/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/895ec413-2dbe-4cff-b69f-fc886286acd4/dal.jpg)
ডিজিটেল ডেস্ক: দাইল অবিহনে খাদ্য অসম্পূৰ্ণ বুলিয়েই গণ্য কৰা হয়। প্ৰতিঘৰ ভাৰতীয়ৰ পাকঘৰত দিন-ৰাতিৰ খাদ্যত দাইল প্ৰস্তুত কৰা হয়। এনে পৰিস্থিতিত, মহিলাসকলে সৰহকৈ দাইল আনি ঘৰত সংৰক্ষণ কৰে। কিন্তু দীৰ্ঘদিন ধৰি ঘৰত পৰি থকাৰ বাবে দাইলত পোক লাগিবলৈ ধৰে।অধিক সময় ব্যয় নকৰাকৈ দাইল কিদৰে চাফা আৰু দীৰ্ঘদিনলৈ দাইল কিদৰে সংৰক্ষণ কৰিব পাৰি, আজি জানো আহক-
১) দাইল চাফা কৰিবলৈ সদায় গৰম পানী ব্যৱহাৰ কৰিব। ই দাইলখিনি সহজে পৰিস্কাৰ কৰাৰ লগতে তাত লাগি থকা মাটিবোৰো আঁতৰ কৰাত সহায়ক। তদুপৰি, গৰম পানীৰে দাইল ধোৱাৰ ফলত তাত থকা পোকবোৰো মৰিব।
২) চালনী এখনৰ সহায়ত আপুনি দাইলৰ পৰা পোক-পতংগবোৰ আঁতৰ কৰিব পাৰে। ইয়াত থকা সৰু ছিদ্ৰবোৰৰে পোকবোৰ নিজেই দূৰ হ'ব।যদি আপুনি খৰখেদাকৈ দাইল চাফা কৰিবলৈ বিচাৰে, তেন্তে ই আপোনাৰ বাবে অতি উপযোগী হ'ব।
৩) আপুনি দাইলৰ পৰা শিল গুটি আঁতৰাবলৈ ষ্টীল প্লেট ব্যৱহাৰ কৰিব পাৰে। আপুনি ষ্টীলৰ পাত্ৰত শিলগুটিও দেখিব যাক আপুনি সহজে আঁতৰাব পাৰিব। প্ৰথমে দাইলখিনি প্লেটত ৰাখিব আৰু তাৰ পিছত লাহে লাহে চাফা কৰিব।
৪) দাইলখিনিত যাতে কোনো কাৰণতে পানী নালাগে, তাৰ প্ৰতি সচেতন হ'ব।পানী লাগিলে দাইল সোনকালে নষ্ট হয়।
৫) যদি আপুনি দীঘলীয়া সময়ৰ বাবে দাইল সংৰক্ষণ কৰিব বিচাৰে, এটা জুইশলাৰ বাকচ এখন কাগজত মেৰিয়াই দাইলৰ সৈতে থৈ দিব।
৬) যদি দাইলত অত্যাধিক পোক-পতংগ থাকে, ইয়াক অলপ সময়ৰ বাবে খোলাকৈ সূৰ্যৰ পোহৰত ৰাখিব।তদুপৰি, দাইল সংৰক্ষণ কৰোতে তেজপাত ইয়াত ৰাখিব। তেজপাতৰ গোন্ধে পোক-পতংগ হ্ৰাস কৰিব।
৭) আপুনি দাইলখিনি দীঘলীয়া সময়ৰ বাবে সংৰক্ষণ কৰিবলৈ ইয়াত লং ৰাখিব পাৰে।লঙে পোক-পৰুৱাৰ পৰা দাইলখিনিক সুৰক্ষিত কৰিব।
Also Read: মগু দাইল কিদৰে খাই স্বাস্থ্যকৰ জীৱন লাভ কৰিব পাৰি জানি লওঁক