নিগনিৰ আতংকৰ পৰা হাত সৰাৰ সহজ উপায়

নিগনিয়ে এখন ঘৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে, সেয়া হয়তো দোঁহৰাৰ প্ৰয়োজন নাই। ভুলবশতঃ ঘৰলৈ এটা নিগনি আহিলেই সিঁহতে পৰিয়াল বৃদ্ধি কৰি ঘৰখনত একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰে।বহুতেই নিগনিক গণেশৰ অৱতাৰ হিচাপে জ্ঞান কৰে যদিও সিঁহতৰ উৎপাতত অতিষ্ঠও হৈ পৰে।

author-image
Asomiya Pratidin
New Update
নিগনিৰ আতংকৰ পৰা হাত সৰাৰ সহজ উপায়

ডিজিটেল ডেস্ক: নিগনিয়ে এখন ঘৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে, সেয়া হয়তো দোঁহৰাৰ প্ৰয়োজন নাই। ভুলবশতঃ ঘৰলৈ এটা নিগনি আহিলেই সিঁহতে পৰিয়াল বৃদ্ধি কৰি ঘৰখনত একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰে।বহুতেই নিগনিক গণেশৰ অৱতাৰ হিচাপে জ্ঞান কৰে যদিও সিঁহতৰ উৎপাতত অতিষ্ঠও হৈ পৰে।নিগনিৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ অধিকাংশই বজাৰত উপলব্ধ বিভিন্ন ঔষধ ব্যৱহাৰ কৰে। কিন্তু এইসমূহৰ ব্যৱহাৰৰ পিছত নিগনি য'তে ত'তে মৰি ঘৰত দুৰ্গন্ধ বিয়পায়। এনে পৰিস্থিতিত আপুনি কিছুমান ঘৰুৱা উপায়ৰে নিয়নি ঘৰৰ পৰা দূৰ কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-

Advertisment

কণীৰ বাকলি 

আপুনি কণীৰ বাকলি ব্যৱহাৰ কৰি ঘৰৰ পৰা নিগনি খেদিব পাৰে। হয়, ইয়াৰ পৰা ওলোৱা গোন্ধই নিগনি খেদায় সহায় কৰে। ইয়াৰ বাবে আপুনি কণীৰ বাকলি ঘৰৰ চুকে-কোণে থৈ দিব। কণীৰ বাকলি গোন্ধত অতিষ্ঠ হৈ নিগনিয়ে আপোনাৰ ঘৰ ত্যাগ কৰিব।

নহৰু স্প্ৰে 

আপুনি নহৰু ব্যৱহাৰ কৰিও নিগনিৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাব পাৰে।ইয়াৰ বাবে আপুনি  নহৰু গুৰি কৰি এটা স্প্ৰে প্ৰস্তুত কৰিব।এই স্প্ৰেটো ঘৰত সময়ে সময়ে ব্যৱহাৰ কৰিব। 

নেপথেলিন বল 

ঘৰৰ পৰা নিগনি খেদাত নেপথেলিনেও এক অন্যতম ভূমিকা গ্ৰহণ কৰে।এই নেপথেলিনবোৰ ঘৰৰ এনে ঠাইত ৰাখিব, য'ৰ পৰা সিহঁতৰ গোন্ধ গোটেই ঘৰটোত বিয়পি পৰে। নেপথেলিন বলৰ তীব্ৰ গোন্ধত নিগনি অতি সহজেই ঘৰৰ পৰা পলাই পত্ৰং দিব।

পিয়াঁজ 

পিঁয়াজৰ তীব্ৰ গোন্ধেও মিনিটৰ ভিতৰতে নিগনিক আপোনাৰ ঘৰৰ পৰা বাহিৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি ঘৰৰ কোণবোৰত পিঁয়াজৰ বাকলি থৈ দিব।পিয়াজৰ বাকলিৰ গোন্ধত নিগনি খুব সোনকালেই ঘৰৰ পৰা নাইকিয়া হ’ব।

জালুক 

আপুনি জালুকৰ স্প্ৰে ব্যৱহাৰ কৰিও ঘৰৰ পৰা নিগনি খেদিব পাৰে।জালুক গুৰি কৰি তাৰ সৈতে পানী মিহলাই এটা স্প্ৰে প্ৰস্তুত কৰি ঘৰৰ ঠায়ে-ঠায়ে ছটিয়াই দিব। এনে কৰাৰ ফলত অতি সহজেই নিগনিয়ে আপোনাৰ ঘৰ ত্যাগ কৰিব।

লং 

লঙৰ তীব্ৰ গোন্ধেও নিগনি খেদাত সহায় কৰিব পাৰে। ইয়াৰ বাবে ঘৰৰ কোণত লঙৰ গুৰি ছটিয়াই থ'ব। 

ঘৰত বনোৱা স্প্ৰে 

আপুনি নিগনিৰ পৰা পৰিত্ৰাণ পাবলৈ এটা ঘৰত বনোৱা স্প্ৰেও ব্যৱহাৰ কৰিব পাৰে।এই স্প্ৰেৰ বাবে পিঁয়াজ-নহৰুৰ ৰস, লং পাউডাৰ, ডেটল মিহলি কৰিব। ইয়াৰ পিছত, এই স্প্ৰেটো ঘৰত ব্যৱহাৰ কৰিব। 

Also Read: এইকেইটা সহজ উপায়ৰে দূৰ কৰক ফ্ৰীজৰ দুৰ্গন্ধ