এই ঘৰুৱা প্ৰতিকাৰৰে দূৰ কৰক জেঠীৰ সন্ত্ৰাস

জেঠি হয়তো আমাৰ সকলোৰে ঘৰৰে বাসিন্দা। কোনো কোনো সময়ত ইহঁতৰ উৎপাত ইমানেই বেছি হয় যে, ঘৰখনত বাস কৰা সদস্যসকল অসুবিধাত পৰে।বিশেষকৈ, পাকঘৰত জেঠীয়ে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰে।যাৰ বাবে জেঠীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি গৃহিনীসকলে হাহাকাৰ কৰে।

author-image
Asomiya Pratidin
New Update
এই ঘৰুৱা প্ৰতিকাৰৰে দূৰ কৰক জেঠীৰ সন্ত্ৰাস

ডিজিটেল ডেস্ক: জেঠি হয়তো আমাৰ সকলোৰে ঘৰৰে বাসিন্দা। কোনো কোনো সময়ত ইহঁতৰ উৎপাত ইমানেই বেছি হয় যে, ঘৰখনত বাস কৰা সদস্যসকল অসুবিধাত পৰে।বিশেষকৈ, পাকঘৰত জেঠীয়ে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰে।যাৰ বাবে জেঠীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি গৃহিনীসকলে হাহাকাৰ কৰে। পিছে, এতিয়া আৰু এই বিষয়ক লৈ চিন্তাৰ কাৰণ নাই।হয়, ঘৰতে কেতবোৰ উপায় অৱলম্বন কৰি আপুনি জেঠীৰ উৎপাতৰ পৰা বাচি থাকিব পাৰে।আজি সেই বিষয়ে জানো আহক-

Advertisment

জলকীয়াৰ স্প্ৰে 

এই স্প্ৰে তৈয়াৰ কৰিবলৈ আপোনাক কেইবিধমান সামগ্ৰী লাগিব।সেইসমূহ হৈছে, মহ খেদিবলৈ ব্যৱহাৰ কৰা কইল, জলকীয়া, নিমখ আৰু ফিটকিৰি।এই স্প্ৰে তৈয়াৰ কৰিবলৈ আপুনি প্ৰথমে এটা কেৰাহীত অলপ পানী দি উতলাবলৈ দিব। পানীখিনি উতলাৰ লগে লগে ইয়াত ভাঙি ভাঙি কইল, জলকীয়া আৰু ফিটকিৰিখিনি দিয়াৰ পাছত নিমখ মিহলি কৰিব।এই সকলোখিনি ১৫ মিনিটৰ বাবে উতলাই ঠাণ্ডা হ’লে ফিল্টাৰ কৰিব। এতিয়া এইখিনি এটা স্প্ৰে বটলত ভৰাই থৈ জেঠী দেখিলেই স্প্ৰে কৰিব।

নহৰুৰ স্প্ৰে 

নহৰুৰ তীব্ৰ গোন্ধে জেঠীক পাকঘৰৰ পৰা বাহিৰ কৰাত আপোনাক সহায় কৰিব পাৰে। ইয়াৰ বাবে আপুনি নহৰুখিনি ভালদৰে গুৰি কৰি পানীত উতলাই লৈ এটা মিশ্ৰণ তৈয়াৰ কৰিব। তাৰ পিছত ইয়াক এটা স্প্ৰে বটলত ভৰাই সময়ে সময়ে পাকঘৰত স্প্ৰে কৰি থাকিব।

জালুকৰ স্প্ৰে 

ক'লা জালুকৰ স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ পাকঘৰৰ পৰা জেঠী খেদিব পাৰে। ইয়াৰ বাবে আপুনি অলপ পানীত ১ চাহ চামুচ জালুক গুৰি মিহলি কৰি ল’ব।এই পানীখিনি সময়ে ঘৰৰ চুকে-কোণে ছটিয়াই থাকিব। 

কণীৰ বাকলি  

আপুনি ঘৰত থকা জেঠীক খেদিবলৈ কণীৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। জেঠীয়ে কণীৰ বাকলিৰ গোন্ধ সহ্য কৰিব নোৱাৰে। সেয়েহে এইসমূহ সেই ঠাইত ৰাখিব, য'ত জেঠী বেছিকৈ থাকে। 

ৰঙা জলকীয়া আৰু পিয়াজ 

জলকীয়া আৰু পিয়াজ ব্যৱহাৰ কৰিও আপুনি জেঠীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাব পাৰে।ইয়াৰ বাবে আপুনি অলপ ৰঙা জলকীয়া আৰু পিয়াজ একেলগে পিছি এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব।এই মিশ্ৰণটো ৰাতি শুবলৈ যোৱাৰ আগত পাকঘৰৰ চুকে-কোণে ছটিয়াই থ’ব।

Also Read: বজাৰৰ ঔষধ নালাগে, এইসমূহ উপায়ৰে ঘৰৰ পৰা নিগনি খেদাওক