মাহেকীয়াৰ কেইদিনত এইদৰে লওঁক ছালৰ যতন

মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। এই সময়ছোৱাত শৰীৰত হৰমনৰ পৰিৱৰ্তনৰ ফলত 'মুড' সলনি হোৱা, ক্ৰেম্প, পিঠিৰ বিষ আদিৰ লগতে ছালত জ্বলা-পোৰা, শুষ্কতা, শালমইনা আদিকে ধৰি বহুত সমস্যাই দেখা দিয়ে। এনে পৰিস্থিতিত, ঋতুস্ৰাৱৰ সময়ত আপুনি ছালৰ সঠিক যত্ন লোৱাটো খুবেই জৰুৰী।

author-image
Asomiya Pratidin
New Update
মাহেকীয়াৰ কেইদিনত এইদৰে লওঁক ছালৰ যতন

ডিজিটেল ডেস্ক: মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। এই সময়ছোৱাত শৰীৰত হৰমনৰ পৰিৱৰ্তনৰ ফলত 'মুড' সলনি হোৱা, ক্ৰেম্প, পিঠিৰ বিষ আদিৰ লগতে ছালত জ্বলা-পোৰা, শুষ্কতা, শালমইনা আদিকে ধৰি বহুত সমস্যাই দেখা দিয়ে। এনে পৰিস্থিতিত, ঋতুস্ৰাৱৰ সময়ত আপুনি ছালৰ সঠিক যত্ন লোৱাটো খুবেই জৰুৰী। ঋতুস্ৰাৱৰ সময়ত ছালৰ কিদৰে গুৰুত্ব ল’ব লাগে, আজি সেই বিষয়ে জানো আহক- 

Advertisment

মেকআপ নকৰিব

ঋতুস্ৰাৱৰ সময়ত ছালখন খুব সোনকালে বিৰক্ত হয়।এই সময়ত যদি আপুনি অত্যাধিক মেকআপ ব্যৱহাৰ কৰে, তেনেহ'লে ছালত সমস্যা হোৱাটো খুবেই স্বাভাৱিক।সেয়েহে, এই দিনকেইটাত আপুনি মেকআপ নকৰাই ভাল আৰু যদি কৰে তেনেহ'লে একেবাৰে প্ৰাকৃতিক মেকআপহে ব্যৱহাৰ কৰিব।তদুপৰি, এই সময়ছোৱাত বহুতো মহিলাৰ ঘামৰ সমস্যা হয়, সেয়েহে ছালৰ ছিদ্ৰবোৰ বন্ধ কৰা একো প্ৰয়োগ নকৰাই ভাল। অন্যথা, ঘাম আৰু মেকআপে আপোনাৰ ছাল ৰুক্ষ কৰি তুলিব।

মালিচ কৰিব

ঋতুস্ৰাৱৰ সময়ত ফুলা সমস্যাটো একেবাৰই স্বাভাৱিক। এই দিনকেইটাত মুখখন অধিক চৰ্বিযুক্ত দেখা যায়। সেয়েহে, এইকেইদিন মুখখন মালিচ কৰাটো খুবেই জৰুৰী। মাহেকীয়াৰ কেইদিন  মুখখন দৈনিক ঘনাই ধুই থাকিব আৰু ভালদৰে চাফা কৰাৰ লগতে ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰিব।

গ্ৰীণ টি বা এল’ভেৰা জেল

যদি আপোনাৰ ছাল তৈলাক্ত, তেন্তে আপুনি ঋতুস্ৰাৱৰ সময়তত এল’ভেৰা বা গ্ৰীণ টি আপোনাৰ ছালত ব্যৱহাৰ কৰিব পাৰে। গ্ৰীণ টিয়ে আপোনাৰ মুখখন ঠাণ্ডা কৰি ৰাখিব। একে সময়তে, এল’ভেৰা জেলে আপোনাৰ ছালখন কোমল তথা সতেজ কৰি ৰখাত সহায় কৰিব।

Also Read: নিখুঁট ছালৰ গৰাকী হ’বলৈ আপুনিও অনুসৰণ এইকেইটা 'বিউটি টিপছ'