/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/104cbafb-4c47-4278-a3f9-b68f50fd4b50/AP_FOR_WEB_bath.jpg)
ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰত ঘৰৰ সৈতে সম্পৰ্কিত সকলো বোৰৰ নিয়মৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াত বাথৰুম সম্পৰ্কীয় নিয়মসমূহৰ কথাও কোৱা হৈছে। হয়, বাথৰুমত গা ধোৱাৰো কেতবোৰ নিয়ম আছে। বাস্তু বিশ্বাস অনুসৰি, গা ধোৱাটো পূৰ্বপুৰুষৰ সৈতে সম্পৰ্কিত।যদি আপুনি সঠিক দিশত থিয় হৈ গা ধোয়ে, তেন্তে সকলো পিতৃদোষ নিৰ্মূল হয়।আজি এই বিষয়ে জানো আহক-
বাস্তু শাস্ত্ৰত গা ধোৱাটোক সাধাৰণ ৰুটিন হিচাপে গণ্য কৰা নহয়। এই শাস্ত্ৰ অনুসৰি, গা ধোৱাটোৱে শৰীৰলৈ এক নতুন শক্তি আনি দিয়ে। এই শক্তিৰ প্ৰভাৱ ব্যক্তিজনৰ শৰীৰতো থাকে। ইয়াৰ উপৰিও গা ধূলে ই মগজুৰ ওপৰতো প্ৰভাৱ পেলায়।
কোন দিশত গা ধোৱাটো শুভ?
পূব দিশৰ ফালে মুখ কৰি গা ধোৱাটো শুভ বুলি গণ্য কৰা হয়। কিয়নো, এই দিশটোয়ে ইতিবাচক শক্তি আনে। ইয়াৰ উপৰিও, এই দিশত গা ধোৱাটোৱে শৰীৰৰ লেতেৰা আৰু নেতিবাচকতাও আঁতৰ কৰে। নেতিবাচকতাৰ পৰা ওলাই আহিলে মন শান্ত আৰু বিশুদ্ধ হয়। যদি গা ধোৱাৰ সময়ত সূৰ্যৰ ৰশ্মি শৰীৰত পৰে, তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। সূৰ্যৰ ৰশ্মিৰ পৰা ভৌতিক ত্ৰুটি আঁতৰ হয়। পূব দিশত গা ধোৱাটোৱে স্মৃতিশক্তিও বৃদ্ধি কৰে।
এই কথাবোৰো মনত ৰাখিব
বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ বাথৰুম উত্তৰ বা উত্তৰ-পশ্চিম দিশত হ'ব লাগে। কিন্তু বাথৰুমটো কেতিয়াও দক্ষিণ, দক্ষিণ-পূব বা দক্ষিণ-পশ্চিম দিশত নিৰ্মাণ কৰিব নালাগে।
বাল্টিটো খালী নাৰাখিব
ইয়াৰ বাহিৰেও, বাথৰুমৰ টাব বা বাল্টি সদায়ে ভৰ্তি থাকিব লাগে। ইয়াক খালী বা ওলোটা নকৰিব।
বাথৰুমত এই ৰঙৰ বাল্টি এটা ৰাখিব
বাথৰুমত নীলা ৰং থকাটো অতি গুৰুত্বপূৰ্ণ। নীলা ৰঙে সুখক প্ৰতিনিধিত্ব কৰে।সেয়েহে বাথৰুমত নীলা বাল্টি আৰু মগ ৰখাটো অতি শুভ।
Also Read: ঘৰৰ সামগ্ৰীবোৰ কি দিশত ৰাখিলে বাস্তু ক্ৰুটি দূৰ হয় জানেনে ?
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us