীয়া উদ্ভিদ থকাটোও বাস্তুৰ মতে অশুভ বুলি গণ্য কৰা হয়। এনে উদ্ভিদে ধন সম্পৰ্কীয় সমস্যাৰ লগতে অন্যান্য সমস্যাও বৃদ্ধি কৰে।

Also Read: ঘৰৰ সামগ্ৰীবোৰ কি দিশত ৰাখিলে বাস্তু ক্ৰুটি দূৰ হয় জানেনে ?