ভূপৃষ্ঠত বাস কৰা আটাইতকৈ পুৰণি জীৱিত প্ৰাণী হিচাপে বিবেচিত হ’ল কাছ

ছেইণ্ট হেলেনা দ্বীপত জনাথন নামৰ এটা কাছয়ে শেহতীয়াকৈ ১৯১ সংখ্যক জন্মদিন উদযাপন কৰিলে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, ১৮৮২ চনত যেতিয়া এই কাছটো চেচেলছৰ পৰা ছেইণ্ট হেলেনা দ্বীপলৈ অনা হৈছিল, তেতিয়া তাৰ বয়স ৫০ বছৰ আছিল। জনাথনে তাৰ প্ৰজাতি কাছৰ গড় আয়ুস ১৫০ বছৰ অতিক্ৰম কৰিছে।

author-image
Asomiya Pratidin
New Update
ভূপৃষ্ঠত বাস কৰা আটাইতকৈ পুৰণি জীৱিত প্ৰাণী হিচাপে বিবেচিত হ’ল কাছ

ডিজিটেল ডেস্ক: ছেইণ্ট হেলেনা দ্বীপত জনাথন নামৰ এটা কাছয়ে শেহতীয়াকৈ ১৯১ সংখ্যক  জন্মদিন উদযাপন কৰিলে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, ১৮৮২ চনত যেতিয়া এই কাছটো চেচেলছৰ পৰা ছেইণ্ট হেলেনা দ্বীপলৈ অনা হৈছিল, তেতিয়া তাৰ বয়স ৫০ বছৰ আছিল। জনাথনে তাৰ প্ৰজাতি কাছৰ গড় আয়ুস ১৫০ বছৰ অতিক্ৰম কৰিছে।

জনাথনৰ দীৰ্ঘদিনীয়া পশু চিকিৎসক জো হোলিন্সে প্ৰকাশ কৰা মতে, জনাথনে ইতিমধ্যে গোন্ধৰ অনুভূতি হেৰুওৱাৰ লগতে এক প্ৰকাৰ অন্ধ হৈছে।তাক এতিয়া সপ্তাহত এবাৰকৈ ফল আৰু পাচলি খুৱাই থকা হৈছে।এই আহাৰে তাক প্ৰয়োজনীয় ভিটামিন, খনিজ আদি পুষ্টি প্ৰদান কৰে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে জনাথনৰ বিষয়ে শেহতীয়াকৈ তেওঁলোকৰ ইনষ্টাগ্ৰামৰ পৃষ্ঠাত এটা প’ষ্ট কৰিছে।প’ষ্টটোৰ শিৰোনামটোত তেওঁলোকে লেখিছে, ‘ভূপৃষ্ঠত বাস কৰা আটাইতকৈ পুৰণি জীৱিত প্ৰাণী হিচাপে বিবেচিত হ’ল কাছ। জনাথন নামৰ এই কাছটোৰ বয়স ১৯১ বছৰ।’

Also Read: সৰ্বাধিক দাঁত থকা মহিলা হিচাপে বিশ্ব অভিলেখ গঢ়িলে ভাৰতৰ কল্পনাই