বিশ্ব অভিলেখ গঢ়া বুলি দাবী কৰলে গৰ্বিত পিতৃয়ে

এইবাৰ নিজকে বিশ্ব অভিলেখ গঢ়া ব্যক্তি বুলি দাবী কৰি চৰ্চালৈ আহিছে এগৰাকী বিশেষ ব্যক্তি। হয়, আমেৰিকা যুক্তৰাজ্যৰ এজন ব্যক্তিয়ে তেওঁৰ শৰীৰত একে নামৰ আটাইতকৈ বেছি টেটু থকা ব্যক্তি হিচাপে বিশ্ব অভিলেখ গঢ়া বুলি পুনৰ দাবী কৰিছে।৪৯ বছৰীয়া এইজন ব্যক্তিৰ নাম মাৰ্ক ওৱেন ইভান্স। মাৰ্কে তেওঁৰ সাত বছৰীয়া কন্যা লুচিৰ নামত বৰ্তমানলৈ ৬৬৭ টা টেটু অংকন কৰিছে।

author-image
Asomiya Pratidin
New Update
বিশ্ব অভিলেখ গঢ়া বুলি দাবী কৰলে গৰ্বিত পিতৃয়ে

ডিজিটেল ডেস্ক: এইবাৰ নিজকে বিশ্ব অভিলেখ গঢ়া ব্যক্তি বুলি দাবী কৰি চৰ্চালৈ আহিছে এগৰাকী বিশেষ ব্যক্তি। হয়, আমেৰিকা যুক্তৰাজ্যৰ এজন ব্যক্তিয়ে তেওঁৰ শৰীৰত একে নামৰ আটাইতকৈ বেছি টেটু থকা ব্যক্তি হিচাপে বিশ্ব অভিলেখ গঢ়া বুলি পুনৰ দাবী কৰিছে।৪৯ বছৰীয়া এইজন ব্যক্তিৰ নাম মাৰ্ক ওৱেন ইভান্স। মাৰ্কে তেওঁৰ সাত বছৰীয়া কন্যা লুচিৰ নামত বৰ্তমানলৈ ৬৬৭ টা টেটু অংকন কৰিছে।

Advertisment

মাৰ্কে ২০১৭ চনত কন্যা লুচিৰ নামত ২৬৭ টা টেটু অংকন কৰি বিশ্ব অভিলেখ গঢ়িছিল। অৱশ্যে, এই অভিলেখটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিড্ৰা ভিজিলে ভংগ কৰিছিল, যিয়ে তেওঁৰ শৰীৰত ৩০০ বাৰ তেওঁৰ নামৰ টেটু অংকন কৰিছিল। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে এটা ব্লগত এই বিষয়ে প্ৰকাশ কৰিছিল।

এই ২৬৭ টা টেটু মাৰ্কৰ পিঠিত আছিল।যাৰ বাবে পিঠিত নতুন টেটু বনাবলৈ ঠাইৰ অভাৱ হৈছিল। যাৰ বাবে এইবাৰ তেওঁ প্ৰতিটো উৰুত ২০০টাকৈ, মুঠ ৪০০ টা টেটু অংকন কৰাৰ সিদ্ধান্ত লৈছিল।মাৰ্কৰ উৰুত ৪০০ বাৰ 'লুচি' অংকন কৰিবলৈ টেটু শিল্পীজনক চাৰে পাঁচ বছৰতকৈও অধিক সময় লাগিছিল।

উল্লেখ্য যে, মাৰ্কে প্ৰথমতে লুচিৰ জন্ম উদযাপন কৰিবলৈ আৰু তাইৰ প্ৰাৰম্ভিক মাহত তাইৰ যত্ন লোৱা চিকিৎসালয়ৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ এই অভিলেখ গঢ়িছিল। অৱশ্যে, বৰ্তমানেও একে নামৰ সৰ্বাধিক টেটু অংকন কৰা ব্যক্তি হিচাপে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডে মাৰ্কৰ নাম আনুষ্ঠানিক ভাৱে ঘোষনা কৰা নাই। কিন্তু মাৰ্কে তেওঁ এই ৰেকৰ্ড কৰা বুলি দাবী কৰে। আনহাতে, তেওঁ ৰেকৰ্ড তেওঁৰ লগতে কঢ়িয়াই লৈ ফুৰা বুলিও সকলোকে প্ৰকাশ কৰে।

Also Read: ৩৯৩ ফুট উচ্চতাত বতাহত ওলমি আছে এইখন দোকান